কামাখ্যা দেৱীএই প্ৰবন্ধটো কামাখ্যা দেৱীৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে কামাখ্যা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। কামৰূপ জিলাত কামাখ্যা দেৱীৰ মন্দিৰ আছে। গাৰো পাহাৰত থকা দেৱী কামাখ্যাৰ পূৰ্বৰ মন্দিৰ ধ্বংসপ্ৰাপ্ত হয়। কোৱা হয় যে বাৎসায়ন পুৰোহিতসকলে তেওঁৰ বিগ্ৰহ কাশ্মীৰলৈ লৈ যায় আৰু পৰৱৰ্ত্তী কালত হিমাচল প্ৰদেশৰ এক পাহাৰীয়া অৰণ্যাঞ্চলত স্থাপন কৰে। কামাখ্যা শব্দৰ অৰ্থ হৈছে কামনাৰ খ্যাতনামা দেৱী আৰু ১৬৪৫ চনত নিৰ্মিত বৰ্তমানৰ মন্দিৰতেই তেওঁৰ পূজা-অৰ্চনা কৰা হয়। কামাখ্যা মন্দিৰ একাৱন্নটা শক্তিপীঠৰ মাজত অন্যতম আৰু ই পৃথিৱীৰ অতিশয় গুৰুত্বপূৰ্ণ শাক্ত পন্থাৰ মন্দিৰসমূহৰ ভিতৰত এটা। ব্যুৎপত্তিএই ঠাইত শক্তিৰ উপাসনা আৰম্ভণি হোৱাৰ সৈতে শিৱৰ সহধৰ্মিণী সতীৰ দেহত্যাগৰ আখ্যান জড়িত হৈ আছে। এই আখ্যান অনুসৰি সতী আছিল প্ৰজাপতি দক্ষৰ জীয়ৰী আৰু সতীয়ে শিৱক বৰ হিচাপে বাছনি কৰাৰ বাবে দক্ষ মুঠেই সন্তুষ্ট নাছিল। সেয়ে এবাৰ এক মহাযজ্ঞৰ আয়োজন কৰি দক্ষই সকলো দেৱ-দেৱীকে নিমন্ত্ৰণ দিয়ে যদিও সতী আৰু শিৱক আওকাণ কৰে। এই কথাত ক্ৰোধান্বিত হৈ সতীয়ে মহাযজ্ঞৰ অগ্নিত নিজৰ দেহত্যাগ কৰে। ইফালে শিৱই এই কথাৰ উমান পাই দুখ আৰু খঙত অগ্নিশৰ্মা হয়। তেওঁ সতীৰ মৃতদেহ কান্ধত লৈ এই দেহ সম্পূৰ্ণৰূপে গলিত নোহোৱালৈকে তাণ্ডৱ নৃত্য কৰিবলৈ সংকল্প লয়। দেৱতাসকলে বিপদৰ আগজাননী পাই শিৱক ক্ষান্ত কৰিবলৈ বিষ্ণুক খাটনি ধৰে। তেওঁ সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড-বিখণ্ড কৰে আৰু অৱশেষত শিৱৰ কান্ধত কঢ়িয়াই ফুৰিবলৈ ম্ৰৰ্তদেহৰ কোনো অৱশিষ্ট নাথাকে। ইয়াৰ পিছত শিৱ মহাতপস্যাত লীন হয়। এই কাহিনীৰ সৈতে সতীদাহ প্ৰথাৰ সম্পৰ্ক থাকিব পাৰে বুলি পণ্ডিতসকলে সাধাৰণতে মানি লোৱা নাই।[1] বিভিন্ন আখ্যান অনুসৰি সতীৰ দেহ একাৱন্নটা খণ্ডত বিভক্ত হৈ ভাৰতৰ বিভিন্ন ঠাইত পতিত হৈছিল। কামাখ্যাত সতীৰ মাতৃ অংগ বা যোনি পতিত হোৱা বুলি বিশ্বাস কৰা হয়। পৰিচয়কালিকা পুৰাণত দেৱী কামাখ্যাক তান্ত্ৰিক পন্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে উল্লেখ কৰাৰ লগতে মহামায়া হিচাপে চিহ্নিত কৰা হৈছে। ভক্তসকলে কামাখ্যাক কামেশ্বৰী নামেৰেও অভিহিত কৰাৰ উপৰিও তেওঁক মহা ত্ৰিপুৰা সুন্দৰীৰে এক ৰূপ হিচাপে গণ্য কৰে। কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু কামাখ্যা তন্ত্ৰত তেওঁক কালীৰ ৰূপত চিহ্নিত কৰা হৈছে।[2] আখ্যানকিংবদন্তি অনুসৰি এবাৰ নৰকাসুৰে বাসনাৰ বশৱৰ্ত্তী হৈ কামাখ্যাক বিয়া কৰাবলৈ ইচ্ছা কৰে। দেৱীক বিবাহৰ প্ৰস্তাৱ দিয়াত তেওঁ নৰকাসুৰৰ সন্মুখত এক চৰ্ত্ত ৰাখে যে যদিহে নৰকাসুৰে কুকুৰাই ডাক দিয়াৰ আগত একেৰাতিৰ ভিতৰত নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈকে এক খটখটি বন্ধাই দিব পাৰে তেন্তে কামাখ্যাই তেওঁৰ সৈতে বিয়াত বহিব। সেইমতে নৰকে একেৰাতিৰ ভিতৰতে খটখটিৰ নিৰ্মাণকাৰ্য শেষ কৰিবলৈ উদ্যাত হোৱাত দেৱীয়ে ৰাতি নৌ-পুৱাওঁতেই কুকুৰা এটা ধৰি তাৰ হতুৱাই ডাক দিয়াই পুৱাৰ জাননী দিয়ে। ফলত ৰাতিপুৱা হোৱা বুলি নৰকে নিজৰ কাম সম্পূৰ্ণ নকৰাকৈ এৰি দিয়ে। এই ঠাইখণ্ড বৰ্তমান কুকুৰাকটা (দৰং) নামেৰে জনা যায়।[3] তথ্য সংগ্ৰহ
|