আশ্ৰাফুল হক
জন্ম আৰু শিক্ষাআশ্ৰাফুল হকৰ জন্ম হয় ১৯৬৯ চনৰ ৩ নৱেম্বৰ তাৰিখে অসমৰ গোৱালপাৰা জিলাত। হকে ১৯৮৭ চনত গোৱালপাৰাৰ বলদমাৰী হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা সাং কৰে আৰু ১৯৯২ চনত গোৱালপাৰা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4] পাছলৈ তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ভৰ্তি হয় আৰু ১৯৯৭ চনত তাৰপৰা অভিনয়ত specialization সহ dramatics বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[5][3] অভিনয় জীৱন১৯৮৪ চনত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ অসমৰ গোঁসাইগাঁওত নাটকত অভিনয়ৰ পাতনি মেলে। ১৯৮৬ চনৰপৰা তেওঁ গোৱালপাৰাত থাকিবলৈ লয় আৰু নাটকৰ অভিনয় চলাই যায়। গোৱালপাৰা মহাবিদ্যালয়ত পঢ়ি থকা কালতো তেওঁ বহুকেইখন নাটকত অভিনয় কৰে। ১৯৯৭ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ মুম্বাইত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰে।[6] অভিনয় জীৱনত তেওঁ বহুকেইখন হিন্দী চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।[7][4] অভিনীত চলচ্চিত্ৰ
মৃত্যুব'ন মেৰ' কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ২০১৫ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ সুনীতা হস্পিতেলত হকে শেষ নিশ্বাস ত্যাগ কৰে।[8][9] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia