জয় দাস
জয় দাস (ইংৰাজী: Joy Das) হৈছে অসমৰ এগৰাকী প্ৰবীণ ভাস্কৰ্যশিল্পী। তেওঁ তেজপুৰ, কলিবাৰী ৰ বাসিন্দা আছিল। ১৯৬৯ চনতেই শিল্পকৰ্ম আৰম্ভ কৰা জয় দাসে ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত থকা বহুকেইটা উল্লেখযোগ্য মূৰ্তি, তোৰণ আদি নিৰ্মাণ কৰিছে। পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই তেখেত ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত হৈছিল। তেখেতৰ শিল্প-কৰ্মৰ ভিতৰত তেজপুৰৰ অগ্নিগড়ত থকা ঊষা-চিত্ৰলেখাৰ মূৰ্তি, তেজপুৰ-নগাঁও সংযোগী কলিয়াভোমোৰা সেতু সাতভনীৰ মূৰ্তি, মিছন চাৰিআলিৰ মাজত থকা ট্ৰেফিক পইণ্টৰ ভাস্কৰ্য, মহাভৈৰৱ মন্দিৰৰ নৱনিৰ্মিত তোৰণ আদি উল্লেখযোগ্য।[1] [2] ২০২১ চনৰ ২৫ জুলাই তাৰিখে জয় চন্দ্ৰ দাসে পুৱা গা ধুই থকা অৱস্থাত পিচলি পৰে আৰু আঘাতপ্ৰাপ্ত হয়। পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। জন্ম আৰু শৈশৱজয় দাসৰ জন্ম হৈছিল ১৯৫৩ চনত। দুৰ্গা পূজাৰ নৱমীৰ দিনা। তেখেতৰ পিতৃ হৈছে স্বৰ্গীয় কোমল চন্দ্ৰ দাস আৰু মাতৃ হৈছে কণমাই দাস। তেওঁলোকৰ পৰিয়ালৰ চাৰিটি সন্তানৰ মাজত জয় দাস আছিল দ্বিতীয়। তেখেতৰ পঢ়াশালীয়া শিক্ষাৰ পাতনি মেলে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। সেই সময়তে তেখেত ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত হয়।[1] কৰ্মজীৱনতেজপুৰৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী স্বৰ্গীয় লম্বোদৰ হাজৰিকাদেৱক জয় দাসে গুৰু হিচাপে গণ্য কৰি শিল্পকৰ্মত জড়িত হৈছিল। ১৯৬১ চনত গুৰু লম্বোদৰ হাজৰিকাই জয় দাসক পোনপ্ৰথমবাৰৰ বাবে দুৰ্গাৰ মূৰ্ত্তিত ভাস্কৰ্য বিদ্যাৰ শিক্ষা দিয়ে। তাৰ ঠিক আঠবছৰৰ পিছত, ১৯৬৯ চনত জয় দাসে নিজা প্ৰয়াসেৰে মূৰ্তি সাজিবলৈ আৰম্ভ কৰে। সেইসময়ত তেখেত নৱম মানৰ ছাত্ৰ আছিল। সেই সময়ত জয় দাসৰ পিতৃয়ে নটসূৰ্য ফণী শৰ্মাৰ ঘৰত আধি খেতি কৰিছিল। শিল্পী ফণী শৰ্মাৰ আৰ্থিক দুৰ্বলতা তেওঁৰ দৃষ্টিগোচৰ হৈছিল। সেয়েহে পুত্ৰ জয় দাস শিল্পকলাৰ প্ৰতি আকৃষ্ট হোৱাটো তেওঁ সমৰ্থন কৰা নাছিল। কিন্তু জয় দাসে গুৰু লম্বোদৰ হাজৰিকাৰ অধীনত সহকাৰী হিচাপে শিল্পকৰ্ম অব্যাহত ৰাখে। তেজপুৰ চহৰৰ ত্ৰিবেণী চিত্ৰগৃহত লম্বোদৰ হাজৰিকাই সাজি উলিওৱা বিহুৱা নাচনীৰ মূৰ্তিত জয় দাসে সহকাৰী হিচাপে কাম কৰিছিল। হাজিৰা হিচাপে তেখেতে ৭০ টকা লাভ কৰিছিল। পৰৱৰ্তী সময়ত জয় দাসে স্বতন্ত্ৰভাৱে ভাস্কৰ্য শিল্পত মনোযোগ দিয়ে। [1] ঊষা-চিত্ৰলেখাৰ মূৰ্তিঊষা-চিত্ৰলেখাৰ মূৰ্তিটোত জয় দাসে জনগোষ্ঠীয় ৰূপ দিবলৈ প্ৰয়াস কৰিছিল। মূৰ্তি নিৰ্মাণ কৰিবৰ বাবে তেখেতৰ ওচৰত কোনোধৰণৰ চিত্ৰ নথকাৰ বাবে মূৰ্তিটো সম্পূৰ্ণ কল্পনাভিত্তিক আছিল। তেখেতে চিত্ৰলেখাৰ মুখত সুখ-দুখৰ এক প্ৰতিচ্ছবি ফুটাই তুলিবলৈ চেষ্টা কৰে।[1] ট্ৰেফিক পইণ্টৰ ভাস্কৰ্যমিছন চাৰিআলিৰ মাজত থকা ট্ৰেফিক পইণ্টটো যান-বাহনৰ মাজত থাকিব বাবে তেখেতে এটা খুঁটাৰ ভিতৰত অইন এটা খুঁটা দি ছাতিসদৃশ ভাস্কৰ্য নিৰ্মাণ কৰিছিল। [1] নাট্য জগততজয় দাসে তেজপুৰৰ বাণ থিয়েটাৰ হলত ভক্ত প্ৰহ্লাদ নামৰ শিশু নাটকখন মঞ্চস্থ কৰে। নাটকখন জয় দাসেই লিখিছিল। নাটখনত তেখেতে নৰসিংহৰ ৰূপত অভিনয়ো কৰে। জয় দাসে একাধিক নাটকৰ গীত ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা গীতসমূহৰে জাহ্নৱী গংগা নামৰ অডিঅ' কেছেটটো সমৃদ্ধ হৈছে। নবৈ দশকৰ এটি জনপ্ৰিয় গীত আকাশৰে গংগা মই জাহ্নৱী গংগাৰ ৰচনা জয় দাসৰ। তেখেতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছিল।[1] উল্লেখযোগ্য কৰ্ম
তথ্য উৎস
|
Portal di Ensiklopedia Dunia