চিপকো আন্দোলনচিপকো আন্দোলন ( হিন্দী: चिपको आन्दोलन) ভাৰতৰ এক বন সংৰক্ষণ আন্দোলন। বাণিজ্যিকভাৱে কাঠ কটা আৰু বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত চৰকাৰৰ নীতিৰ বিৰোধিতা কৰি ১৯৭০ চনত প্ৰতিবাদকাৰীসকলে বাহু মেলি গছক সাৱটি ধৰিছিল যাতে গছ কাটিব নোৱাৰি।[1] বৰ্তমানৰ সমাজবাদৰ উৰ্দ্ধত ইয়াক ক্ৰমান্বয়ে ইক’ফেমিনিষ্ট আন্দোলন হিচাপে গণ্য কৰা হৈছে। এই আন্দোলনৰ বহু নেতা পুৰুষ আছিল যদিও মহিলাসকল ইয়াৰ মেৰুদণ্ডই নহয়, ইয়াৰ মূল ভেটিও আছিল, কাৰণ অবাধ বনাঞ্চল ধ্বংসৰ ফলত তেওঁলোকেই আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল,[2] যাৰ ফলত খৰি আৰু খাদ্যৰ লগতে খোৱা আৰু জলসিঞ্চনৰ বাবে পানীৰ অভাৱ হৈছিল। বছৰ বছৰ ধৰি তেওঁলোক চিপকো আন্দোলনৰ অধীনত সংঘটিত হোৱা বনানীকৰণৰ কামৰ সৰহভাগতে প্ৰাথমিক অংশীদাৰ হৈ পৰিছিল।[3][4][5] ১৯৮৭ চনত চিপকো আন্দোলনে "ভাৰতৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিৱেশগতভাৱে সুস্থ ব্যৱহাৰৰ প্ৰতি নিষ্ঠাৰ বাবে" ৰাইট লাইভলিহুড্ বঁটা লাভ কৰে।[6] প্ৰেক্ষাপটকৰণ সিং আৰু জ্যোতি কুমাৰী আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১৯৬৪ চনত গান্ধীবাদী সমাজকৰ্মী চণ্ডী প্ৰসাদ ভট্টে চামোলী গোপেশ্বৰত বনাঞ্চলৰ সম্পদ ব্যৱহাৰ কৰি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ উদ্দেশ্যেৰে দশোলি গ্ৰাম স্বৰাজ্য সংঘৰ ("গাওঁ আত্মশাসনৰ বাবে দশোলি সমাজ") প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ প্ৰথম প্ৰকল্পটো আছিল স্থানীয়ভাৱে ব্যৱহাৰৰ উদ্দেশ্যে খেতিৰ সঁজুলি নিৰ্মাণ কৰা এখন সৰু প্ৰতিষ্ঠান মুকলি কৰা। পিছলৈ আশীৰ দশকত মূল দশৌলি গ্ৰাম স্বৰাজ্য সংঘ (DGSS)ৰ পৰা ইয়াৰ নাম DGSM লৈ সলনি কৰা হয়। এই পৰিপ্ৰেক্ষিতত তেওঁলোকে নিষিদ্ধ বন নীতিৰ সন্মুখীন হ'বলগীয়া হৈছিল, ঔপনিৱেশিক যুগৰে পৰা প্ৰচলিত নীতি, লগতে "ঠিকাদাৰ ব্যৱস্থা"ৰ সন্মুখীন হ'বলগীয়া হৈছিল, য'ত এই বনভূমিৰ খণ্ডবোৰ পণ্য ৰূপত নিলাম কৰা হৈছিল। এই নিলামত অংশগ্ৰহণ কৰা সমভূমিৰ পৰা অহা ডাঙৰ ঠিকাদাৰসকলে নিজৰ নিজৰ দক্ষ আৰু অৰ্ধ-দক্ষ শ্ৰমিকক লগত লৈ আহিছিল, ফলত পাহাৰীয়া স্থানীয় মানুহৰ ভাগত শিল টানাৰ দৰে নিম্নমানৰ কামবোৰহে থাকিছিল, ইয়াৰোপৰি মজুৰিও আছিল প্ৰায় নিদিয়াৰ লেখিয়া। আনহাতে, পাহাৰীয়া অঞ্চলসমূহলৈ বাহিৰা লোকৰ আগমন ঘটাৰ ফলত ইতিমধ্যেই সংকটত থকা পৰিৱেশৰ ভাৰসাম্য বেছিকৈ হেৰাব ধৰিছিল।[7] এনেদৰে ক্ৰমাৎ বাঢ়ি অহা মানৱসৃষ্ট সমস্যাৰ ফলত ক্ষিপ্ৰতাৰে অসাৱধানভাৱে গড়োৱাল হিমালয়[8][7] অংশৰ বনাঞ্চল ধ্বংস হ'বলৈ ধৰে। বনাঞ্চলৰ বহু অংশ নগ্নপ্ৰায় কৰি পেলোৱাত এই অঞ্চলটো পৰিৱেশ সজাগতাৰ কেন্দ্ৰবিন্দু হৈ পৰে, যাৰ ফলত ১৯৭০ চনৰ জুলাই মাহত অলাকানন্দা নদীয়ে সৃষ্টিকৰা বিধ্বংসী বানপানীয়ে লগতে বৃহৎ ভূমিস্খলনৰো সৃষ্টি কৰে। এই ভূমিস্খলনে নদীখনৰ প্ৰৱাহ বন্ধ কৰি দিয়ে আৰু বদ্ৰীনাথৰ ওচৰৰ হনুমানচট্টিৰ পৰা আৰম্ভ কৰি ৩২০ কিলোমিটাৰ (২০০ মাইল) তললৈ হৰিদ্বাৰলৈকে এটা অঞ্চলত প্ৰভাৱ পেলায়, আৰু অধিক সংখ্যক গাঁও, দলং আৰু পথ উটুৱাই লৈ যায়। ইয়াৰ পিছত চিভিল ইঞ্জিনিয়াৰিং প্ৰকল্প দ্ৰুতগতিত বৃদ্ধি পোৱা অঞ্চলত ভূমিস্খলন আৰু ভূমি ডুব যোৱাৰ কাণ্ড সাধাৰণ হৈ পৰে।[9][10] কাৰ্যক্ৰমমহিলাসকলকে আদিকৰি সমগ্ৰ গাঁওবাসীয়ে কেইবাটাও সৰু সৰু গোটৰ অধীনত নিজকে সংগঠিত কৰিবলৈ ধৰিলে। ১৯৭৩ চনত এই আন্দোলনৰ সূত্ৰপাত ঘটে। তেওঁলোকে স্থানীয় কাৰণসমূহ কৰ্তৃপক্ষৰ সন্মুখত উপস্থাপন কৰি তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাণিজ্যিক কাঠ কটা কামৰ বিৰুদ্ধে থিয় দিছিল। ১৯৭১ চনৰ অক্টোবৰ মাহত সংঘৰ কৰ্মীসকলে বন বিভাগৰ নীতিৰ প্ৰতিবাদত গোপেশ্বৰত এক বিক্ষোভ প্ৰদৰ্শন কৰে। ১৯৭২ চনৰ শেষৰ ফালে অধিক পৰিমাণত ৰেলী আৰু পদযাত্ৰা অনুষ্ঠিত হয় যদিও ইয়াৰ প্ৰভাৱ কম আছিল। বন বিভাগে সংঘৰ খেতিৰ সঁজুলি নিৰ্মাণৰ বাবে দহজোপা গছৰ এবছৰিয়া অনুৰোধক নাকচ কৰিছিল, আৰু তাৰ পৰিৱৰ্তে দূৰৈৰ এলাহাবাদৰ ক্ৰীড়া সামগ্ৰী নিৰ্মাতা কোম্পানী চাইমন কোম্পানীক টেনিছ ৰেকেট নিৰ্মাণৰ বাবে ৩০০ গছৰ ঠিকা দিছিল। ১৯৭৩ চনৰ মাৰ্চ মাহত কাঠমিস্ত্ৰীসকল গোপেশ্বৰত উপস্থিত হয়, আৰু দুসপ্তাহমানৰ পাছত ১৯৭৩ চনৰ ২৪ এপ্ৰিলত গাঁও মণ্ডলৰ ৰাইজৰে মুখামুখি হয়, য’ত প্ৰায় এশজন গাঁৱৰ মানুহ আৰু ডিজিএছএছৰ কৰ্মীয়ে ঢোল বজাই বজাই শ্লোগান দি আছিল, যাৰ ফলত ঠিকাদাৰ আৰু তেওঁলোকৰ কাঠমিস্ত্ৰীসকল পিছুৱাই যাবলৈ বাধ্য হৈছিল। অৱশেষত চুক্তিখন বাতিল কৰি তাৰ পৰিৱৰ্তে সংঘক এই ঠিকা দিয়া হয়। বিষয়টো কেৱল ছাই গছৰ বাৰ্ষিক কোটা ক্ৰয়ৰ ভিতৰতে সীমিত নাথাকিল। বাণিজ্যিক কাঠ কটা আৰু চৰকাৰৰ বন নীতিৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগকো সামৰি লোৱা হৈছিল। সংঘই অহিংস প্ৰতিবাদৰ মাধ্যম হিচাপে গছবোৰক আলিংগন বা সাৱতি ধৰিথকাৰ সিদ্ধান্ত লয়। কিন্তু এই সংগ্ৰাম ইয়াতেই শেষ হোৱাৰ নাছিল, কিয়নো একেটা কোম্পানীকে গোপেশ্বৰৰ পৰা ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰৈৰ ফাটা অৰণ্যৰ অধিক গছৰ বাবে আনুমতি দিয়া হৈছিল। ইয়াত আকৌ ১৯৭৪ চনৰ ২০ জুন তাৰিখৰ পৰা আৰম্ভ হোৱা কিছুদিন ধৰি চলি থকা স্থানীয় বিৰোধিতাৰ বাবে এই ঠিকাদাৰসকলো পিছুৱাই গ’ল। ইয়াৰ পিছত ফাটা আৰু তাৰছালিৰ গাঁওবাসীয়ে এটা নিৰীক্ষক গোট গঠন কৰি ডিচেম্বৰ মাহলৈকে গছবোৰৰ ওপৰত চকু ৰাখিছিল। কৰ্মীসকলে সময়মতে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে আন এক সফল প্ৰতিবাদ গঢ়ি তুলিছিল। ইতিমধ্যেই কাটি পেলোৱা পাঁচজোপা গছ এৰি কাঠমিস্ত্ৰীসকলে পিছুৱাই যায়। তথ্যসূত্ৰ
|