টি. এ. সৰস্বতী আম্মা
টেকাথ আমায়ানকট্টুকুৰুচ্চি কালাথিল সৰস্বতী (ইংৰাজী: Tekkath Amayankottukurussi Kalathil Sarasvati) চমুকৈ টি. এ. সৰস্বতী আম্মা (জন্ম: ২৬ ডিচেম্বৰ ১৯১৮[1] – ১৫ আগষ্ট ২০০০)[2] এগৰাকী ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালাক্কাড় জিলাৰ চেৰপুলাচ্চেৰীত। তেখেতে গণিতৰ ইতিহাস আৰু সংস্কৃতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি থৈ গৈছে। কিতাপখনৰ নাম -প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতত জ্যামিতি।[2] সংক্ষিপ্ত জীৱনসৰস্বতী আম্মাৰ জন্ম হৈছিল কেৰালাৰ পালাকাড় জিলাৰ চেৰপুলাচেৰীত। তেখেত আছিল মাতৃ কুটিমালু আম্মা আৰু পিতৃ মাৰাথ আচুথা মেননৰ দ্বিতীয়টো সন্তান।[2] তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা গণিত আৰু পদাৰ্থ বিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে গৱেষণা কৰে ভি. ৰাঘৱনৰ অধীনত। তেওঁ আছিল এজন সংস্কৃত পণ্ডিত। সৰস্বতী আম্মাই শ্ৰী কেৰালা বাৰ্মা মহাবিদ্যালয়, ত্ৰিশূৰ, মহাৰাজ কলেজ, আৰ্নেকুলাম আৰু ৰাঁচীৰ মহিলা কলেজত পঢ়াইছিল। তেখেতে ঝাৰখণ্ডৰ ধানবাদত থকা শ্ৰী শ্ৰী নাৰায়ণ ন্যাস মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে ১৯৭৩ চনৰ পৰা ১৯৮০ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰৰ পাছত তেখেতে নিজৰ গৃহ চহৰ অট্টাপালামত অতিবাহিত কৰে।[2] ২০০০ চনৰ ১৫ আগষ্টৰ দিনা তেখেতে মৃত্যুক সাবটি লয়। তেখেতৰ কনিষ্ঠ ভগ্নী টি. এ. ৰাজালক্ষ্মী মালায়ালম ভাষাৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ আৰু ঔপন্যাসিক। কিন্তু ১৯৬৫ চনত তেখেতে আত্মহত্যা কৰিছিল।[2] স্বীকৃতি আৰু সন্মান২০০২ চনত কেৰালা গাণিতিক সমাজে তেওঁলোকৰ বাৰ্ষিক সন্মিলনীতপ্ৰফেছাৰ টি. এ. সৰস্বতী আম্মা স্মাৰক বক্তৃতা শীৰ্ষক এক নিয়মীয়া বক্তৃতাৰ আৰম্ভ কৰে।[2][3] মিচ্ছিউ ইয়ানু- যিগৰাকীয়ে সৰস্বতী আম্মাৰ প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতত জ্যামিতি শীৰ্ষক গ্ৰন্থখন পৰ্যালোচনা কৰিছিল, কৈছিল যে-"কিতাপখনে ভাৰতীয় জ্যামিতি অধ্যয়নৰ বাবে এক শক্তিশালী ভেটি নিৰ্মাণ কৰিছে। "[4] তেখেতৰ গ্ৰন্থ প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতত জ্যামিতিত ভাৰতৰ সংস্কৃত, প্ৰাকৃত বৈজ্ঞানিক, আৰু অৰ্ধ-বৈজ্ঞানিক সাহিত্য সম্বন্ধীয় জৰীপ সন্নিৱিষ্ট কৰা হৈছে। বৈদিক সাহিত্যৰ পৰা তেখেতে আৰম্ভ কৰিছে আৰু সোতৰ শতিকাৰ প্ৰাৰম্ভিক পৰ্যায়ত শেষ কৰিছে। বৈদিক সাহিত্যৰ বিষয়ে তেখেতে সুগভীৰ আলোচনা আগবঢ়াইছে য'ত জৈন আনুশাসনিক কৰ্মত গণিতৰ অংশীদাৰিত্ব, হিন্দু সিদ্ধান্তৰ সম্পৰ্কে মন্তব্য কৰা হৈছে। আৰ্যভট্ট-প্ৰথম আৰু দ্বিতীয়, ভাস্কৰ প্ৰথম আৰু দ্বিতীয়, পৰমেশ্বৰ, নীলকণ্ঠ, সংগামাগ্ৰম মাধৱৰ জ্যামিতিৰ ক্ষেত্ৰখনলৈ বৰঙনিৰ বিষয়েও তেখেতে আলোকপাত কৰিছে। গণিতজ্ঞ মহাবীৰ, শ্ৰীধৰ, নাৰায়ণ পণ্ডিত, বাক্সালী পাণ্ডুলিপিৰ বিষয়েও অধ্যয়ন কৰা হৈছে। এই কৰ্মখিনিৰ দ্বাৰা পূৰ্বৰ এক মতবাদক প্ৰত্যাহ্বান জনাব বিচৰা হৈছিল য'ত কোৱা হৈছিল যে ভাৰতৰ গাণিতিক জিনিয়াছ মূলত বীজগণিত আৰু গণনাৰ দ্বাৰা অৱদমিত হৈ আছিল; প্ৰমাণ তথা পক্ষপাতিত্বহীনতাক তেওঁলোকে বৰ্জন কৰিছিল। সেইসময়ত আনকি ভাৰতত এখন বিদ্যালয়ো আছিল য'ত বীজগণিতীয় ফলাফলক জ্যামিতিৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল।[5] নিৰ্বাচিত প্ৰকাশনকিতাপ
গৱেষণাপত্ৰ
তথ্যসংগ্ৰহ
|
Portal di Ensiklopedia Dunia