কলাপচন্দ্ৰ দ্বিজ
ৰাধা- চৰিতৰ চমু পৰিচয়কালাপচন্দ্ৰৰ ৰাধা় বিদ্যাপতি, চণ্ডীদাসৰ নাইবা ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ পৰকীয়াপ্ৰেমত মত্তা কামচঞ্চলা যুবতী নহয়, তেওঁ কৃষ্ণ-ভক্তিত তদগতচিত্তা ভক্তা। কৃষ্ণৰ মুখত ৰাধাৰ প্ৰশংসা শুনি ঈৰ্ষান্বিতা ৰুক্মিণীয়ে যেতিয়া উদ্ধৱক বৃন্দাবনলৈ ৰাধাক চাবৰ কাৰণে পঠাই দিয়ে তেতিয়া উদ্ধৱে গৈ দেখা পালে- আছন্ত আসনে বসি ৰাধিকা গোসাঁনী। সদায়ে নাছাড়ে মুখ ৰাম কৃষ্ণ বাণী॥ কিঞ্চিতো নাহিকে প্ৰভা তান শৰীৰত। নাহি শ্ৰুতিজ্ঞান আৰু ৰাধাৰ দেহত॥ নাহি গাত মাংস অস্থি চৰ্মমাত্ৰ সাৰ। দেখিলা উদ্ধৰে হেন অৱস্থা ৰাধাৰ॥ কলাপচন্দ্ৰই নাৰায়ণ ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ চতুৰ্থ স্কন্ধৰ আংশিক ভাঙনি কৰিছিল। 'ৰাধা চৰিত্ৰ' আৰু চতুৰ্থ স্কন্ধ ভাঙনি কৰা কলাপচন্দ্ৰ দুজন সুকীয়া লেখক নে এজন কোৱা টান। এওঁৰ পিতৃ ৰাম সৰস্বতী মহাভাৰত প্ৰণয়কাৰী ৰামসৰস্বতী নে অন্য কোনোৱা এজন সেই বিষয়ে সঠিককৈ কোৱা টান। এই কলাপচন্দ্ৰই সম্ভৱতঃ 'শ্ৰীৰামকীৰ্তন'ত উল্লেখ কৰা 'ৰামায়ণচন্দ্ৰিকা'ৰ কবি। বাহ্যিক সংযোগ
|