কেলিগ্ৰাফী (লিপিবিদ্যা, লিপিকলা বা হস্তলিপি শিল্প হিচাপেও পৰিচিত; ইংৰাজী: Calligraphyগ্ৰীক: καλλιγραφία) হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা।[1] এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়।
আধুনিক কেলিগ্ৰাফী ইমানেই বিস্তৃত যে অনেক ক্ষেত্ৰত আখৰসমূহকে পঢ়িব পৰা নাযায়। ধ্ৰুপদী কেলিগ্ৰাফী মুদ্ৰাক্ষৰশিল্প, অ-ধ্ৰুপদী হস্তলিপিতকৈ পৃথক, কিন্তু কেলিগ্ৰাফীত উভয় ৰীতিৰ প্ৰচলন আছে।[2][3][4][5]
বিবাহ বা অন্য কোনো অনুষ্ঠানৰ আমন্ত্ৰণপত্ৰ, মুদ্ৰাক্ষৰশিল্প, মূল হস্তলিখিত ল'গ' ডিজাইন কৰা, ধৰ্মীয় চিত্ৰ, ঘোষণা, দৃশ্যমান নক্সাকৰণ, স্মৃতি নথি আদিত কেলিগ্ৰাফীৰ ব্যৱহাৰ কৰা হয়। চলচ্চিত্ৰ আৰু টেলিভিশনত "প্ৰপ" আৰু চলন্ত চিত্ৰ হিচাপে, প্ৰশংসাপত্ৰ, জন্ম আৰু মৃত্যু নথি, মানচিত্ৰ আৰু অন্যান্য লিখন কাৰ্যত ইয়াৰ ব্যবহৃত হয়।[6][7]
কেলিগ্ৰাফীৰ ইতিহাস
কেলিগ্ৰাফীত ব্যবহৃত সঁজুলিসমূহ
কেলিগ্ৰাফীৰ মূল সঁজুলিবোৰ হ'ল কলম আৰু ব্ৰাছ। কেলিগ্ৰাফী কলমৰ নিববোৰ চেপেটা, বৃত্তাকাৰ বা জোঙা হ’ব পাৰে।[8][9][10]
চিত্ৰ সম্ভাৰ
বিভিন্ন ধৰণৰ কেলিগ্ৰাফী
১৮ শতিকাত বিছমিল্লাহে লিখা উছমানীয় সাম্ৰাজ্যৰ কেলিগ্ৰাফী