ইন্দৰ কুমাৰ গুজৰাল
ইন্দৰ কুমাৰ গুজৰাল (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল। তেওঁ ৰাজ্যসভাৰ নেতা আৰু জলন্ধৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈ ছোভিয়েট সংঘলৈ ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। ৰাজ্যসভাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ তৃতীয় গৰাকী ব্যক্তি। ইয়াৰ আগতে ইন্দিৰা গান্ধী প্ৰথম আৰু এইচ ডি দেৱেগৌড়া দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ৰাজ্যসভাৰ পৰা হৈছিল। তেওঁৰ পিছত ড॰ মনমোহন সিঙে ৰাজ্যসভাৰ পৰা প্ৰধানমন্ত্ৰী হোৱা চতুৰ্থ ব্যক্তিত পৰিণত হয়।[2][3] প্ৰাৰম্ভিক জীৱন১৯১৯ চনৰ ৪ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ পৰী দাৰৱাজা ঝিলামত পঞ্জাবী হিন্দু খত্ৰী পৰিয়ালত ইন্দৰ কুমাৰ গুজৰালৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম অৱতাৰ নাৰায়ণ আৰু পুষ্পা গুজৰাল। তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ৰৰ অন্তৰ্গত দয়ানন্দ এংলো বেদিক স্কুল চিষ্টেম কলেজ, হেইলি কলেজ অফ কমাৰ্চ আৰু ফৰ্মেন খ্ৰীষ্টান কলেজত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল।[4] ইয়াৰ বাবে তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ১৯৪২ চনত কাৰাবাস খাটিছিল।[5] ছাত্ৰ অৱস্থাত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল। ১৯৪৫ চনৰ ২৬ মে' তাৰিখে তেওঁ শীলা গুজৰালৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[6][7][8] তেওঁলোকৰ দুজন পুত্ৰ ৰাজ্যসভাৰ সাংসদ নৰেশ গুজৰাল আৰু বিশাল গুজৰাল। ইন্দৰ গুজৰালৰ ভাতৃ সতীশ গুজৰাল বিশ্ববিখ্যাত চিত্ৰশিল্পী আৰু ভাস্কৰ্যবিদ। কৰ্মজীৱনতেওঁ ১৯৫৮ চনত নতুন দিল্লী পৌৰসমিতিৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।[9] ১৯৬৪ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। তেওঁৰ লগত ইন্দিৰা গান্ধীৰ ভাল সম্পৰ্ক আছিল আৰু ১৯৬৪ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ১৯৭৫ চনৰ ভাৰতৰ আপাতকালৰ সময়ত তেওঁ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী আছিল। তেওঁ সেই সময়ত দূৰদৰ্শনৰ দায়িত্বত আছিল। তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৭৬ চনলৈ সাংসদৰ দায়িত্ব পালন কৰে। পিছলৈ তেওঁক ইন্দিৰা গান্ধীয়ে ছোভিয়েট সংঘৰ ৰাষ্ট্ৰদূত নিযুক্ত কৰে।[4][10] পিছলৈ তেওঁক পৰিকল্পনা মন্ত্ৰণালয়লৈ নিযুক্ত কৰা হয়। জনতা দল১৯৮০ৰ দশকত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। তাৰপিছত তেওঁ জনতা দলত যোগদান কৰে।[11] ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ জলন্ধৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তাৰপিছত তেওঁ প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিংৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।[4][12] ১৯৯২ চনত তেওঁ লালু প্ৰসাদ যাদৱৰ সহায়ত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[4] ১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰত তেওঁ এইছ ডি দেৱেগৌড়াৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।[11] ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় সংযোগ আৰু সংসদীয় পৰিক্ৰমা, তথ্য আৰু সম্প্ৰচাৰণ, শ্ৰম আৰু গৃহ পৰিকল্পনাৰ মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰীৰ পদ চম্ভালিছিল।[13] ১৯৯৭ চনৰ এপ্ৰিল মাহত কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰৰ পৰা সমৰ্থন ঘূৰাই লয়। ইয়াৰ ফলত চৰকাৰ ভংগ হয়। পিছলৈ কংগ্ৰেছে অন্য এজন নেতাৰ প্ৰতিনিধিত্বত চৰকাৰ গঠন কৰিলে সমৰ্থন কৰিব বুলি কথা দিয়াত ১৯৯৭ চনৰ ২১ এপ্ৰিলত ইন্দৰ কুমাৰ গুজৰালে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ বাংলাদেশৰ মুক্তিযোদ্ধা সন্মান লাভ কৰিছিল। মৃত্যু২০১২ চনৰ ১৯ নৱেম্বৰ তাৰিখে হাৰিয়ানাৰ গুৰুগ্ৰামত অৱস্থিত মেডান্তা হস্পিটেলত ইন্দৰ কুমাৰ গুজৰালক ভৰ্তি কৰোৱা হৈছিল।[14] তাত তেওঁৰ হাওঁফাওঁৰ সংক্ৰমণ ধৰা পৰে।[15] ২০১২ চনৰ ৩০ নৱেম্বৰ তাৰিখে তেওঁৰ ৯৩তম জন্মদিনৰ ৪ দিন আগতে তেওঁৰ মৃত্যু হয়।[16][17][18] আত্মজীৱনী
তথ্য উৎস
বাহ্যিক সংযোগ
|