দৰিদ্ৰতাদৰিদ্ৰতা (ইংৰাজী: Poverty) হৈছে এজন ব্যক্তিৰ মৌলিক প্ৰয়োজনীয়তাৰ বাবে পৰ্যাপ্ত ভৌতিক সম্পত্তি বা উপাৰ্জন নোহোৱাৰ স্থিতি।[1] দৰিদ্ৰতাত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উপাদান অন্তৰ্ভুক্ত থাকিব পাৰে।[2] পূৰ্ণ দৰিদ্ৰতা (absolute poverty) হৈছে খাদ্য, কাপোৰ আৰু আশ্ৰয়ৰ দৰে প্ৰাথমিক ব্যক্তিগত প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় উপায়ৰ সম্পূৰ্ণ অভাৱ।[3] পূৰ্ণ দৰিদ্ৰতাৰ সংজ্ঞা ব্যক্তিজনৰ স্থায়ী অৱস্থান বা যুগৰ ভিত্তিত সলনি নহয়। আনহাতে, আপেক্ষিক দৰিদ্ৰতা (relative poverty) হ'ল যেতিয়া এজন ব্যক্তিয়ে আনৰ তুলনাত একে সময় আৰু স্থানত নিম্নতম স্তৰৰ জীৱন ধাৰণৰ মানদণ্ড পূৰণ কৰিব নোৱাৰে। সেয়েহে, আপেক্ষিক দৰিদ্ৰতাৰ সংজ্ঞা এখন দেশৰ পৰা আন এখন দেশলৈ বা এখন সমাজৰ পৰা আন এখনলৈ পৃথক হয়।[4] ২০১৯ চনলৈকে, পৃথিৱীৰ বেছিভাগ লোকে দৰিদ্ৰতাত বাস কৰে: (ক্ৰয় ক্ষমতা সমতা ডলাৰৰ মাপত) ৮৫% লোক প্ৰতিদিনে ৩০ আমেৰিকান ডলাৰতকৈ (প্ৰায় ২,২০০ টকা) কম পৰিমাণত জীৱন নিৰ্বাহ কৰে, দুই-তৃতীয়াংশ ই প্ৰতিদিনে ১০ ডলাৰতকৈ (প্ৰায় ৭৪০ টকা) কম পৰিমাণত জীৱন নিৰ্বাহ কৰে, আৰু ১০% প্ৰতিদিনে ১.৯০ ডলাৰতকৈ (প্ৰায় ১৪০ টকা) কম পৰিমাণত জীৱন নিৰ্বাহ কৰে (অত্যধিক দৰিদ্ৰতা)।[5] বহুতো চৰকাৰ আৰু বেচৰকাৰী সংগঠনে পৰ্যাপ্ত উপাৰ্জন কৰিবলৈ অক্ষম লোকসকলক মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰি দৰিদ্ৰতা হ্ৰাস কৰিবলৈ চেষ্টা কৰে। দুৰ্নীতি, কৰ পৰিহাৰ, ঋণ আৰু ঋণৰ চৰ্ত, স্বাস্থ্য সেৱা আৰু শৈক্ষিক পেছাদাৰীসকলৰ মগজু নিষ্কাশন (brain drain) আদিৰ ফলত এনে সেৱা প্ৰদান কৰাৰ চৰকাৰৰ প্ৰচেষ্টা বাধাগ্ৰস্ত হ'ব পাৰে। মৌলিক প্ৰয়োজনীয়তা অধিক সুলভ কৰাৰ বাবে উপাৰ্জন বৃদ্ধি কৰাৰ ৰণনীতিত সাধাৰণতে সমাজ কল্যাণ, অৰ্থনৈতিক স্বাধীনতা আৰু বিত্তীয় সেৱা প্ৰদান অন্তৰ্ভুক্ত থাকে। আনহাতে, মধ্য-আয়ৰ দেশসমূহৰ আটাইতকৈ দৰিদ্ৰ নাগৰিকসকলে তেওঁলোকৰ দেশৰ বৰ্ধিত সম্পদৰ পৰ্যাপ্ত অংশ লাভ কৰাত যথেষ্ট পৰিমাণে ব্যৰ্থ হৈছে।[6] সংজ্ঞা আৰু ব্যুৎপত্তিদৰিদ্ৰতা শব্দটো পুৰণি (নৰ্মান) ফৰাচী শব্দ poverté (আধুনিক ফৰাচী: pauvreté), লেটিন paupertās pauper (দুখীয়া)ৰ পৰা আহিছে।[7] দৰিদ্ৰতা গঢ় লৈ উঠা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কেইবাটাও সংজ্ঞা দিয়া হয়। সাধাৰণতে দৰিদ্ৰতা এনে এটা অৱস্থা য'ত কোনো ব্যক্তি বা সম্প্ৰদায়ৰ এটা নিৰ্দিষ্ট জীৱন ধাৰণৰ বাবে আৰ্থিক সম্পদ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ। ৰাষ্ট্ৰসংঘ: মৌলিকভাৱে দৰিদ্ৰতা হৈছে পছন্দ আৰু সুযোগৰ অভাৱ যাৰ বাবে মানৱ মৰ্যাদা উলংঘা হয়। ইয়াৰ অৰ্থ হ’ল সমাজত ফলপ্ৰসূভাৱে অংশগ্ৰহণ কৰাৰ মৌলিক ক্ষমতাৰ অভাৱ। এটা পৰিয়ালৰ খোৱা-বোৱা আৰু কাপোৰ পিন্ধাবলৈ পৰ্যাপ্ত নথকা, যাবলৈ স্কুল বা ক্লিনিক নথকা, খাদ্য খেতি কৰিব পৰা মাটি বা জীৱিকাৰ বাবে চাকৰি নথকা, ঋণৰ সুবিধা নথকা আদিয়ে দৰিদ্ৰতা সৃষ্টি কৰে। দৰিদ্ৰতাই ব্যক্তি, পৰিয়াল আৰু সম্প্ৰদায়ক নিৰাপত্তাহীনতা আৰু শক্তিহীনতাত ভোগায়। [8] বিশ্ব বেংক: দৰিদ্ৰতা মানুহৰ মংগলৰ ক্ষেত্ৰত এক বঞ্চনা, আৰু ই বহু মাত্ৰাক সামৰি লৈছে। ইয়াৰ ভিতৰত কম আয় আৰু মৰ্যাদাৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় মৌলিক সামগ্ৰী আৰু সেৱাসমূহ লাভ কৰিব নোৱাৰাটোও অন্তৰ্ভুক্ত। দৰিদ্ৰতাই স্বাস্থ্য আৰু শিক্ষাৰ নিম্ন মাত্ৰা, বিশুদ্ধ পানী আৰু অনাময় ব্যৱস্থাৰ দুৰ্বল সুবিধা, অপৰ্যাপ্ত শাৰীৰিক সুৰক্ষা, অধিকাৰৰ অভাৱ, আৰু নিজৰ জীৱন উন্নত কৰাৰ বাবে পৰ্যাপ্ত ক্ষমতা আৰু সুযোগৰ অভাৱ আদিকো সামৰি লয়।[9] ইউৰোপীয় সংঘ: ইউৰোপীয় সংঘৰ দৰিদ্ৰতাৰ সংজ্ঞা বিশ্বৰ অন্যান্য অঞ্চলৰ সংজ্ঞাতকৈ যথেষ্ট পৃথক। ফলস্বৰূপে ইউৰোপীয় ইউনিয়নৰ দেশসমূহত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰৱৰ্তন কৰা নীতিগত ব্যৱস্থাসমূহ আন ৰাষ্ট্ৰৰ ব্যৱস্থাৰ পৰাও পৃথক। আপেক্ষিক আয়ৰ দৰিদ্ৰতা ৰেখা ব্যৱহাৰ কৰি প্ৰতিখন সদস্য দেশৰ আয়ৰ বিতৰণৰ সৈতে সম্পৰ্কিতভাৱে দৰিদ্ৰতা জুখিব পাৰি। ইউৰোপীয় সংঘৰ আয় আৰু জীৱন-যাপনৰ অৱস্থাৰ জৰীপ (Survey of Income and Living Conditions (EU-SILC)) ব্যৱহাৰ কৰি সদস্য দেশৰ পৰিসংখ্যাৰ সমন্বয়, সংগ্ৰহ আৰু প্ৰচাৰৰ দায়িত্বত থকা ইউৰোপীয় ইউনিয়নত আপেক্ষিক আয়ৰ দৰিদ্ৰতাৰ হাৰ সংকলন কৰে।[10] জোখ-মাপপৰম দৰিদ্ৰতাপ্ৰায়ে ‘পৰম দৰিদ্ৰতা’ বা ‘অতি দৰিদ্ৰতা’ৰ সমাৰ্থক নিৰপেক্ষ দৰিদ্ৰতাই এনে এটা নিৰ্দিষ্ট মানদণ্ডক বুজায় যিটো সময়ৰ লগে লগে আৰু দেশৰ মাজত সামঞ্জস্যপূৰ্ণ। এই নিৰ্ধাৰিত মানদণ্ডই সাধাৰণতে "খাদ্য, বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা, স্বাস্থ্য, আশ্ৰয়, শিক্ষা আৰু তথ্যকে ধৰি মৌলিক মানৱ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব নোৱাৰা এটা অৱস্থা বুজায়। ই কেৱল আয়ৰ ওপৰত নহয়, সেৱাৰ সুবিধাৰ ওপৰতো নিৰ্ভৰ কৰে।"[11][12][13]দৰিদ্ৰ সীমাৰেখাৰ তলৰ আয় থকা কোনো লোক যাৰ মৌলিক প্ৰয়োজন খিনি পূৰ কৰাৰো সক্ষমতা নাথাকে তাক প্ৰাথমিক দৰিদ্ৰতা বুলিও কোৱা হয়। এনে জীৱন ধাৰণৰ মানদণ্ড পূৰণৰ বাবে ১৯৯০ চনত প্ৰথমবাৰৰ বাবে "এদিনত এক ডলাৰ (ডলাৰ এ ডে)" দৰিদ্ৰ সীমাৰেখা প্ৰৱৰ্তন কৰা হৈছিল। যিবোৰ ৰাষ্ট্ৰই আমেৰিকান ডলাৰক মুদ্ৰা হিচাপে ব্যৱহাৰ নকৰে, সেইবোৰৰ বাবে "দিনটোত ডলাৰ"ৰ অৰ্থ হ'ল বিনিময় হাৰৰ দ্বাৰা নিৰ্ধাৰিত স্থানীয় মুদ্ৰাৰ সমতুল্য পৰিমাণতকৈ এদিনৰ উপাৰ্জন কম।[14] এই কাৰকটো ক্ৰয় ক্ষমতাৰ সমতা (purchasing power parity) হাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ক্ৰয় ক্ষমতাৰ সমতাৰ দ্বাৰা আমেৰিকাত ডলাৰে কিনিব পৰা একেবোৰ বস্তু কিনিবলৈ কিমান স্থানীয় মুদ্ৰাৰ প্ৰয়োজন সেয়া বিচাৰ কৰা হয়। সাধাৰণতে, ইয়াৰ অৰ্থ হ'ব বিনিময় হাৰ ব্যৱহাৰ কৰাতকৈ কম স্থানীয় মুদ্ৰা। ১৯৯৩ চনৰ পৰা ২০০৫ চনলৈকে বিশ্ব বেংকে ১৯৯৩ চনৰ আমেৰিকান ডলাৰৰ সৈতে মুদ্ৰাস্ফীতিৰ সামঞ্জস্য স্থাপন কৰাৰ পিছত এনে ক্ৰয় ক্ষমতা সমতা ভিত্তিত প্ৰতিদিনে ১.০৮ ডলাৰ বুলি নিৰপেক্ষ দৰিদ্ৰতাক সংজ্ঞায়িত কৰিছিল। [15] এটা নিৰ্দিষ্ট ডলাৰৰ পৰিমাণ ব্যৱহাৰ নকৰাকৈ চৰম দৰিদ্ৰতাৰ অন্যভাৱেও সংজ্ঞা নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে আয়ৰ ৮০% তকৈ অধিক খাদ্যৰ বাবে ব্যয় কৰাৰ বিপৰীতে নূন্যতম কেলৰি গ্ৰহণৰ ৮০% তকৈ কম লাভ কৰাকো বুলি চৰম দৰিদ্ৰতা মানদণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। এই স্তৰক কেতিয়াবা অতি দৰিদ্ৰতা বুলিও কোৱা হয়।[16] আপেক্ষিক দৰিদ্ৰতাআপেক্ষিক দৰিদ্ৰতা (Relative poverty)ৰ দ্বাৰা দৰিদ্ৰতাক সামাজিকভাৱে সংজ্ঞায়িত আৰু সামাজিক প্ৰেক্ষাপটৰ ওপৰত নিৰ্ভৰশীল বুলি গণ্য কৰা হয়। ইয়াৰ মূল কাৰণ হ'ল মৌলিক বুলি বিবেচিত মানুহৰ প্ৰয়োজনীয়তাসমূহ কোনো বস্তুনিষ্ঠ পৰিমাপ নহয়।[17][18] এই দৰিদ্ৰতা সমাজৰ ৰীতি-নীতিৰ লগত সলনি হ’ব পাৰে।[19][17]উদাহৰণস্বৰূপে, মুকলি পথাৰত সৰু তম্বু এটা তৰি থকা আৰু তাতোকৈ ভালকৈ ঘৰ এটাত থকাৰ অৰ্থনৈতিক সামৰ্থ্য নথকা এজন ব্যক্তিক সেই অঞ্চলৰ প্ৰায় সকলোৱে আধুনিক ইটাৰ ঘৰত থাকিলে আপেক্ষিক দৰিদ্ৰতাত কটোৱা বুলি গণ্য কৰা হয়। কিন্তু সেই অঞ্চলৰ বাকী সকলোৱেও যদি মুকলি পথাৰৰ সৰু তম্বুত থাকে (উদাহৰণস্বৰূপে, যাযাবৰী জনগোষ্ঠীত) তেন্তে ব্যক্তিজন আপেক্ষিকভাৱে দৰিদ্ৰ নহয় বুলি ধৰা হয়। গৌণ দৰিদ্ৰতাগৌণ দৰিদ্ৰতা (Secondary poverty)ই সেইসকল লোকক সামৰি লয় যাৰ আয় অনুসৰি পোনেই দৰিদ্ৰ সীমাৰেখাৰ তলত স্থান নাপায়, কিন্তু তেওঁলোকে নিজৰ উপাৰ্জন অপ্ৰয়োজনীয় আনন্দ, যেনে মদ্যপানৰ বাবে ব্যয় কৰে, যাৰ ফলত কাৰ্যক্ষেত্ৰত তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামি যায়।[20] গৌণ দৰিদ্ৰতাত অৰিহণা যোগোৱা কাৰকসমূহৰ ভিতৰত আছে: মদ, জুৱা, ধঁপাত আৰু ড্ৰাগছ। দ্ৰব্যৰ অপব্যৱহাৰ (Substance abuse)ৰ অৰ্থ হ'ল দৰিদ্ৰসকলে সাধাৰণতে তেওঁলোকৰ আয়ৰ প্ৰায় ২% নিজৰ সন্তানক শিক্ষা দিয়াৰ বাবে ব্যয় কৰে কিন্তু অধিক শতাংশ মদ আৰু ধঁপাত (উদাহৰণস্বৰূপে, ইণ্ডোনেছিয়াত ৬% আৰু মেক্সিকোত ৮%) খৰচ কৰে।[21] বিশ্বব্যাপী প্ৰাদুৰ্ভাৱচেন আৰু ৰাভালিয়নৰ মতে উন্নয়নশীল দেশসমূহৰ প্ৰায় ১.৭৬ বিলিয়ন লোকে প্ৰতিদিনে ১.২৫ ডলাৰৰ ওপৰত আৰু ১.৯ বিলিয়ন লোকে প্ৰতিদিনে ১.২৫ ডলাৰৰ তলত জীৱন কটায়। ২০০৫ চনত উন্নয়নশীল বিশ্বৰ প্ৰায় ৪.০৯ বিলিয়ন লোকে প্ৰতিদিনে ১.২৫ ডলাৰৰ ওপৰত আৰু ১.৪ বিলিয়ন লোকে প্ৰতিদিনে ১.২৫ ডলাৰৰ তলত আয় কৰি জীৱন নিৰ্বাহ কৰিছিল (১৯৮১ আৰু ২০০৫ চনৰ দুয়োটা তথ্য মুদ্ৰাস্ফীতি সমন্বিত ভিত্তিত)।[22] নিৰপেক্ষ দৰিদ্ৰতাত জীৱন কটোৱা বিশ্বৰ জনসংখ্যাৰ অংশ ১৯৮১ চনত ৪৩%ৰ পৰা ২০১১ চনত ১৪%লৈ হ্ৰাস পায়।[23]১৯৮১ চনত বিশ্বৰ দৰিদ্ৰ লোকৰ মুঠ সংখ্যা ১.৯৫ বিলিয়নৰ পৰা ২০১১ চনত ১.০১ বিলিয়নলৈ হ্ৰাস পাইছে।[24] অৰ্থনীতিবিদ মেক্স ৰ’জাৰে সেয়ে অনুমান কৰিছে যে দৰিদ্ৰ লোকৰ মোটামুটি সংখ্যা ২০০ বছৰৰ আগৰ সৈতে প্ৰায় একে।[25] ২০১২ চনৰ তথ্য অনুসৰি, দিনটোত ১.২৫ ডলাৰৰ দৰিদ্ৰ সীমাৰেখা ব্যৱহাৰ কৰিলে দেখা যায় যে বিশ্বৰ ১.২ বিলিয়ন লোকে দৰিদ্ৰতাত জীৱন কটায়।[26] তথ্য সংগ্ৰহ
|