এফ্ৰোডাইটি
এফ্ৰোডাইটি (ইংৰাজী: Aphrodite) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁহ।[3][4][3][3] কাইথিৰা, চাইপ্ৰাচ, কৰিন্থ আৰু এথেন্সতেই ঘাইকৈ এফ্ৰোডাইটি পন্থাৰ কেন্দ্ৰসমূহ আছিল। এফ্ৰোডাইছিয়া আছিল তেওঁৰ প্ৰতি উৎসৰ্গিত মূল উৎসৱ। তেওঁক যুঁজাৰু দেৱী হিচাপেও আৰাধনা কৰা হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ দেহোপজীৱিনীসকলৰ পৃষ্ঠপোষক যাৰ ভিত্তিতেই পণ্ডিতসকলে গ্ৰীক-ৰোমান সংস্কৃতিত প্ৰচলিত পবিত্ৰ দেহ ব্যৱসায়ৰ ধাৰণাটো আগবঢ়ায়। জন্মহেচিঅ'দৰ থিঅ'গনিৰ মতে পুত্ৰ ক্ৰ'নচৰদ্বাৰা ইউৰেনাচৰ খণ্ডিত যৌনাংগৰদ্বাৰা উৎপন্ন হোৱা সমুদ্ৰৰ ফেনৰ পৰা কাইথিৰাৰ উপকূলত এফ্ৰোডাইটিৰ জন্ম হয়।[5][6] কিন্তু হোমাৰৰ ইলিয়াদৰ মতে এফ্ৰোডাইটি জ্যুচ আৰু ডায়'নেৰ জীয়ৰী।[7][3] আখ্যানকিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফেইষ্টাচৰ সৈতে।[3][8][6] কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফেইষ্টাচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। ওডিচীৰ মতে তেওঁক এবাৰ এৰিচৰ সৈতে মিলনৰত অৱস্থাত হেফেইষ্টাচে ধৰা পেলাইছিল। [6] দেৱ-দেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। [3] ইলিয়াদত এথেনা আৰু হীৰাৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ (পেৰিছৰ বিচাৰ) সৈতেও এফ্ৰোডাইটি জড়িত।[9] এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা ইৰ'চক দেখা পোৱা যায়।[3] টোকা
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia