চক্ৰেশ্বৰ শইকীয়া

চক্ৰেশ্বৰ শইকীয়া

তিতাবৰত স্থাপিত চক্ৰেশ্বৰ শইকীয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি
জন্ম ৬ অক্টোবৰ, ১৯১৪
মৃত্যু ২৮ ফেব্ৰুৱাৰী, ১৯৯১ (৭৬ বছৰ)


চক্ৰেশ্বৰ শইকীয়া (ইংৰাজী: Chakreswar Saikia) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনতো যোগদান কৰিছিল। চক্ৰেশ্বৰ শইকীয়াই তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় (আৰম্ভণিতে তিতাবৰ কলেজ নামেৰে জনাজাত) আৰু গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকাৰ লগতে মহাবিদ্যালখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁ যোৰহাট, তেজপুৰ আৰু ছিলেট জেলত তৃতীয় শ্ৰেণীৰ বন্দীৰূপে কাৰাবাস খাটিব লগা হৈছিল। ১৯৫২ চনত তেওঁ চছিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তিতাবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

কৰ্মজীৱন

তথ্য সংগ্ৰহ

  1. পূৰৱী বৰা (২০১৯). মহীৰূহ. প্ৰকাশক তিতাবৰ: চক্ৰেশ্বৰ শইকীয়া জন্ম শত বাৰ্ষিকী (২০১৯) উদ্‌যাপন সমিতি. পৃষ্ঠা. ১৭১-১৭২. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia