চিহ্ন-যাত্ৰাচিহ্ন-যাত্ৰা গুৰু-চৰিত কথামতে জ্ঞাত শংকৰদেৱৰ দ্বাৰা ৰচিত এখনি নাট৷ নাটখনি অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই৷ তুলাপাতত সপ্ত বৈকুণ্ঠৰ চিত্ৰ আঁকি দেখুওৱাৰ পিছত ভক্ত-ৰাইজৰ আগ্ৰহত তেওঁ সেই চিত্ৰৰ কাহিনী অভিনয় কৰি দেখুৱাইছিল৷ চিহ্নমতে অভিনয় কৰিছিল বাবেই নাটখনিৰ নাম চিহ্নযাত্ৰা৷ চিহ্ন-যাত্ৰাৰ সূত্ৰপাতশংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা অহাৰ পাছত ভাগৱতৰ দশম স্কন্ধ পাঠ কৰোঁতে বাৰ-ভূঞা সমন্বিতে শ্ৰোতা-ভকতে প্ৰাৰ্থনা কৰিলে, “গোপ গুপি জে কৃষ্ণ দেখালে আমাৰো কৃষ্ণ তুমি [চাবৰ] ইচা গৈচে দেখোৱা জক’’৷[1] অৰ্থাৎ ভাগৱতৰ কাহিনী মুখেৰে বৰ্ণনা কৰা শংকৰদেৱক তেওঁলোকে বৈকুণ্ঠৰ কাহিনী অভিনয় কৰি দেখুৱালৈ খাটনি ধৰিছিল৷ গুৰু-চৰিত মতে এনেকৈয়ে চিহ্ন-যাত্ৰা নাটৰ সূত্ৰপাত ঘটে৷ চিহ্নৰ অভিনয় কৰিছিল বাবেই নাটখনিৰ নাম চিহ্ন-যাত্ৰা৷[2] নাটখনিত কৃষ্ণৰ জন্মৰ সময়ৰ পৰা বৈকুণ্ঠ-প্ৰয়াণলৈকে সকলো কথা বৰ্ণা কৰা হৈছিল৷ নাটখনি সংলাপবিহীন আছিল আৰু সাতদিন-সাতৰাতি ইয়াৰ অভিনয় চলিছিল৷[3] প্ৰস্তুতিচন্দৰী আইৰ ভূমিকাশংকৰদেৱে ভকতসকলক দেখুৱাবলৈ তুলাপাতত সপ্ত বৈকুণ্ঠৰ ছবি আঁকি শেষ কৰোঁতে, কল্পতৰু বৃক্ষজোপা নেদেখি চন্দৰী আই আগবাঢ়ি আহি বৃক্ষজোপা দিবলগীয়া ঠাইডোখৰ দেখুৱাই দিছিল৷ “ডেকাগিৰি, সেইখিনিতে নিদিয়া কিয়, শ্ৰীমন্দিৰ কাখে সপ্তম দ্বাৰ আগকৈ’’৷[1] ভাৱৰীয়াসকলবৈকুণ্ঠৰ চিহ্ন চাই শংকৰদেৱে এখনি সৰু নাটিকা লিখিলে৷ “নটুৱা শিখায়া মুখা বন্ধ কৰি চৌ নিৰ্ম্মিলা।” ৰামৰাম গুৰু সূত্ৰধাৰ হল, সৰ্ব্বজয় আতৈয়ে গৰুড়ৰ মুখা পিন্ধি ভাও দিলে, শঙ্কৰে নিজে নটা খোল একেলগে বজাই কৌতুক কৰিলে৷[4] গীত-ৰাগ-বাদ্যশংকৰদেৱে বায়ু মণ্ডলীৰ ৰাগ দি নাট আৰম্ভ কৰি নাট ধেমালি, ছোট ধেমালি, বৰ ধেমালিৰ বাজনা বজাই সকলোকে আনন্দ দিলে। তাৰ পাচত শঙ্কৰদেৱে চিত্ৰ-বিচিত্ৰ কাচোনেৰে সাজি-কাচি নানা অঙ্গী-ভঙ্গী কৰি নৃত্য কৰিবলৈ ধৰিলে। তেওঁৰ লগত আন আন নটুৱা-বিলাকেও নৃত্য কৰিছিল।[4] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia