ধাই
ধাই বা প্ৰসুতিকা (ইংৰাজী: Midwife) হৈছে এগৰাকী স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পেছাদাৰী ব্যক্তি, যিয়ে প্ৰসৱৰ আগে-পিছে মাতৃ আৰু নৱজাতকৰ যত্ন লয় আৰু ধাইসকলৰ এই বিশেষত্বক প্ৰসুতিবিদ্যা বোলা হয়।
বহু উন্নয়নশীল দেশে ধাত্ৰীসকলৰ প্ৰশিক্ষণৰ বাবে আৰু কেতিয়াবা পৰম্পৰাগত জন্ম পৰিচাৰিকা হিচাপে কাম কৰা সেই লোকসকলৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ধন বিনিয়োগ কৰিছে। আনহাতে ধনৰ নাটনিৰ বাবে বৰ্তমান কিছুমান জৰুৰী প্ৰাথমিক চিকিৎসা সেৱাৰ অভাৱ হোৱাও দেখা যায়। অনুশীলনৰ পৰিসৰধাইগৰাকীক এগৰাকী দায়িত্বশীল আৰু জবাবদিহি পেছাদাৰী হিচাপে স্বীকৃতি দিয়া হয় যিয়ে গৰ্ভাৱস্থা, প্ৰসৱ আৰু প্ৰসৱৰ পিছৰ সময়ছোৱাত প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াবলৈ প্ৰসুতিগৰাকীৰ সৈতে অংশীদাৰিত্বৰে কাম কৰে। মাক আৰু কেঁচুৱাৰো যত্ন লয়। এই যত্নৰ ভিতৰত আছে, প্ৰতিৰোধমূলক ব্যৱস্থা, স্বাভাৱিক জন্মৰ প্ৰসাৰ, মাতৃ আৰু শিশুৰ জটিলতা ধৰা পেলোৱা, চিকিৎসা সেৱা বা অন্যান্য উপযুক্ত সহায় লাভ কৰা, আৰু জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা আদি অন্তৰ্ভুক্ত। স্বাস্থ্য পৰামৰ্শ আৰু শিক্ষাৰ ক্ষেত্ৰত ধাইগৰাকীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে; কেৱল প্ৰসুতিগৰাকীৰ ক্ষেত্ৰতে নহয়, পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। ধাইৰ কৰ্মৰ পৰিসৰ প্ৰসৱ পূৰ্ব শিক্ষা আৰু পিতৃ-মাতৃত্বৰ বাবে প্ৰস্তুতি লগতে গৰ্ভৱতী মহিলাৰ স্বাস্থ্য, যৌন বা প্ৰজনন স্বাস্থ্য, আৰু শিশুৰ যত্নলৈকে বিস্তৃত হ’ব পাৰে। ধাইসকলে ঘৰ, সমাজ, চিকিৎসালয়, ক্লিনিক বা হেল্থ ইউনিটকে ধৰি যিকোনো পৰিৱেশত অনুশীলন কৰিব পাৰে।[1] পুৰুষ ধাত্ৰীসাংস্কৃতিক আৰু ঐতিহাসিক কাৰণত পুৰুষে ধাইৰ কাৰ্য খুব কমেইহে কৰে। প্ৰাচীন গ্ৰীচত ধাইসকলে আইন অনুসৰি নিজেই সন্তান জন্ম দিয়াটো বাধ্যতামূলক আছিল, যাৰ ফলত পুৰুষসকল এই বৃত্তিত জড়িত হ’ব পৰা নাছিল। ১৭ শতিকাত ইউৰোপত কিছুমান বাৰ্বাৰ চাৰ্জনে , যাৰ সকলোৱেই পুৰুষ আৰু প্ৰসুতি বিশেষজ্ঞ আছিল, বিশেষকৈ যিবোৰ জন্মৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ সঁজুলিৰ ব্যৱহাৰৰ প্ৰয়োজন হৈছিল। অৱশেষত ইয়াৰ বিকাশ ঘটি পুৰুষ আৰু মহিলাৰ মাজত পেছাদাৰী বিভাজন হয়; মহিলাসকলে ধাত্ৰী আৰু পুৰুষসকল প্ৰসূতি বিশেষজ্ঞ হৈ পৰে। ধাই হিচাপে কাম কৰা পুৰুষক ধাই (বা পুৰুষ ধাই, যদি তেওঁলোকক বিশেষভাবে চিনাক্ত কৰাৰ প্ৰয়োজন হয়) বা একাউচাৰ (accoucheur) বুলি কোৱা হয়। মাজেমাজে মিদহাজবেণ্ড (midhusband) শব্দটো কৌতুক অৰ্থত ব্যৱহাৰ হয় (ধাইৰ ব্যুৎপত্তিৰ ভুল বুজাবুজিৰ ওপৰত ভিত্তি কৰি) । পূৰ্বৰ শতিকাবোৰত ইংৰাজীত তেওঁলোকক man-midwives বুলি কোৱা হৈছিল।[5] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia