গম্ভীৰা
গম্ভীৰা (ইংৰাজী: Gombhira) হৈছে ভাৰত উপমহাদেশৰ পূব অংশৰ বংগ অঞ্চলৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ গীত। বৰ্তমান উত্তৰ-পূব পশ্চিম বংগ, ভাৰত আৰু উত্তৰ-পশ্চিম বাংলাদেশত এই সংগীতৰ প্ৰচলন হৈ আছে।[1][2][3][4][5] পশ্চিম বংগত (ভাৰত) মালদা জিলাক কেন্দ্ৰ কৰি এই গীতৰ প্ৰচলন হৈ আছে। আনহাতে বাংলাদেশৰ চাপাই নবাবগঞ্জ জিলা গম্ভীৰা প্ৰদৰ্শনৰ মূল কেন্দ্ৰ। এই পৰম্পৰা ওচৰৰ ৰাজশাহী আৰু নাওগাঁও জিলাতো জনপ্ৰিয়।[3] এই শৈলী বিশেষভাৱে সুকীয়া ছন্দ আৰু দুজন পৰিবেশকে নৃত্য সহ পৰিবেশন কৰে। ইয়াৰ জড়িয়তে সামাজিক সজাগতা বৃদ্ধিৰ বাবে এটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ধাৰণা কৰা হয় যে, গম্ভীৰা উৎসৱৰ প্ৰচলন হৈছিল শিৱপূজাক কেন্দ্ৰ কৰি৷ শিৱৰ আন এক নাম “গম্ভীৰ’’৷ সেয়ে, শিৱৰ বাবেই হোৱা এই উৎসৱ গম্ভীৰা উৎসৱ আৰু শিৱৰ বন্দনা গীতেই হ’ল গম্ভীৰা গাীত৷ মালদহ অঞ্চলত ঘাইকৈ চ’ত মাহৰ সংক্ৰান্তিৰ সময়ৰ শিৱপূজা উপলক্ষে পাৰ হৈ অহা বছৰটোৰ ঘটনাৱলী নৃত্য-গীত আৰু অভিনয়ৰ দ্বাৰা পৰিৱেশন কৰা হয়৷ ইয়াত অন্তৰ্ভূক্ত তিনিটা পৰ্বত গম্ভীৰা মুখা পিন্ধি নৃত্য কৰা হয়৷[6]
গম্ভীৰা মাস্কচ'ত মাহৰ সংক্ৰান্তিৰ উৎসৱত উত্তৰ বংগৰ মালদা জিলাৰ সমগ্ৰ অঞ্চলতে গম্ভীৰা নৃত্য প্ৰদৰ্শন কৰা হয়। স্থানীয় সূত্ৰধৰ সমাজে নিম আৰু ডিমৰু গছৰ পৰা তৈয়াৰ কৰা এই মাস্ক ব্যৱহাৰ কৰে। কেতিয়াবা মাটিৰ মুখাও ব্যৱহাৰ কৰা হয়।[7] গম্ভীৰা নৃত্যৰ বিশেষ বৈশিষ্ট্য বিশেষ মুখা, নিম আৰু ডিমৰু গছৰ অংশৰ পৰা তৈয়াৰ কৰাৰ উপৰি কেতিয়াবা মাটিৰেও নিৰ্মাণ কৰা হয়।[8] গম্ভীৰা গীতৰ তালে তালে এই মুখাসমূহ পিন্ধি নৃত্য কৰা হয়। মুখাবোৰ বিভিন্ন হিন্দু পৌৰাণিক কাহিনীৰ নানা চৰিত্ৰ, যেনে, বাণ, কালী, নৰসিংস, বাঁশুলী, গৃধিনীবিশাল, চামুণ্ডা, উগ্ৰচণ্ডা, ঝঁটাকালী, মহিষমৰ্দিনী, লক্ষ্মী, সৰস্বতী, হিৰণ্যকশিপুবধ, তাৰকবধ, শুম্ভ-নিশুম্ভ বধ আদিৰ হয়। ইয়াৰ ভিতৰত সকলোতকৈ আকৰ্ণীয় মুখা হ’ল নৰসিংহ মুখা।[9] তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia