কে সৰস্বতী আম্মা
কে. সৰস্বতী আম্মা (ইংৰাজী: K. Saraswathi Amma; ১৪ এপ্ৰিল ১৯১৯ – ২৬ ডিচেম্বৰ ১৯৭৫)[1] এগৰাকী মালায়লম নাৰীবাদী লেখিকা। তেওঁৰ চুটিগল্পসমূহ আমেৰিকাৰ কেইবাটাও প্ৰকাশনে অনুবাদ কৰিছে।[2] প্ৰাৰম্ভিক জীৱন১৯১৯ চনৰ ৪ এপ্ৰিলত কেৰালাৰ ত্ৰিবান্দ্ৰমৰ ওচৰৰ কুন্নুমপূজা নামৰ এখন গাঁৱত কে সৰস্বতী আম্মাৰ জন্ম হৈছিল। পিতৃ পথমানৱাপিল্লা আৰু মাতৃ কাৰ্তিয়ানী আম্মাৰ তৃতীয় আৰু কনিষ্ঠ কন্যা। ১৯৩৬ চনত ইংৰাজী বিদ্যালয়ৰ পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হয়। দুবছৰৰ পাছত তেওঁৰ প্ৰথম গল্প সংকলন প্ৰকাশ পায়। কিন্তু এই সময়লৈকে পৰিয়ালৰ সৈতে থকা জটিল সম্পৰ্কই তেওঁক আৱেগিকভাৱে ক্লান্ত কৰি পেলাইছিল। ইয়াৰ ফলত তেওঁৰ পঢ়া-শুনাত প্ৰভাৱ পৰিছিল। পিছলৈ ১৯৪০ চনত তেওঁ ত্ৰিবান্দ্ৰম চৰকাৰী কলা মহাবিদ্যালয়ত যোগদান কৰে। . ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন আৰু মালায়লম ভাষাৰ ৰোমাণ্টিক কবি চাংগামপূজা কৃষ্ণ পিল্লাই তেওঁৰ কলেজীয়া সহপাঠী আছিল। ১৯৪৫ চনত তেওঁ ট্ৰেভাংকুৰত লোকেল ফাণ্ড অডিট বিভাগৰ চৰকাৰী চাকৰিত যোগদান কৰে। . এই চাকৰিত থকাৰ সময়তে তেওঁ ‘পন্নুমকুদম’ (সোণৰ পাত্ৰ) শীৰ্ষক চুটিগল্পটো লিখি উলিয়াইছিল।[3] সাহিত্যিক জীৱন১৯৩৮ চনত কে সৰস্বতী আম্মাৰ প্ৰথম চুটিগল্প প্ৰকাশৰ পিছত ১২টা চুটিগল্পৰ সংকলন, এখন উপন্যাস আৰু এখন নাটক প্ৰকাশ পায়। ১৯৫৮ চনত পুৰুষনমৰিল্লাথা লোকাম শীৰ্ষক এখন প্ৰবন্ধ গ্ৰন্থ প্ৰকাশ পায়। সেই সময়ত তেওঁক 'মানুহ ঘৃণা কৰা' বুলি অভিহিত কৰা হৈছিল যদিও পিছৰ নাৰীবাদী পণ্ডিতসকলে তেওঁক প্ৰশংসা কৰিছে।[2] [4] সৰস্বতী আম্মাৰ ৰচনাসমূহ বেছিভাগেই আছিল সামাজিক-ৰাজনৈতিক ব্যংগ। তেওঁৰ ৰচনাসমূহে পুৰুষ আৰু মহিলাৰ জটিল সম্পৰ্কৰ সন্ধান কৰিছে। তেওঁ নাৰীপূজাক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ লিখিছে, “পত্নীয়ে স্বামীক ব্যক্তি হিচাপে নহয়, আদৰ্শ হিচাপেহে পূজা কৰে; এগৰাকী নাৰীৰ স্বামীৰ প্ৰতি থকা ভক্তিৰ ভিত্তি সেই পুৰুষৰ প্ৰতি থকা প্ৰেম নহয়, বৰঞ্চ নিজৰ আত্মগুৰুত্ব বৃদ্ধিৰ প্ৰয়াস। আংশিকভাৱে ইংৰাজীলৈ অনুবাদ কৰা সৰস্বতী আম্মাৰ কল্পকাহিনীৰ এটা নিৰ্বাচিত কল্পকাহিনী টেলছ অৱ এ ফৰগটেন ফেমিনিষ্ট নামেৰে প্ৰকাশ পাইছিল। প্ৰস্তাৱনাত জেন্সি জেমছে কৈছে, "গল্পটোত তেওঁ নাৰীৰ পুৰুষ আৰু প্ৰেমৰ বিষয়ে থকা ভ্ৰমবোৰ ছিন্নভিন্ন কৰি পেলাইছিল।" তেওঁ পিতৃতন্ত্ৰ আৰু পৰম্পৰাৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছিল। [5] [6] জীৱন আৰু মৃত্যুপুতেকে চাকৰি পাই আঁতৰি যোৱাৰ পিছত সৰস্বতী আম্মাই স্বাভাৱিক জীৱনৰ পৰা আঁতৰি আহিছিল। . ১৯৬১ চনত তেওঁৰ ভতিজাকৰ মৃত্যু হয়, যাৰ ফলত সৰস্বতী আম্মা বিধ্বস্ত হৈ পৰে। পিছৰ বছৰবোৰত ১৯৬৩ চনত মাকৰ মৃত্যু হয়, ১৯৬৭ চনত ভগ্নীয়ে আত্মহত্যা কৰে। ১৯৭৫ চনত কে. সৰস্বতী আম্মাৰ নিজ বাসগৃহতে মৃত্যু হয়। [3] ৰচিত গ্ৰন্থৰাজিউপন্যাস
নাটক
চুটিগল্প সংকলন
ৰচনা সংকলন
মৰণোত্তৰভাবে প্ৰকাশিততথ্য উৎস
|
Portal di Ensiklopedia Dunia