দেৰাডুন
বাণিজ্যকম জনবহুল আৰু শিক্ষানুষ্ঠানেৰে ভৰপুৰ চহৰ খনৰ প্ৰতিজন নাগৰিকৰ মুঠ জনমূৰী আয় $২৪০০।[উদ্ধৃতিৰ প্ৰয়োজন] দেৰাডুন চহৰখন চ'ফ্টৱেৰ প্ৰাদ্যোগিক পাৰ্ক স্থাপনৰ পিচৰ পৰা বাণিজ্যক আৰু তথ্য প্ৰযুক্তিৰ মুল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্টীয় ৰাজধানী আৰু চহৰখনৰ মাজৰ চাৰি লাইন যুক্ত ৰাষ্টীয় ঘাইপথ নিৰ্মানৰ পিছত চহৰখনৰ বাণিজ্য আৰু উন্নত হব বুলি আশা কৰা হৈছে। পৰ্যটনপৰ্যটন ক্ষেত্ৰ হিচাপে টাপকেশ্বৰ মন্দিৰ, মালচি হৰিন পাৰ্ক, চেন্টেল ব্ৰেইল প্ৰেচ, ৱাদিয়া হিমালয়ান ভূ-তত্ব প্ৰতিষ্ঠান, মচুৰি আদি বিখ্যাত। ক্ৰীড়া পৰ্যটন হিচাপে মহাৰানা প্ৰতাপ ক্ৰীড়া কমপ্লেক্সত ভাৰতৰ প্ৰথমটো বৰফত খেলা ষ্টেডিয়াম আছে।[উদ্ধৃতিৰ প্ৰয়োজন] যাতায়তবিমান, ৰেল আৰু বাছ এই তিনিও ধৰনৰ যাতায়তৰ সূ-ব্যৱস্থা আছে। এয়াৰ ইন্ডিয়া, স্পাইচ জেট আৰু জেট এয়াৰৱেজে নিয়মীয়া যাাত্ৰা কৰে। দেৰাডুনত ৰেলৱে ষ্টেচন খনেই হল উত্তৰাখণ্ডৰ শেষ ৰেল ষ্টেচন। এই ৰেল ষ্টেচনৰ পৰা নিয়মিতভাৱে দিল্লী, মুম্বাই কলিকতা, লক্ষ্ণৌ, তিৰুবন্থপুৰম, ভদোদৰা আৰু বাৰাণসীলৈ নিক্ষমিত ভাবে ৰেল চলাচল কৰে। তাৰোপৰি দিল্লী আৰু দেৰাডুনৰ মাজত জন শতাব্দী এক্সপ্ৰেচ আৰু কেইবাখনো দ্ৰুতবেগী ৰেল চলাচল কৰে। সংস্কৃতিদেৰাডুন অঞ্চলখন গৰহাল ক্ষেত্ৰত পৰা বাবে গৰহাল সংস্কৃতিৰ প্ৰভাৱ বেছি। তথ্য সংগ্ৰহ
|