চৈতেলী গোৱা
পৰম্পৰাৰ উৎসপ্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত শিষ্যসকলে ভিক্ষা কৰি প্ৰাপ্ত ভিক্ষা গুৰুদক্ষিণা হিচাপে গুৰুক আনি দিয়াৰ ব্যৱস্থা আছিল৷ বৌদ্ধধৰ্মীয় শিক্ষা ব্যৱস্থাতো শিক্ষা শেষ হোৱাৰ পাছত সদলবলে ওলাই গৈ “ভিক্ষাং দেহি’’, “কল্যাণামাস্তু ভৱ’’ আদি ধ্বনি দি বৌদ্ধ বিহাৰৰ শিষ্যসকলে ভিক্ষা কৰে৷ অৱশ্যে ইয়াৰ মাজত এটা পাৰ্থক্য আছে, বৌদ্ধ বিহাৰত শিষ্যসকলক গাৰ্হস্থ্য ধৰ্মৰ পৰা আঁতৰি থকাৰ শিক্ষা দিয়া হয় আৰু টোলসমূহত আন শিক্ষাৰ লগতে গাৰ্হস্থ্য শিক্ষাও দিয়া হয়৷ সময়ৰ পৰিৱৰ্তনৰ ফলত এই ভিক্ষা কাৰ্যৰ কিছু পৰিৱৰ্তন হৈছে৷ [3] উৎস যিয়েই নহওক, দক্ষিণ কামৰূপৰ ঠায়ে ঠায়ে এতিয়াও চৈতেলী নাম গোৱা হয়৷ অৱশ্যে ইয়াত ছাত্ৰসকলৰ ঠাইত আন জনসাধাৰণে চ’ত মাহত ’গহইঘৰ’ৰ সম্মুখত নাগেৰা, তাল আদি বজাই চৈতেলী নাম পাতে৷[4] পৰম্পৰাপুৰণি অসমত টোলসমূহত বছৰৰ আৰম্ভণিতে শিক্ষাবৰ্ষ আৰম্ভ হয় আৰু বছৰৰ শেষভাগত শেষ হয়৷ গোটেই বছৰ গুৰুৰ টোলত থাকি শিক্ষাগ্ৰহণ কৰাৰ পিছত, ফাগুন আৰু চ’তৰ সংক্ৰান্তি অৰ্থাৎ দোমাহীৰ দিনাৰ পৰা চ’তৰ আঠ দিন যোৱালৈকে প্ৰতিখন টোলৰ পৰাই ছাত্ৰসকলে বিভিন্ন গাঁৱত গৈ ঘৰে ঘৰে শ্লোক গাই বা নাম গাই পইচা সংগ্ৰহ কৰে৷ ছাত্ৰসকলৰ সুন্দৰ শ্লোক-নাম শুনি গৃহস্থসকলে আনন্দমনে পইচা দান কৰে৷ ছাত্ৰসকলে গোৱা এটা শ্লোকৰ উদাহৰণ, “ অচ্যুতং কেশৱং বিষ্ণু হৰিং সতং জনাৰ্দনং৷৷ হংসং নাৰায়ণঞ্চৈৱ বিষ্ণোৰ্ণামাষ্টকং শুভম্৷৷ চৈতেলীত গোৱা নামবোৰ ঠাইভেদে নাগাৰা নাম, দগৰৰ নাম, পালনাম, বীৰনাম, চৈতেলী নাম আদি নামেৰে জনা যায়৷ এনেদৰে ছাত্ৰসকলে নানা অৰ্থবহ শ্লোক আৰু নাম গাই গৃহস্থৰ চোতালে চোতালে আশীৰ্বাদ দি ফুৰে৷ পিছত সংগৃহীত ধন টোললৈ আহি গুৰুক অৰ্পণ কৰে৷ গুৰুৱে এই ধনৰ এভাগ নিজলৈ ৰাখি বাকীখিনিৰে ছাত্ৰসকলক এটা ভোজ খুৱাই শিক্ষাবৰ্ষৰ সামৰণি মাৰি শিষ্যসকলক বিদায় দিয়ে৷ বৰ্তমান সময়ত শিষ্যসকলৰ আৰ্হিত দুলড়ী, লেছাৰী, ঝুনা, ছবি আদিৰ সহায়ত গঞালোকে এই চৈতেলী গোৱা প্ৰথা জীয়াই ৰাখিছে৷ তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia