ডিমৌ
শিৱসাগৰ জিলাৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত চহৰ তথা ৰাজহ চক্ৰ ডিমৌ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজেদি পাৰহৈ যোৱা ডিমৌৰ মাজমজিয়া হৈছে ডিমৌ চাৰিআলি।[1] সমীপৰ ঠাই চৰগুৱাত আহোমসকলে ৰাজধানী পাতিছিল। চৰগুৱাৰ দক্ষিণে যোৱা পথটো, হাৰি লোকৰ এগৰাকী ৰূপ-লাৱণ্যময়ী দীপলিপ কন্যাক স্বৰ্গদেউ গোপীনাথ সিংহই বিয়া কৰাই আনিছিল বাবেই সেই পথটোৰ নাম হাৰি পৰা আলি নামে জনাজাত। যিটোৰে বৰ্তমান ডিমৌ চাৰিআলিৰ পৰা আঠাবাৰী, কৃষ্ণবিহাৰী, গড়গাঁৱলৈ যাব পাৰি। শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ পথতে ডিমৌৰ মাজেৰে অতিক্ৰম কৰি গৈছে আলুন বৰবৰুৱা পথ। সেই আলুন বৰবৰুৱা পথ বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৰূপান্তৰিত কৰা হৈছে। আলুন বৰবৰুৱা আৰু হাৰিপৰা আলিৰ সংযোগস্থলেই ডিমৌ চাৰিআলি।[2]৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে চুই যোৱা ঠাইখিনি ইয়াৰ চৌপাশৰ গাঁও আৰু চাহ বাগানসমূহৰ ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা,খেলা-ধূলা,কাৰ্যালয়, চিকিৎসা,আদি বহু ক্ষেত্ৰত কেন্দ্ৰস্থল।[1] ডিমৌ নামৰ উৎপত্তিডিমৌ নামৰ উৎপত্তি সম্পৰ্কে কেবাটাও মত আছে। ডিমৌ বড়ো আৰু টাই আহোম ভাষাৰ মিশ্ৰিত এটা যৌগিক শব্দ। বড়োমূলীয়া 'ডি' শব্দই পানী বা নৈ বুজায়। 'মৌ'ৰ আহোমৰ অৰ্থ হৈছে মাটিৰ চৰু বা পাত্ৰ। ডিমৌ শব্দৰ অৰ্থ হৈছে মাটিৰ পাত্ৰ তৈয়াৰৰ বাবে ভাল মাটি থকা নৈৰ গৰা। মঙ্গোলিয় প্ৰজাতিৰ জনগোষ্ঠীসকলে নদীৰ পাৰত বাস কৰি ভাল পাইছিল। সেয়ে শিৱসাগৰ জিলাৰ দিচাং নদীৰ উত্তৰ পাৰে দিহিঙলৈ মৰাণসকলে আৰু দক্ষিণ-পশ্চিমে বৰাহী আৰু কছাৰী বড়োসকলে বসতি কৰিছিল। তেওঁলোকে নিজে বাস কৰা অঞ্চলবোৰক নিজস্ব বৈশিষ্ট্যৰে নামকৰণ কৰাটো বৈশিষ্ট্য আছিল। সেই দিশৰ পৰা চালে দেখা যায় যে 'ডিমৌ' নামৰ জান বা সুঁতিৰ পৰাই এই নামটো দিয়া হৈছে।[2] ভৌগোলিক বিৱৰণ
অৰ্থনৈতিক গুৰুত্বজন গাঁথনিডিমৌ চাৰিআলিৰ জনগাঁথনিৰ ফালৰ পৰা এখন ক্ষুদ্ৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে বস-বাস কৰি আহিছে। আহোম,কোঁচ, কলিতা, মাৰোৱাৰী, বঙালী, বিহাৰী, মুছলমান,দেউৰী, মিচিং,চাহ জনগোষ্ঠী,হৰিজন,কৈবৰ্ত, ব্ৰাহ্মণ আদি সকলো সম্প্ৰদায়ৰ লোক আছে।[2] প্ৰশাসনিক গাঁথনি৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক লম্বভাৱে ছেদ কৰি যোৱা নিতাইপুখুৰী আৰু আঠাবাৰী ৰাস্তাই ঠাইখনক চাৰিটা চুকত বিভক্ত কৰিছে।
এই চাৰিটা মৌজাৰে ডিমৌ এটা বৃহৎ ৰাজহ চক্ৰ। ডিমৌ ৰাজহ চক্ৰত বিশখন পঞ্চায়ত আছে। উল্লেখযোগ্য শিক্ষানুষ্ঠানসমগ্ৰ ডিমৌ অঞ্চলত অনেক শিক্ষানুষ্ঠান আছে।[1][2]
ইত্যাদি। উল্লেখযোগ্য অন্যান্য দিশ
অন্যান্যতথ্য সংগ্ৰহ |
Portal di Ensiklopedia Dunia