গায়ত্ৰী যোশী
গায়ত্ৰী যোশী (ইংৰাজী: Gayatri Joshi, জন্ম ২০ মাৰ্চ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'স্বদেশ'। জন্ম পৰিচয়মাৰাঠী ভাষী পৰিয়ালত গায়ত্ৰী যোশীৰ জন্ম হয় ১৯৭৭ চনৰ ২০ মাৰ্চত মহাৰাষ্ট্ৰৰ নাগপুৰত।[2] তেওঁ নাগপুৰৰ মাউণ্ট কাৰমেল হাইস্কুলত পঢ়িবলৈ লয় যদিও পৰিয়াল সহ বোম্বাইলৈ যোৱাৰ পিছত ডাডাৰ জে.বি. ভাচ্চা হাইস্কুলত পঢ়িবলৈ লয়। স্কুলীয়া জীৱন সাং কৰাৰ পিছত চাইডেনহাম কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক কৰে।[2] ২০০৫ চনত তেওঁ বিকাশ অবিৰইৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[2] কেৰিয়াৰ১৯৯৯ চনত ফেমিনা মিচ ইণ্ডিয়া বিউটি প্ৰতিযোগিতাৰ যোশী আছিল চূড়ান্ত পাঁচজন প্ৰাৰ্থীৰ ভিতৰৰ এজন,[3] আৰু তেওঁ দৰ্শনসকলৰ পৰা ভোট লাভ কৰি চনী ইণ্টাৰটেণ্টমেণ্ট চেনেলৰ অভিষেক লাভ কৰিছিল। জাপানৰ ২০০০ চনত মিচ ইণ্টাৰনেচনেল ইভেণ্টত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।[3] তেওঁ কেইটামান বিজ্ঞাপনৰ মডেল হিচাপে কাম কৰিছিল। তেওঁক জগজিৎ সিংৰ গজল 'কাগজ কী কস্তী' আৰু 'হঁস ৰাজ হঁস ঝানজৰিঅ' আদি ভিডিঅ’টো দেখা গৈছিল।[4] কলেজত পঢ়ি থকা সময়ত তেওঁ বোম্বাই ডাইং, ফিলিপছ্, পণ্ডচ্, এড্ৰেচ্, চান্দচিল্ক আৰু এল.জি; লগতে শাহৰুখ খানৰ সৈতে হণ্ডাৰ বিজ্ঞাপনো কৰিছিল।[4] তেওঁ ২০০১ৰ কেটলগ আৰু কেলেণ্ডাৰত মডেল কৰে। ২০০৪ চনৰ ডিচেম্বৰত আশুতোষ গোৱাৰিকাৰ চলচ্চিত্ৰ 'স্বদেশ'ৰ যোগেদি তেওঁ বলিউদত আত্মপ্ৰকাশ কৰে, চলচ্চিত্ৰখনত যোশীৰ বিপৰীতে অভিনয় কৰিছে অভিনেতা শাহৰুখ খানে।[5][6][7] 'স্বদেশ' ভাৰতীয় চলচ্চিত্ৰ সমালোচকসকলোৰ পৰা খুব প্ৰশংসা লাভ কৰে। চলচ্চিত্ৰপুঞ্জী
বঁটা আৰু সন্মান
তথ্য সূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia