গৌৰৱ গগৈ
গৌৰৱ গগৈ (ইংৰাজী: Gaurav Gogoi; জন্ম: ৪ ছেপ্টেম্বৰ ১৯৮২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ তথা লোকসভাৰ এগৰাকী সাংসদ। ২০২০ চনৰ পৰা তেওঁ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। [2]তেওঁ লোকসভাত ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু ২০২৪ চনত ১৮ নং যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ মনোনীত হয়।[3] গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। প্ৰাৰম্ভিক জীৱনগৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।[4] ৰাজনৈতিক জীৱনগগৈ ২০১৪ চনৰ মাৰ্চত কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ (লোকসভা সমষ্টি)ৰ পৰা লোকসভালৈ মনোনীত হয় ।[5] পুনৰবাৰ ২০১৯ চনত একে সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে লোকসভালৈ তেওঁ নিৰ্বাচিত হয় আৰু ২০২৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।[6]২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁ যোৰহাট সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে[7] আৰু বিজেপিৰ তদানীন্তন সাংসদ তপন গগৈৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।[8] তথ্য উৎস
|
Portal di Ensiklopedia Dunia