খৰিচা
খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়।[1][2][3] অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য।[4] ইয়াৰ বহুতো ঔষধিয় গুণ আছে।[5] তৈয়াৰ কৰা সামগ্ৰী![]() খৰিচা তৈয়াৰ কৰাৰ মুখ্য সামগ্ৰী হ’ল বাঁহ গাজ। সাধাৰণতে শাওণ বা ভাদ মাহত বাহিৰ হোৱা বাঁহগাজৰ (এই বাঁহগাজ সমূহৰ পৰা গছ হোৱাৰ সম্ভাৱনীয়তা কম থাকে) পৰা খৰিচা প্ৰস্তুত কৰা হয়। কাক, ভলুকা, কেঁকোৰা আদি বাঁহৰ খৰিচা প্ৰস্তুত কৰা হয়।[5] কাক বাঁহৰ খৰিচা আটাইতকৈ উত্তম হয়। কোনো কোনো লোকে জাতি বাঁহৰ গাজ তিতা বুলি কয়।[5] প্ৰস্তুত কৰাৰ প্ৰণালীকুমলীয়া বাঁহ গাজৰ ওপৰৰ বাকলিবোৰ ভালদৰে গুচাই সৰু সৰুকৈ কাটি ঢেঁকী বা উৰালত খুন্দি খৰিচা কৰা হয়। আজিকালি, মিক্সিত খুন্দি বা পিহনাত পিহি খৰিচা তৈয়াৰ কৰা হয়। বাঁহ গাজৰ ওপৰৰ বাকলি ভালদৰে নুগুচালে খৰিচা তিতা হ’ব পাৰে। মিহিকৈ খুন্দা বাঁহৰ গাজ মাটিৰ কলহত ভৰাই কলপাতেৰে বান্ধি জুইশালৰ উচৰত তিনি-চাৰিদিন ৰাখিলে খৰিচা খাব পৰা হয়। কলহৰ বাদে আইনাৰ বৈয়ামত বাঁহ গাজ ভৰাই ৰ’দত দিলেও খৰিচা হয়। কোনো কোনো লোকে বাঁহ গাজত টেঙা হ’বলৈ কেইফুলামান কুঁজী থেকেৰা আৰু পানী দি ৰাখে। খৰিচাৰ গোন্ধ ওলালে তাক পকা খৰিচা বোলে।[5] কোনো কোনোৱে কুটা বাঁহ-গাজ কলহত নথৈ হালধি সানি ৰ'দত শুকুৱাই থয়। শুকুৱাৰ পিছত গুড়ি কৰে। ইয়াক শুকান খৰিচা হা জিম খৰিচা বোলে। অৱ্শ্যে পকা-খৰিচা ৰ'দত শুকুৱালে ইয়াকো শুকান-খৰিচাই বোলে। ইয়াক শুকুৱাই ৰাখি বছৰটোলৈ ৰাখিব পাৰি। অসমীয়া সমাজত বসন্ত ওলোৱাৰ পিছত নাড়ী শীতল কৰিবলৈ শুকান খৰিচা ব্যৱহাক কৰাৰ পৰম্পৰা আছিল। খৰিচাৰ ব্যৱহাৰ![]() দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। ঔষধি গুণ
লোক সাহিত্যত খৰিচা![]() অসমীয়া সমাজত খৰিচাক লৈ প্ৰবচনো আছে:
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia