গ্লিচাৰল
গ্লিচাৰল (ইংৰাজী: Glycerol) এবিধ বৰণহীন, গোন্ধহীন,গাঢ়, তেলেতীয়া, মিঠা সোৱাদযুক্ত তৰল পদাৰ্থ৷ ইয়াৰ IUPAC নাম প্ৰপেন-1,2,3-ট্ৰাইঅ'ল। পানীত বিশেষভাৱে দ্ৰৱণীয়৷ তদুপৰি পানীৰ প্ৰতি ইয়াৰ আকৰ্ষণ ইমান বেছি যে আৰ্দ্ৰ বায়ুৰ পৰা ই নিজৰ ওজনৰ আধা জলীয় বাষ্প শোষণ কৰিব পাৰে৷ চাবোন শিল্পত গ্লিচাৰল প্ৰধান উপজাত দ্ৰব্য (by product) হিচাপে পোৱা যায়৷ আজিকালি পেট্ৰ'ল শিল্পৰ উপজাত গেছৰ পৰাও গ্লিচাৰল সংশ্লেষণ হৈছে৷ প্লাষ্টিক,বিস্ফোৰক পদাৰ্থ,ঔষধ আদি নানা সামগ্ৰীৰ উৎপাদনত গ্লিচাৰলৰ যথেষ্ট ব্যৱহাৰ আছে৷ গ্লিচাৰলক ʼগ্লিচাৰিনʼ (glycerine, glycerin) বুলিও জনা যায়৷[1] তথ্যসূত্ৰ
|