বহনক্ষম উন্নয়নবহনক্ষম উন্নয়ন (ইংৰাজী: Sustainable development) বিকাশ আৰু মানৱ উন্নয়নৰ এনে এক পদ্ধতি, যিয়ে ভৱিষ্যত প্ৰজন্মই নিজৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতাৰ সৈতে আপোচ কৰিব নলগাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লক্ষ্য ৰাখে।[1][2] ইয়াৰ লক্ষ্য হৈছে এনে এখন সমাজ গঢ়ি তোলা, য'ত জীৱন-যাপনৰ ব্যৱস্থা আৰু সম্পদ আহৰণে গোলকীয় অখণ্ডতাক ক্ষতিগ্ৰস্ত নকৰাকৈ মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰে।[3][4] বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে অৰ্থনীতি, পৰিৱেশ, আৰু সামাজিক কল্যাণৰ প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা। ১৯৮৭ চনত ব্ৰুণ্ডটলেণ্ড প্ৰতিবেদনে বহনক্ষম উন্নয়নৰ ধাৰণাটোক অধিক পৰিচিত কৰাত সহায় কৰিছিল। বহনক্ষম উন্নয়নৰ ওপৰতে বহনক্ষমতাৰ ধাৰণাটো সোমাই থাকে, যিটো এটা নীতিগত ধাৰণা। ইউনেস্কোৱে দুয়োটা ধাৰণাৰে মাজত এটা পাৰ্থক্য তলত দিয়া ধৰণে প্ৰণয়ন কৰিছিল: "বহনক্ষমতাক প্ৰায়ে দীৰ্ঘম্যাদী লক্ষ্য হিচাপে (অৰ্থাৎ অধিক বহনক্ষম পৃথিৱী বুলি) ভবা হয়, আনহাতে বহনক্ষম উন্নয়নে ইয়াক লাভ কৰাৰ বহুতো প্ৰক্ৰিয়া আৰু পথক বুজায়।" [5] এই ধাৰণাৰ সৈতে বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ কিছুমান সমস্যা। কিছুমান পণ্ডিতে ইয়াক বিৰোধাভাসৰ অলংকাৰ বুলি কয়, কাৰণ তেওঁলোকৰ মতে উন্নয়ন স্বাভাৱিকতে অস্থায়ী। এতিয়ালৈকে যি অগ্ৰগতিৰ অভাৱত আন মন্তব্যকাৰীসকল হতাশ হৈছে।[6][7] এই সমস্যাটোৰ এটা অংশ হ'ল, উন্নয়নৰ সংজ্ঞাই অবিচলভাবে নিৰ্ধাৰিত হোৱা নাই।[8] ১৯৯২ চনত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা গোলকীয় সন্মিলনত আৰম্ভ হোৱা ৰিঅ’ প্ৰক্ৰিয়াই বহনক্ষম উন্নয়নৰ ধাৰণাটোক আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীত স্থান দিছে। ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA) ২০৩০ চনৰ বাবে বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰে। বহনক্ষম উন্নয়নৰ সংজ্ঞা১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন আয়োগে আমাৰ সাধাৰণ ভৱিষ্যতৰ প্ৰতিবেদন প্ৰকাশ কৰে, যাক সাধাৰণতে ব্ৰুণ্ডটলেণ্ড প্ৰতিবেদন বুলি কোৱা হয়।[1] এই প্ৰতিবেদনত "বহনক্ষম উন্নয়ন"ৰ সংজ্ঞা অন্তৰ্ভুক্ত কৰা হৈছিল, যিটো এতিয়া বহুলভাৱে ব্যৱহাৰ কৰা হৈছে:[1][9] ভৱিষ্যত প্ৰজন্মই নিজৰ প্ৰয়োজন পূৰণৰ ক্ষমতাক আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰি কৰা উন্নয়নেই হ’ল বহনক্ষম উন্নয়ন। ইয়াৰ ভিতৰত দুটা মূল ধাৰণা আছে:-
বহনক্ষমতাৰ অৰ্থদীৰ্ঘদিন ধৰি পৃথিৱীত মানুহৰ সহ-অৱস্থানৰ বাবে বহনক্ষমতা এক সামাজিক লক্ষ্য। এই শব্দটোৰ সংজ্ঞা বিতৰ্কিত আৰু সাহিত্য, প্ৰসংগ আৰু সময়ৰ লগে লগে ইয়াৰ ৰূপৰ ভিন্নতা দেখা যায়।[11][10] বহনক্ষমতাৰ সাধাৰণতে তিনিটা মাত্ৰা (বা স্তম্ভ) থাকে: পৰিৱেশ, অৰ্থনৈতিক আৰু সামাজিক।[10] বহুতো সংজ্ঞাই পৰিৱেশৰ মাত্ৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[12] ইয়াৰ ভিতৰত জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতিকে ধৰি পৰিৱেশৰ মূল সমস্যাসমূহ সমাধান কৰাও অন্তৰ্ভুক্ত হ’ব পাৰে। বহনক্ষমতাৰ ধাৰণাটোৱে বিশ্ব, ৰাষ্ট্ৰীয় আৰু ব্যক্তিগত পৰ্যায়ত সিদ্ধান্ত গ্ৰহণৰ পথ প্ৰদৰ্শক হ'ব পাৰে।[13] ইয়াৰ সৈতে জড়িত এটা ধাৰণা হ'ল, বহনক্ষম উন্নয়ন আৰু এই শব্দবোৰৰ অৰ্থ প্ৰায়ে একেটা কথাৰ বাবে ব্যৱহাৰ কৰা হয়।[14] ইউনেস্কোৱে দুয়োটাকে এনেদৰে পৃথকৰূপে ব্যৱহাৰ কৰে:- "বহনক্ষমতাক প্ৰায়ে দীৰ্ঘম্যাদী লক্ষ্য হিচাপে (অৰ্থাৎ অধিক বহনক্ষম পৃথিৱী) ভবা হয়; আনহাতে বহনক্ষম উন্নয়নে ইয়াক লাভ কৰাৰ বহুতো প্ৰক্ৰিয়া আৰু পথক বুজায়।" [15] ধাৰণাটোৰ বিকাশবহনক্ষম উন্নয়নৰ শিপা বহনক্ষম বন ব্যৱস্থাপনা সম্পৰ্কীয় ধাৰণাসমূহৰ পৰাই আছে, যিবোৰ ইউৰোপত ১৭ আৰু ১৮ শতিকাৰ সময়ছোৱাত বিকশিত হৈছিল।[16][17][18] ইংলেণ্ডত কাঠৰ সম্পদৰ অভাৱৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা সচেতনতাৰ প্ৰতি সঁহাৰি জনাইজন ইভেলিনে ১৬৬২ চনত লিখা চিলভা ৰচনাত যুক্তি দিছিল যে, "গছৰ বীজ সিঁচা আৰু পুলি ৰোপণ কৰাটো প্ৰতিজন মাটিৰ মালিকৰ জাতীয় কৰ্তব্য হিচাপে গণ্য কৰিব লাগে, যাতে প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা শোষণৰ দৰে ধ্বংসাত্মক কামবোৰ বন্ধ কৰিব পৰা যায়।" ১৭১৩ চনত চেক্সনৰ প্ৰথম নিৰ্বাচক ফ্ৰেডেৰিক অগাষ্টাছৰ সেৱাত থকা জ্যেষ্ঠ খনন প্ৰশাসক হান্স কাৰ্ল ভন কাৰ্লোভিচে বনজ সম্পদৰ ওপৰত ৪০০ পৃষ্ঠাৰ চিলভিকালচাৰা ইক’ন’মিক্স(Sylvicultura economics) প্ৰকাশ কৰে। ইভেলিন আৰু ফ্ৰান্সৰ মন্ত্ৰী জাঁ-বেপ্টিষ্ট কলবাৰ্টৰ ধাৰণাসমূহৰ ওপৰত নিৰ্ভৰ কৰি ভন কাৰ্লোভিচে স্থায়ী উৎপাদনৰ বাবে বনাঞ্চল পৰিচালনাৰ ধাৰণাটো বিকশিত কৰে।[16] তেওঁৰ এই কামে আলেকজেণ্ডাৰ ভন হামবল্ড আৰু জৰ্জ লুডৱিগ হাৰ্টিগকে ধৰি আন আন লোকক প্ৰভাৱিত কৰিছিল আৰু শেষত বন বিজ্ঞানৰ বিকাশ ঘটাইছিল। ইয়াৰ ফলত আমেৰিকাৰ বন সেৱাৰ প্ৰথম মুৰব্বী গিফৰ্ড পিনচট, যাৰ বন ব্যৱস্থাপনাৰ দৃষ্টিভংগী সম্পদৰ সুচিন্তিত ব্যৱহাৰৰ ধাৰণাটোৰ দ্বাৰা পৰিচালিত আছিল আৰু আলডো লিওপল্ডৰ দৰে লোকক প্ৰভাৱিত কৰিছিল, যাৰ ভূমি নীতিয়ে ১৯৬০ চনৰ পৰিৱেশ আন্দোলনৰ বিকাশত প্ৰভাৱ পেলাইছিল।[16][17] ১৯৬২ চনত ৰেচেল কাৰ্ছনৰ চাইলেণ্ট স্প্ৰিং প্ৰকাশৰ পিছত উন্নয়নশীল পৰিৱেশ আন্দোলনে অৰ্থনৈতিক বৃদ্ধি আৰু পৰিৱেশৰ অৱক্ষয়ৰ মাজৰ সম্পৰ্কৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। ১৯৬৬ চনত কেনেথ ই ব'ল্ডিঙে তেওঁৰ প্ৰভাৱশালী ৰচনা দ্য ইকনমিক্স অৱ দ্য কামিং স্পেচশ্বিপ আৰ্থত অৰ্থনৈতিক ব্যৱস্থাটোৱে সীমিত সম্পদৰ পুলৰ সৈতে পৰিৱেশ ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তা চিনাক্ত কৰিছিল।[17] এই সম্পৰ্কে আন এক মাইলৰ খুঁটি আছিল ১৯৬৮ চনত গেৰেট হাৰ্ডিনে লিখা প্ৰবন্ধ যিয়ে "ট্ৰেজেডী অৱ দা কমনছ্" শব্দটোক জনপ্ৰিয় কৰি তুলিছিল।[19] সমসাময়িক অৰ্থত বহনক্ষমতা আৰু উন্নয়নৰ প্ৰত্যক্ষ সংযোগ ১৯৭০ চনৰ আৰম্ভণিৰ পৰাই ধৰিব পাৰি। ১৯৭২ চনত আৰ্নষ্ট বাছলাৰৰ "ষ্ট্ৰেটেজি অৱ প্ৰগ্ৰেছ" নামৰ এখন গ্ৰন্থ(জাৰ্মান ভাষাৰ)ত ব্যাখ্যা কৰা হৈছিল যে, বনাঞ্চল সংৰক্ষণৰ দীৰ্ঘদিনীয়া স্বীকৃতিপ্ৰাপ্ত বহনক্ষমতাৰ ধাৰণাটো ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন ধৰি ৰাখিবলৈ কিদৰে কাঠ উৎপাদনৰ বাবে পৰিৱেশৰ সম্পদ সংৰক্ষণৰ বহল গুৰুত্বলৈ প্ৰত্যক্ষভাৱে স্থানান্তৰিত কৰিব পাৰি।[20] সেই বছৰতে বৃদ্ধিৰ সীমাৰ ওপৰত ক্লাছিক প্ৰতিবেদনত ৰিপৰ্ট কৰা এটা চিষ্টেম ডাইনামিক চিমুলেচন মডেলত পৰিৱেশ আৰু উন্নয়নৰ আন্তঃসম্পৰ্ক আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰা হৈছিল। এইটো ক্লাৱ অৱ ৰোমৰ নিৰ্দেশত কৰা হৈছিল আৰু লিখিছিল মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ ডেনিছ আৰু ডনেলা মিড’ছৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে। বাঞ্ছনীয় "গোলকীয় ভাৰসাম্যৰ অৱস্থা"ৰ বৰ্ণনা কৰি লেখকসকলে লিখিছে: "আমি এনে এটা আৰ্হি উৎপাদন বিচাৰিছোঁ যিয়ে এনে এক বিশ্ব ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিব, যি হঠাতে আৰু অনিয়ন্ত্ৰিত পতন নোহোৱাকৈ বহনক্ষম আৰু ইয়াৰ সকলো মানুহৰ মৌলিক বস্তুগত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম।" [21] ১৯৭২ চনত এ ব্লুপ্ৰিণ্ট ফৰ চাৰ্ভাইভেল নামৰ প্ৰভাৱশালী গ্ৰন্থখনো প্ৰকাশ পায়।[22][23] ১৯৭৫ চনত এম আই টিৰ এটা গৱেষণা গোটে আমেৰিকাৰ কংগ্ৰেছৰ বাবে "বৃদ্ধি আৰু ভৱিষ্যতৰ বাবে ইয়াৰ প্ৰভাৱ"ৰ ওপৰত দহ দিনৰ শুনানি প্ৰস্তুত কৰে, যিটো বহনক্ষম উন্নয়নৰ ওপৰত অনুষ্ঠিত হোৱা প্ৰথম শুনানি আছিল।[24] ১৯৮০ চনত আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই বিশ্ব সংৰক্ষণ কৌশল প্ৰকাশ কৰে, য'ত বহনক্ষম উন্নয়নক বিশ্বব্যাপী অগ্ৰাধিকাৰ হিচাপে প্ৰথম উল্লেখসমূহৰ ভিতৰত এটা অন্তৰ্ভুক্ত কৰা হয়[25] আৰু "বহনক্ষম উন্নয়ন" শব্দটো প্ৰৱৰ্তন কৰে।[26] দুবছৰৰ পিছত ৰাষ্ট্ৰসংঘৰ বিশ্ব প্ৰকৃতিৰ চনদত সংৰক্ষণৰ পাঁচটা নীতি উত্থাপন কৰা হয়, যাৰ দ্বাৰা প্ৰকৃতিক প্ৰভাৱিত কৰা মানুহৰ আচৰণক নিৰ্দেশনা আৰু বিচাৰ কৰা হ'ব বুলি থিৰাং কৰা হয়।[27] ব্ৰুণ্টলেণ্ড প্ৰতিবেদনৰ পিছৰ পৰা বহনক্ষম উন্নয়নৰ ধাৰণাটোক প্ৰাৰম্ভিক আন্তঃপ্ৰজন্মৰ কাঠামোৰ বাহিৰত বিকশিত হৈ "সামাজিকভাৱে অন্তৰ্ভুক্ত আৰু পৰিৱেশগতভাৱে বহনক্ষম অৰ্থনৈতিক বৃদ্ধি"ৰ লক্ষ্যত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।[26] ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনে বিশ্ব চনদ প্ৰকাশ কৰে, যিয়ে একবিংশ শতিকাত এখন ন্যায়সংগত, বহনক্ষম আৰু শান্তিপূৰ্ণ বিশ্ব সমাজ গঢ়ি তোলাৰ ৰূপৰেখা দাঙি ধৰে। বহনক্ষম উন্নয়নৰ বাবে কাৰ্য পৰিকল্পনা ২১ নং কাৰ্যসূচীয়ে তথ্য, সংহতি আৰু অংশগ্ৰহণক মূল বিল্ডিং ব্লক হিচাপে চিনাক্ত কৰিছিল, যাতে দেশসমূহে এই আন্তঃনিৰ্ভৰশীল স্তম্ভসমূহক স্বীকৃতি দিয়া উন্নয়ন লাভ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ২১ নং কাৰ্যসূচীয়ে গুৰুত্ব আৰোপ কৰে যে, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ অংশগ্ৰহণ বহনক্ষম উন্নয়ন লাভৰ বাবে এক মৌলিক পূৰ্বচৰ্ত।[28] ৰিঅ’ প্ৰট’কল আছিল এক বৃহৎ জাঁপ: প্ৰথমবাৰৰ বাবে বিশ্বই বহনক্ষমতাৰ এজেণ্ডাত একমত হৈছিল। দৰাচলতে সুনিৰ্দিষ্ট লক্ষ্য আৰু কাৰ্যকৰী সবিশেষক অৱহেলা কৰি বিশ্বব্যাপী একমতৰ সুবিধা লাভ কৰা হৈছিল। বহনক্ষম উন্নয়ন লক্ষ্য(এছডিজি)ৰ এতিয়া সুনিৰ্দিষ্ট লক্ষ্য আছে (ৰিঅ' প্ৰক্ৰিয়াৰ ফলাফলৰ দৰে নহয়) কিন্তু নিষেধাজ্ঞাৰ কোনো পদ্ধতি নাই।[29][8] তথ্যসূত্ৰ
|