কোম্পানী আইন ২০১৩
কোম্পানী আইন ২০১৩ (ইংৰাজী: Companies Act 2013) হ’ল ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন যিয়ে এটা প্ৰতিষ্ঠানৰ সংযোজন, এটা কোম্পানিৰ দায়িত্ব, পৰিচালক আৰু পৰিসমাপ্তি বা অৱসান (dissolution) -ক নিয়ন্ত্ৰণ কৰে। এই আইনখনৰ মুঠ অধ্যায়ৰ সংখ্যা ২৯টা, কোম্পানী আইন ১৯৫৬ ৰ ধাৰাৰ সংখ্যা ৬৫৮ৰ বিপৰীতে এই আইনখনৰ ধাৰাৰ সংখ্যা হ’ল ৪৭০টা আৰু অনুচ্ছেদৰ সংখ্যা ৭টা। বৰ্তমান এই আইনত কেৱল ৪৩৮ (৪৭০-৩৯+৭) টা ধাৰা আছে।[1] কোম্পানী বিল ২০১২, খনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৩ চনৰ ২৯ আগষ্ট তাৰিখে সন্মতি জ্ঞাপন কৰাৰ পিছত ২০১৩ চনৰ ৩০ আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ ৰাজপত্ৰত জাননী হিচাপে জাৰি কৰা হয়। অৱশেষত এইখনেই কোম্পানী আইন ২০১৩ হিচাপে স্বীকৃতি লাভ কৰে।[2] আইনখন স্তৰে স্তৰে কাৰ্যত বলবৎ কৰা হয়। ২০১৩ চনৰ ১২ ছেপ্টেম্বৰৰ পৰা আইনখনৰ কিছু ব্যৱস্থাৱলী বাস্তৱায়িত কৰা হয়। আকৌ কেইবাটাও ব্যৱস্থাৱলী ২০১৪ চনৰ ১ এপ্ৰিল আৰু ৬ জুনৰ পৰা কাৰ্যকৰী হয়। আগৰ কোম্পানী আইন ১৯৫৬ মতে ব্যক্তিগত কোম্পানীৰ সৰ্বাধিক সদস্যৰ সংখ্যা আছিল ৫০জন আৰু ২০১৩ চনৰ কোম্পানী আইনৰ ধাৰা ২(৬৮) মতে ব্যক্তিগত কোম্পানীৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ’ল ২০০ জন।[3] অৰ্থ আৰু সংজ্ঞাভাৰতীয় কোম্পানী আইন ১৯৫৬ৰ ৩ উপধাৰা (১) মতে, “কোম্পানী মানে উক্ত আইনৰ অধীনত গঠিত আৰু পুঞ্জীভুক্ত কোনো কোম্পানী” (“A company means a Company formed and registered under this act.”)।[4] আৰু সেই আইনৰে ধাৰা ৩ উপধাৰা (II) মতে, প্ৰচলিত কোম্পানী মানে হৈছে পূৰ্বৰ কোনো কোম্পানী আইনৰ অধীনত গঠিত আৰু পঞ্জীভুক্ত কোম্পানী।” (Sec. 3 (II) States existing company means a company formed and registered under any of the previous Company Law.)।[4] আৰু কোম্পানী আইন ২০১৩ ৰ ধাৰা ২ উপধাৰা (২০) ৰ মতে, “কোম্পানী মানে উক্ত আইনৰ অধীনত বা পূৰ্বৰ কোনো কোম্পানীৰ আইনৰ অধীনত অন্তৰ্ভুক্ত কোনো কোম্পানী” ('Company' means a Company incorporated under this Act or under any previous company law.)।[5] আমেৰিকাৰ মুখ্য ন্যায়াধীশ মাৰ্চালে (Chief Justice of U.S.A. Marshall) কোম্পানীৰ সংজ্ঞা দি কৈছে- “কোম্পানী বা নিগম হৈছে অদৃশ্য অস্পৰ্শণীয় আৰু মাথোন আইনগত অস্তিত্বৰে গঠিত এক কৃত্ৰিম ব্যক্তি। আইনৰ দ্বাৰা সৃষ্ট অনুষ্ঠান হিচাপে ইয়াৰ গঠন আৰু নিগমবদ্ধকৰণৰ চনদে প্ৰকাশ কৰা অথবা ইয়াৰ কাৰ্যকলাপত আৱশ্যক হোৱা সা-সম্পত্তি ই ধাৰণ কৰে।” (“A corporation is an artificial being, invisible, intangible, and existing only in contemplation of law. Being the mere creature of law, it possesses only those properties which the charter of its creation confers upon it, either expressly, or as incidental to its very existence.”)[6] বিশেষ বৈশিষ্ট্য২০১৩ চনৰ ২৯ আগষ্ট তাৰিখে কোম্পানী আইন ২০১৩ খনে ৰাষ্ট্ৰপতিৰ পৰা সন্মতি লাভ কৰে। এই আইনখন সমগ্ৰ ভাৰতবৰ্ষতেই প্ৰচলন কৰা হয়। কোম্পানী আইন ২০১৩ ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হ’ল:
কোম্পানী আইন ২০১৩ৰ সংশোধনীভাৰতবৰ্ষত কোম্পানীৰ ব্যৱসায় সহজ-সৰল কৰি তুলিবলৈ, সমগ্ৰ বিশ্বৰ অনুশীলীৰ পৰা নিগমীয় আইন-কানুন পৃথক্কৰণ কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি ২০১৩ চনত প্ৰণয়ন কৰা কোম্পানী আইনখন ভাৰত চৰকাৰে সংশোধন কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। নতুনকৈ প্ৰণয়ন কৰিব বিচৰা আইনখন আছিল কোম্পানী (সংশোধিত) আইন ২০১৫। উক্ত সংশোধন আইনখন ভাৰত চৰকাৰৰ ৰাজপত্ৰত ২০১৫ চনৰ ২৬ মে তাৰিখে জাননী প্ৰকাশ কৰা হয় আৰু আইনখন ২০১৫ চনৰ ২৯ মে তাৰিখৰ পৰা কাৰ্যকৰী কৰা হয়।[10] কোম্পানী আইন ২০১৩ -ৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia