কনফুচিয়াছ
কনফুচিয়াছ (৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়।[1] কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়াছ ধৰ্ম বুলি জনা যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে।[2][3] প্ৰাৰম্ভিক জীৱনভবা হয়, ৫৫১ খ্ৰীষ্টপূৰ্বৰ ২৮ ছেপ্টেম্বৰত কনফুচিয়াছৰ জন্ম হৈছিল।[4][5] তেওঁৰ জন্ম হৈছিল ঝাউ জিলাত, যিখন ঠাইক এতিয়া চীন দেশত কুফু বুলি জনা যায়।[5][6] তেওঁৰ দেউতাক কংগ হে (নাইবা ছুলিয়াং হে) স্থানীয় লু সেনানীৰ এজন বৰ্ষীয়ান সেনানায়ক আছিল। [7] কনফুচিয়াছৰ পৰম্পৰাগত জীৱনৰ পৰা অনুমান কৰিব পাৰি যে, কংগ হেৰ ককাদেউতাকে তেওঁলোকক ছঙৰ পৰা লুলৈ প্ৰব্ৰজন কৰাই আনিছিল।[8] কনফুচিয়াছৰ তিনি বছৰ বয়সত তেওঁৰ দেউতাকে মৃত্যুবৰণ কৰে। মাক য়ান ঝেংগঝাইয়ে তেতিয়া কনফুচিয়াছক লালন-পালন কৰে।[9] চল্লিছ বছৰ বয়সত মাক য়ানৰ পৰলোকপ্ৰাপ্তি ঘটে।[9] ১৯ বছৰ বয়সত, কনফুচিয়াছে কুইগান নামৰ এগৰাকী যুৱতীক বিয়া পাতে আৰু বিবাহৰ প্ৰথমটো বছৰৰ পাছতেই তেওঁলোকৰ কংগ লি নামৰ এটি সন্তান লাভ কৰে।[9] পিছলৈ তেওঁলোকে আৰু দুটি কন্যা সন্তান লাভ কৰে। তাৰে এটি সন্তান কেঁচুৱা অৱস্থাতেই মৃত্যুবৰণ কৰে।[10] কনফুচিয়াছে সাধাৰণ শ্ৰেণীৰ বাবে প্ৰতিষ্ঠা কৰা বিদ্যালয়বোৰতে শিক্ষাগ্ৰহণ কৰিছিল। সেইবোৰ বিদ্যালয়ত তেওঁ ছয় কলাৰ বিষয়ে শিকিছিল।[11] যৌৱনাৱস্থাৰ প্ৰাক্-ক্ষণত কনফুচিয়াছে কেইবাটাও চৰকাৰী বিভাগত কাম কৰিছিল বুলি ধাৰণা কৰা হয়। তাৰলগতে হিচাপৰক্ষক হিচাপে, ভেড়া আৰু ঘোঁৰাৰ যত্নলওঁতা হিচাপেও তেওঁ কৰ্মত নিয়োজিত হৈছিল। মাতৃক সমাধিস্থ কৰাৰ পূৰ্বে পালন কৰিবলগীয়া কিছুমান ৰীতি মানি তেওঁ এইসমূহ কাম কৰিবলগা হৈছিল। উল্লেখনীয় যে, মাতৃক হেৰুউৱাৰ তিনি বছৰ পাছলৈকে তেওঁ সামাজিক প্ৰথা মানি মৌনতা অৱলম্বন কৰিছিল। মাতৃৰ মৃত্যুৰ সময়ত কনফুচিয়াছৰ বয়স আছিল তেইশ।[12] ৰাজনৈতিক জীৱনকনফুচিয়াছৰ ৰাজনৈতিক জীৱন বৰ দীঘলীয়া নাছিল। চল্লিছ আৰু পঞ্চাছ বছৰৰ সময়ছোৱাত কনফুচিয়াছে প্ৰথমে হাকিম হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত ৰাজহুৱা কৰ্মৰ এজন সহকাৰী মন্ত্ৰী হিচাপে আৰু শেষত ন্যায় মন্ত্ৰী হিচাপে লু ৰাজ্যত কাৰ্যনিৰ্বাহ কৰিছিল। কিছুমান কূটনীতিগত অভিযানতো মুখ্য মন্ত্ৰীৰ ৰূপত কনফুচিয়াছে ৰজা কিং লুক সহায় কৰিছিল বুলি ভাবিব পাৰি। কিন্তু এসময়ত ৰাজন্যবৰ্গই কনফুচিয়াছৰ ৰাজনৈতিক মত আৰু বিচাৰধাৰাসমূহত গুৰুত্ব নিদিয়া যেন তেওঁ অনুভৱ কৰিলে। তেতিয়া তেওঁৰ বয়স আছিল ৫৬। সেয়েহে তেওঁ দেশ ত্যাগ কৰি ওলাই গ'ল। স্ব-নিৰ্বাসনৰ সেই বাৰটা বছৰত কনফুচিয়াছক সংগ দিছিল তেওঁৰ ছাত্ৰসকলে। শিক্ষক হিচাপে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিভা সেইখিনি সময়তে প্ৰচাৰ ঘটিল।[13] কনফুচিয়াছৰ দৰ্শনসোণালী সূত্ৰকনফুচিয়াছৰ দৰ্শনৰ ভিত্তি আছিল ৰেইন অথবা আনক ভাল পোৱা নীতি। সেই নীতিৰ গঢ় লৈ উঠিছিল আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰত। কনফুচিয়াছে বিশ্বাস কৰিছিল যে-এটা সোণালী সূত্ৰৰ প্ৰয়োগৰ দ্বাৰা 'ৰেইন' নীতি কাৰ্যকৰী কৰিব পাৰি। সেই সূত্ৰটো হ'ল-তুমি যিটো নিজৰ কাৰণে বাঞ্ছা নকৰা, সেইটো তুমি আনৰ বাবেও নকৰিবা।[14] ৰাজনৈতিক দৰ্শনকনফুচিয়াছৰ ৰাজনৈতিক শিক্ষাও মূলতঃ আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰতেই নিৰ্ভৰশীল আছিল। তেওঁ বিশ্বাস কৰিছিল যে, নেতা এজনে বিনম্ৰ হৈ থাকিবলৈ হ'লে আৰু তেওঁৰ অনুগামীসকলক সমানুভূতিৰ চকুৰে চাবলৈ হ'লে আত্ম-নিয়মানুৱৰ্তিতাৰ অনুশীলন কৰিব লাগিব।[14] শৈক্ষিক দৰ্শনকনফুচিয়াছৰ শৈক্ষিক দৰ্শনত ছয় কলাক গুৰুত্ব দিয়া হয়। সেই ছয় কলা হৈছে-ধনুৰ্বিদ্যা, হস্তলিপি, গণনা, সংগীত, ৰথ-চালনা আৰু আচাৰ-সম্পৰ্কীয় জ্ঞান। কনফুচিয়াছে বিশ্বাস কৰিছিল যে, মানুহক সততাৰে জীৱন নিৰ্বাহ কৰিবলৈ অনুপ্ৰাণিত কৰাটোৱেই এজন শিক্ষাদাতাৰ মূল উদ্দেশ্য হোৱা উচিত।[14] মৃত্যু৪৭৯ খ্ৰীষ্টপূৰ্বত, প্ৰায় ৭২ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।[15] শিষ্যসকলে তেওঁৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰে।[16] তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia