চি. বি. মুথাম্মা
চনিৰা বেল্লিয়াপ্পা মুথাম্মা চমুকৈ চি. বি. মুথাম্মা (ইংৰাজী: Chonira Belliappa Muthamma; ২৪ জানুৱাৰী ১৯২৪ – ১৪ অক্টোবৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগে আয়োজন কৰা ভাৰতীয় অসামৰিক সেৱা পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী মহিলা আৰু ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰা তেওঁ প্ৰথম গৰাকী মহিলা। ইয়াৰ লগতে তেওঁ প্ৰথম ভাৰতীয় মহিলা কূটনীতিবিদ। পিছলৈ তেওঁ ৰাষ্ট্ৰদূত পৰ্যায় লাভ কৰে ৰে আৰু প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত হিচাপে পৰিগণিত হয়। তেওঁ ভাৰতীয় অসামৰিক সেৱাত লিংগ সমতাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত।[1][2][3][4] প্ৰাৰম্ভিক জীৱন১৯২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে কুৰ্গৰ বিৰাজপেটত চনিৰা বেল্লিয়াপ্পা মুথাম্মাৰ জন্ম হৈছিল।[5] তেওঁৰ পিতৃ এগৰাকী ভাৰতীয় বন সেৱাৰ বিষয়া আছিল। তেওঁৰ ন বছৰ বয়সতে পিতৃৰ মৃত্যু হোৱাত তেওঁৰ মাতৃয়ে চাৰিগৰাকী সন্তানক সুশিক্ষা প্ৰদান কৰাত ব্ৰতী হৈছিল।[6][7] মুথাম্মায়ে মেডিকেৰীত অৱস্থিত চেইণ্ট জোচেফছ্ ছোৱালী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পিছত মাদ্ৰাজৰ খ্ৰীষ্টান মহিলা কলেজত নামভৰ্তি কৰিছিল। ইয়াৰ পৰা তেওঁ তিনিটা সোণৰ পদক লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ চেন্নাইৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[8] কৰ্মজীৱনতেওঁ ১৯৪৮ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা। তেওঁ ভাৰতীয় বৈদেশিক সেৱাত প্ৰাৰ্থী সমূহৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছিল আৰু ১৯৪৯ চনত তেওঁ ৰী সেৱাত যোগদান কৰে।[6][7] তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত চাকৰিৰ পৰা অব্যাহতি লব বুলি শপতনামা চহী কৰাৰ পিছত হে চাকৰিত যোগদান কৰিব পাৰিছিল।[3] প্ৰথমে তেওঁক ফ্ৰান্সৰ পেৰিছত অৱস্থিত ভাৰতীয় দূতাবাসত নিযুক্তি দিয়া হৈছিল।[6] তেওঁ কূটনীতিবিদ হিচাপে ম্যানমাৰৰ ৰেংগুন, যুক্তৰাজ্যৰ লণ্ডনত চাকৰি কৰিছিল। ইয়াৰ লগতে তেওঁ দিল্লীত অৱস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানৰ ডেস্কত কৰ্মৰত আছিল।[7] ১৯৭০ চনত তেওঁ হাংগেৰীৰে ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ লগে লগে তেওঁ প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত হিচাপে পৰিগণিত হ'ল। তাৰপিছত তেওঁ ঘানা আৰু নেদাৰলেণ্ডৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে সেৱা আগবঢ়াইছিল।[4][8] ১৯৮২ চনত সুদীৰ্ঘ ৩২ বছৰ কাল বৈদেশিক সেৱাত সেৱা আগবঢ়োৱাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। লিংগ সমতাতেওঁ ভাৰতীয় অসামৰিক সেৱাত লিংগ সমতাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। সেইসময়ত মহিলা সকলে কৰ্মক্ষেত্ৰত হেয়জ্ঞান কৰা হৈছিল আৰু উচ্চ পদৱী সমূহত সাধাৰণতে মহিলাক নিযুক্তি দিয়া নহৈছিল। প্ৰথমে উপযুক্ত প্ৰাৰ্থী হোৱাৰ পিছতো তেওঁক ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ত সচিব পদ দিয়া হোৱা নাছিল। সময়মতে পদোন্নতি লাভ নকৰাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ লগে লগে ভাৰত চৰকাৰে তেওঁক প্ৰাপ্য পদোন্নতি প্ৰদান কৰে যদিও উচ্চতম ন্যায়ালয়ত উক্ত বিষয়ত শুনানি জাৰি থাকে। ১৯৭৯ চনত ন্যায়াধীশ ভি. আৰ. কৃষ্ণ আয়াৰৰ অধ্যক্ষতাৰ তিনিগৰাকী ন্যায়াধীশৰ পীঠে এই বিষয়ত ঐতিহাসিক ৰায় প্ৰদান কৰে। এই ৰায়ত ন্যায়ালয়ে কৰ্মক্ষেত্ৰত থকা সকলো ধৰণৰ বৈষম্যতা দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বৈদেশিক সেৱাৰ মহিলা বিষয়া সকলে বিবাহৰ বাবে চৰকাৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰে। অন্যান্য কৰ্মৰাজিঅৱসৰৰ পিছত মুথাম্মা ছুইডেনৰ প্ৰধানমন্ত্ৰী ৱল্ফ পাল্মৰ আহ্বানত প্ৰতিষ্ঠা হোৱা ইনডিপেনডেণ্ট কমিচন অন ডিছআৰ্মমেণ্ট এণ্ড চিকিউৰিটি ইছ্যুছৰে ভাৰতীয় সদস্য হিচাপে মনোনীত হয়। ২০০৩ চনত বিবেক ফাউণ্ডেচনে তেওঁৰ প্ৰবন্ধ সংকলন শ্লাইন বাই দা চিষ্টেম প্ৰকাশ কৰে।[9] তেওঁ দা এচেন্সিয়েলছ অফ কডাভ কুকবুক নামেৰে কডাভ জাতিৰ খাদ্য বিষয়ক কিতাপৰ সহ লেখিকা আছিল।[5][7] তেওঁ এক বুজন অংশৰ ব্যক্তিগত মাটি দান কৰিছে। তেওঁ দিল্লীৰ প্ৰায় ১৫ একৰ মাটি মিছনেৰীছ অফ চেৰিটিক অনাথ সকলৰ বাবে বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে দান কৰিছিল।[10] মৃত্যুৰ সপ্তাহত তেওঁ গণিকাপুল উচ্চমাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাল স্থাপনৰ বাবে আৰু বিৰাজপেটত এখন ব্যৱসায় ব্যৱস্থাপনা মহাবিদ্যালয়ৰ অট্টালিকাৰ বাবে দান আগবঢ়াইছিল।[10] মৃত্যু২০০৯ চনৰ ১৪ অক্টোবৰ তাৰিখে বেংগালুৰুৰ এক ব্যক্তিগত চিকিৎসালয়ত ৮৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[4][5][8][11] তথ্য উৎস
|
Portal di Ensiklopedia Dunia