চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া
চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (চমুকৈ ছেবি) বা ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড হৈছে ভাৰতৰ চিকিউৰিটি অৰ্থাৎ ঋণপত্ৰৰ বজাৰখনৰ নিয়ন্ত্ৰণকাৰী এক প্ৰতিষ্ঠান। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা ছেবিৰ হাতত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২-ৰ অধীনত ১৯৯২ চনৰ ১২ এপ্ৰিলত আইনী ক্ষমতাসমূহ প্ৰদান কৰা হয়।[1] ইতিহাস১৯৮৮ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে ব’ৰ্ডখনৰ প্ৰতিষ্ঠা কৰে যদিও ১৯৯২ চনৰ ১২ এপ্ৰিলত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২ সংসদে গৃহীত কৰাৰ পিছতহে উক্ত আইনখনৰ অধীনত ইয়াক আইনী ক্ষমতাসমূহ প্ৰদান কৰা হয়। ছেবিৰ মূখ্য কাৰ্যালয় মুম্বাইৰ বান্দ্ৰা কাৰ্লা কমপ্লেক্সত অৱস্থিত। ইয়াৰ উত্তৰ, পুব, দক্ষিণ আৰু পশ্চিম অঞ্চলৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহ যথাক্ৰমে নতুন দিল্লী, কলকাতা, চেন্নাই আৰু আহমদাবাদত অৱস্থিত। ছেবি প্ৰতিষ্ঠা হোৱাৰ আগতে কেপিটেল ইচ্যুছ আইন ১৯৪৭-ৰ অধীনত কন্ত্ৰ’লাৰ অফ কেপিটেল ইচ্যুছ নামৰ সংস্থাটো চিকিউৰিটি বজাৰৰ নিয়ন্ত্ৰণকাৰী ভূমিকাত আছিল। প্ৰথমাৱস্থাত ছেবি আইনী ক্ষমতা থকা এক অনা-আইনী সংস্থা আছিল। ১৯৯৫ চনত ছেবি আইনৰ সংশোধনীৰ যোগেদি ভাৰত চৰকাৰে প্ৰতিষ্ঠানটোক অতিৰিক্ত আইনী ক্ষমতা প্ৰদান কৰে। ছেবি মুঠ ন জন সদস্যৰে গঠিত।
ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ উপৰিও জয়পুৰ আৰু বাংগালোৰত ছেবিৰ স্থানীয় কাৰ্যালয় আছে। দায়িত্ব আৰু কাৰ্যাৱলীছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়াৰ ভূমিকা শীৰ্ষক অনুচ্ছেদত কাৰ্যাৱলীৰ বিষয়ে কোৱা হৈছে যে "...ঋণপত্ৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থৰ সুৰক্ষা আৰু ছিকিউৰিটি বজাৰ তথা ইয়াৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ উন্নতি আৰু নিয়ন্ত্ৰণ"। ছেবি নিম্নলিখিত ছিকিউৰিটি বা ঋণপত্ৰৰ বজাৰখনৰ তিনিটা মূল উপাদানৰ প্ৰতি দায়িত্বশীল:
ছেবিয়ে মূলতঃ তিনিটা দিশত কাৰ্যসমূহ চলাই নিয়ে: প্ৰতিষ্ঠানটোৱে -
অৰ্থাৎ ছেবি একে সময়তে আইনকৰ্তা, বিচাৰকৰ্তা আৰু কাৰ্যকৰ্তা। ছেবিৰ তিনিগৰাকী সদস্যৰে গঠিত এক বিচাৰালয়ো (Securities Appellate Tribunal) আছে আৰু ইয়াৰ বৰ্তমানৰ মূৰব্বী ব’ম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে পি দেৱধৰ।[3] ক্ষমতাসমূহছেবিৰ হাতত নিম্নলিখিত ক্ষমতাসমূহ প্ৰদান কৰা হৈছে:
বিভিন্ন কমিটিসমূহ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia