আৰ'নাইআৰনাই হৈছে একপ্ৰকাৰৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। [1][2] হাতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে।[3] বড়ো পৰম্পৰা অনুসৰি আৰনাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰিও, প্ৰিয়জনক উপহাৰ স্বৰূপে ভেদ কৰা হয়। বিভিন্ন দৈৰ্ঘ্যৰ আৰু কম পুতলৰ দুই আঁচুৰ ওপৰ পাৰিত ৰুচি সন্মত চানেকিৰে ফুল বচা আৰনাই বড়ো সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। ২০২৪ চনত বড়ো জনগোষ্ঠীৰ এই বস্ত্ৰবিধে ভৌগলিক সূচাংক অৰ্থাৎ জি আই টেগ লাভ কৰে। [4][5] ব্যৱহাৰআৰনাই প্ৰধানকৈ ডিঙিত মেৰিয়াই লোৱা কাপোৰ। ইয়াৰোপৰি বড়ো নৃত্য পৰিৱেশনৰ সময়তো আৰনাই ব্যৱহাৰ কৰা হয়।[2] প্ৰিয়জনক উৎসৱ ইত্যাদিত ইয়াক উপহাৰ স্বৰূপে প্ৰদান কৰা হয়। ডিঙিত মেৰিয়াই শীত নিবাৰণৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। পুৰণি কালত বড়োসকলে যুদ্ধৰ সময়ত এই আৰনাই কঁকালত বেল্টৰ দৰে বান্ধি লৈছিল। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia