থিয়েটাৰ সূৰ্য্য অসমৰ এক নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ২০১৫ চনত সৰ্থেবাৰীত এই থিয়েটাৰৰ জন্ম দিয়ে মুনীন্দ্ৰ বৰ্মনে। বিশাল আয়োজনেৰে ২০১৫-১৬ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত নৱ সংযোজন ঘটা থিয়েটাৰ সূৰ্য্যই।
ব্যয়বহুল প্ৰযোজনাৰে ভ্ৰাম্যমাণৰ জগতত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে থিয়েটাৰ সূৰ্য্য। ২০১৫-১৬ বৰ্ষত অভিনীত নাট্যদলটোৰ প্ৰধান অভিনেতা-অভিনেত্ৰী সকল হৈছে - তপন দাস, চিন্ময় কটকী, ৰাজকুমাৰ, দেৱীস্মীতা আৰু ভ্ৰান্তি মেধি। ২০১৬-১৭ নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰা।
নাটকৰ সূচী
বৰ্ষ
|
নাটক
|
নাট্যকাৰ
|
অভিনয়ত
|
২০১৫–১৬
|
আৰ্মি
|
অভিজিৎ ভট্টাচাৰ্য
|
তপন দাস, ৰাজকুমাৰ, ভ্ৰান্তি মেধি, চিন্ময় কটকী আদি।
|
ভগৱান
|
দণ্ডনায়ক
|
সেৱাব্ৰত বৰুৱা
|
২০১৬–১৭
|
ত্যাজ্যপুত্ৰ
|
অভিজিৎ ভট্টাচাৰ্য
|
যতীন বৰা, ভ্ৰান্তি মেধি, চিন্ময় কটকী আদি।
|
ব'ডিগাৰ্ড
|
মন্ত্ৰী মহোদয়
|
২০১৭–১৮
|
মহানায়ক
|
অভিজিৎ ভট্টাচাৰ্য
|
যতীন বৰা, ইতি ফুকন, মৃদুল ভূঞা আদি।
|
ককাদেউতা নাতি আৰু হাতী
|
দাদাগিৰি
|
২০১৮–১৯
|
মৰমৰ সদাগৰ
|
অভিজিৎ ভট্টাচাৰ্য
|
উৎপল দাস, মুনমী ফুকন, সঞ্জীৱ শৰ্মা আদি।
|
এজনী বোৱাৰীৰ মৃত্যু
|
কলিজা
|
২০১৯–২০
|
মাফিয়া কৰ্ণ
|
অভিজিৎ ভট্টাচাৰ্য
|
সঞ্জীৱ শৰ্মা, দেৱস্ৰী দাস, মৃদুল ভূঞা আদি।
|
ইমান মৰম কিয় লাগে
|
মহাৰণ
|
মৃদুল চুতীয়া
|
২০২২–২৩
|
মই সেন্দুৰ নলওঁ
|
অভিজিৎ ভট্টাচাৰ্য
|
সঞ্জীৱ শৰ্মা, দেৱস্ৰী দাস আদি।
|
শকুন্তলা
|
পৰশুৰামৰ প্ৰেয়সী
|
প্ৰশান্ত মেনা
|
২০২৩–২৪
|
ফুলশয্যাত জুই
|
অভিজিৎ ভট্টাচাৰ্য
|
মৃদুল ভূঞা, পল্লৱী ফুকন আদি।
|
মোৰ কেঁচুৱাই কান্দিছে
|
কাৰাগাৰত কলিজা
|
প্ৰশান্ত মেনা
|
বাহ্যিক সংযোগ
তথ্য সংগ্ৰহ