গীতা দত্ত
গীতা দত্ত (ইংৰাজী: Geeta Dutt, জন্ম গীতা ঘোষ ৰায়চৌধুৰী; ২৩ নৱেম্বৰ ১৯৩০ – ২০ জুলাই ১৯৭২)[1] এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ ব্ৰিটিছ ভাৰতৰ ফৰিদপুৰত (বৰ্তমান বাংলাদেশত) জন্ম গ্ৰহণ কৰিছিল। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰত গীত গোৱাৰ উপৰিও অসংখ্য অচলচ্চিত্ৰীয় আধুনিক বঙালী গীতো গাইছে।[2] প্ৰাৰম্ভিক জীৱনগীতা দত্ত ব্ৰিটিছ ভাৰতৰ ফৰিদপুৰ জিলাৰ ইদিলপুৰ গাঁৱৰ (বৰ্তমান বাংলাদেশৰ চৰিয়তপুৰ জিলা) চহকী জমিদাৰ পিতৃৰ দহটা সন্তানৰ এজনী আছিল। তেওঁৰ জন্ম হৈছিল ১৯৩০ চনৰ ২৩ নৱেম্বৰত। তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সা-সম্পত্তি এৰি থৈ আহি চল্লিশৰ দশকৰ প্ৰথমভাগতে কলকাতা আৰু অসমলৈ প্ৰব্ৰজন কৰিছিল। ১৯৪২ত তেওঁৰ মাক-দেউতাক বোম্বেৰ এটা এপাৰ্টমেণ্টলৈ গুছি গৈছিল। গীতা তেতিয়া বাৰ বছৰীয়া আৰু বঙালী হাইস্কুলত তেওঁ পঢ়াশুনা কৰিছিল।[3][4] সঙ্গীত-জীৱনকে. হনুমান প্ৰসাদে গীতা দত্তক তেওঁৰ তত্ত্বাৱধানত ৰাখি প্ৰশিক্ষিত কৰিছিল। পিছতে হনুমান প্ৰসাদে গীতাক ছবিত গীত গোৱাৰ সুবিধা কৰি দিছিল। ১৯৪৬ত ষোল বছৰ বয়সত তেওঁ হনুমান প্ৰসাদে সঙ্গীত পৰিচালনা কৰা ধৰ্মমূলক ছবি ‘ভক্ত প্ৰহ্লাদ’ত প্ৰথম গীত গোৱাৰ সুযোগ লাভ কৰে। তেওঁক দুটা গীতৰ দুশাৰীকৈ গাবলৈ হৈছিল।[2] ব্যক্তিগত জীৱনবাজী ছবিখনৰ গীত বাণীবদ্ধ কৰাৰ সময়ত তেওঁ ডেকা আৰু উঠি অহা পৰিচালক গুৰু দত্তক লগ পায়। প্ৰথমে তেওঁলোকৰ প্ৰেম আৰু তাৰপিছত ১৯৫৩ৰ ২৬ মে’ত বিয়া হৈ যায়। তেওঁলোকৰ তিনিটা সন্তান জন্ম পাইছিল- তৰুণ (১৯৫৪-১৯৮৫), অৰুণ (১৯৫৬-২০১৪) আৰু নীনা (জন্ম ১৯৬৪)। ১৯৫৭ত গুৰু দত্তই গীতাৰ সৈতে গৌৰী নামৰ ছবি এখনৰ কাম হাতত লয়, যিখন ভাৰতৰ প্ৰথম চিনেমাস্কোপ ছবি হ’লহেঁতেন। কিন্তু মাত্ৰ কেইদিনমানৰ শ্বুটিঙৰ পিছতে এই প্ৰকল্প স্থবিৰ হৈ পৰে। গুৰু দত্তৰ ৱাহীদা ৰহমানৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল যাৰবাবে গীতা দত্তই মদ্যপান কৰিবলৈ লৈছিল। বৈবাহিক জীৱনৰ কেণা লগাত ই তেওঁৰ কৰ্মক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাইছিল। ১৯৫৮ত শচীন দেৱবৰ্মণৰ লতা মংগেশকাৰৰ সৈতে মতানৈক্য হোৱাত গীতা দত্তৰ হতুৱাই তেওঁৰ গীতৰ গৰিষ্ঠাংশ গোৱাবৰ মন মেলিলে। কিন্তু ব্যক্তিগত সমস্যাৰ বাবে উপযুক্তভাবে অভ্যাস কৰিব নোৱাৰাত দেৱবৰ্মণে বিচৰা ধৰণে গীতাই গাব নোৱাৰিলে। ইয়াৰ পিছৰে পৰা দেৱবৰ্মণ আৰু আন এজন সঙ্গীত পৰিচালক ও.পি.নায়াৰে আশা ভোঁচলেৰ সৈতে কাম কৰা আৰম্ভ কৰে। ১৯৬৪ চনত অত্যধিক মদপান আৰু শ্লিপিং টেবলেট সেৱন কৰা বাবে গুৰু দত্তৰ মৃত্যু হয়। তেওঁৰ এই মৃত্যুক বহুতে আত্মহত্যা বুলি ভাবে। কাৰণ ইয়াৰ আগতো তেওঁ দুবাৰ আত্মহত্যাৰ চেষ্টা কৰিছিল।[5]) গীতাই তেতিয়া প্ৰবল স্নায়ৱিক ৰোগত ভুগি আছিল। যথেষ্ট আৰ্থিক সংকটেও তেওঁক জুৰুলা কৰিছিল। তেওঁ পুনৰ সঙ্গীতৰ জগতখনত খোপনি পুতিবলৈ চেষ্টা চলাইছিল। তেওঁ দুৰ্গা পূজা উপলক্ষে মুক্তি দিয়া গ্ৰামোফোন ৰেকৰ্ডৰ কাম কৰাৰ উপৰিও মঞ্চানুষ্ঠানত ভাগ লৈছিল। বঙালী ছবি ‘বহু বৰণ’ত (১৯৬৭) তেওঁ মূল ভূমিকাত অভিনয় কৰিছিল। ১৯৭১ত মুক্তি পোৱা কানু ৰায়ে সঙ্গীত পৰিচালনা কৰা ‘অনুভৱ’ ছবিত গীত গাইছিল আৰু এয়াই আছিল তেওঁৰ শেষ পৰিবেশন।[2] ১৯৭২ চনৰ ২০ জুলাইত ৪১ বছৰ বয়সত লিভাৰ চিৰোচিচ ৰোগত বোম্বেত তেওঁৰ মৃত্যু হয়।[2] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia