কল্পকাহিনীকল্পকাহিনী (ইংৰাজী: Fiction) হৈছে যিকোনো সৃষ্টিশীল ৰচনা, প্ৰধানকৈ যিকোনো আখ্যানমূলক ৰচনা, যিয়ে ব্যক্তি, পৰিঘটনা বা স্থানক কাল্পনিক বা ইতিহাস, তথ্য বা যুক্তিযুক্ততাৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে চিত্ৰিত কৰে।[1][2][3] সংক্ষিপ্ত অৰ্থত ক'বলৈ গ'লে "কল্পকাহিনী"য়ে গদ্যৰ শৈলীত লিখিত আখ্যানক বুজায়, যি সততে উপন্যাস আৰু চুটিগল্পত সীমাবদ্ধ হৈ থাকে।[4][5] অৱশ্যে অধিক বহলভাৱে ক’বলৈ গ’লে কল্পকাহিনীয়ে যিকোনো মাধ্যমত প্ৰকাশ পোৱা কাল্পনিক আখ্যানক সামৰি লয়, য’ত কেৱল লেখাই নহয়, পোনপটীয়া নাট্য প্ৰদৰ্শন, ছবি, টেলিভিছনৰ অনুষ্ঠান, ৰেডিঅ’ নাটক, কমিকছ, ভূমিকা পালন কৰা গেম, ভিডিঅ’ গেম আদিও অন্তৰ্ভুক্ত। সংজ্ঞাকল্পকাহিনী সৃষ্টিৰ অৰ্থ হ’ল এখন কাল্পনিক জগতৰ নিৰ্মাণ। সাধাৰণতে ৰচনাখনৰ কল্পনাক ৰাজহুৱাভাৱে স্বীকাৰ কৰা হয় আৰু দৰ্শকে আশা কৰে যে ৰচনাখন কেৱল বাস্তৱিকভাৱে সঠিক চিত্ৰণ বা প্ৰকৃত মানুহ হোৱা চৰিত্ৰবোৰ উপস্থাপন নকৰি ৰচনাখন বাস্তৱ জগতৰ পৰা কিছুমান দিশত বিচ্যুত হ'ব।[6]যিহেতু কল্পকাহিনীক সাধাৰণতে বাস্তৱ জগতৰ সৈতে সম্পূৰ্ণৰূপে আনুগত্য নকৰা বুলি বুজা যায়, সেয়েহে কোনো গ্ৰন্থৰ বিষয়বস্তু আৰু প্ৰসংগ, যেনেঃ বাস্তৱ জগতৰ বিষয় বা পৰিঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক আছে নে নাই, সেয়া ব্যাখ্যাৰ বাবে মুকলি কৰি ৰখা হয়।[7] কিছুমান কাল্পনিক ৰচনাৰ ভিতৰৰ চৰিত্ৰ আৰু পৰিঘটনাবোৰ আনকি পৰিচিত ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ পৰা সম্পূৰ্ণ পৃথক নিজস্ব প্ৰসংগত থাকিব পাৰে। সেয়া হৈ পৰে এক স্বাধীন কাল্পনিক বিশ্বব্ৰহ্মাণ্ড। কল্পকাহিনীৰ বিপৰীতে অ-কল্পকাহিনী ৰচনাৰ সৃষ্টিকৰ্তাসকলে কেৱল ঐতিহাসিক আৰু বাস্তৱিক সত্যকহে উপস্থাপন কৰাৰ দায়িত্ব গ্ৰহণ কৰে। কল্পকাহিনী আৰু অ-কল্পকাহিনীৰ মাজত পৰম্পৰাগত পাৰ্থক্য থকাৰ পিছতো কিছুমান আধুনিক ৰচনাই এই সীমা অস্পষ্ট কৰি পেলায়। বিশেষকৈ কিছুমান পৰীক্ষামূলক গল্প কোৱাৰ ধাৰাত পৰে। যেনেঃ- কিছুমান উত্তৰ আধুনিক কল্পকাহিনী, স্বকল্পকাহিনী,[8] বা অকল্পকাহিনী উপন্যাস আৰু ডকুড্ৰামাৰ দৰে সৃষ্টিশীল অকল্পকাহিনী।[9] সাহিত্যিক কল্পকাহিনীসাহিত্যিক কল্পকাহিনীৰ সংজ্ঞা বিতৰ্কিত। গ্ৰন্থ ব্যৱসায়ত ইয়াক এনে উপন্যাসৰ বজাৰত ব্যৱহাৰ কৰা হয় যিবোৰ কোনো প্ৰতিষ্ঠিত ধাৰাত পৰিপাটিকৈ খাপ নাখায়। আন সংজ্ঞাসমূহ হ'ল যে উপন্যাস এখন কাহিনী-চালিত নহয়। চৰিত্ৰ-চালিত হ'লে বা মানুহৰ অৱস্থা পৰীক্ষা কৰিলে, বা ভাষা পৰীক্ষামূলক বা কাব্যিকভাৱে ব্যৱহাৰ কৰিলে, বা কেৱল "গুৰুতৰ" হ'লে উপন্যাস এখন সাহিত্যিক কল্পকাহিনী। [10] সাহিত্যিক কল্পকাহিনীক প্ৰায়ে সাহিত্যৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়, বিশেষভাৱে কলা হিচাপে গণ্য কৰা লেখাৰ সংক্ষিপ্ত অৰ্থত।[11] সাহিত্যিক কল্পকাহিনীক কেতিয়াবা কল্পধাৰাতকৈ উচ্চ বুলি গণ্য কৰা হয় যদিও দুয়োটা পাৰস্পৰিক বিৰোধী নহয়, আৰু প্ৰধান সাহিত্যিকসকলে কল্পবিজ্ঞান, অপৰাধ কল্পকাহিনী, ৰোমাঞ্চ আদি ধাৰাক ব্যৱহাৰ কৰি সাহিত্যৰ সৃষ্টি কৰিছে। তদুপৰি যোৱা দশকবোৰত বিদ্যায়তনিক দিশৰ ভিতৰত কল্পকাহিনীৰ ধাৰাইও অধ্যয়নৰ বিকাশ ঘটিছে। তথ্যউৎস
|
Portal di Ensiklopedia Dunia