আশাৰীকান্দি
আশাৰীকান্দি (ইংৰাজী: Asharikandi) অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও।[1][2] আশাৰীকান্দি পাৰম্পৰিক মৃৎ শিল্পৰ বাবে বিখ্যাত। গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে। অৱস্থানআশাৰীকান্দি গাঁও ধুবৰী চহৰৰ পৰা ১৪ কিঃমিঃ নিলগত অৱস্থিত। গৌৰীপুৰত অৱস্থিত ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেচনলৈ দূৰত্ব প্ৰায় ৮ কিঃমিঃ। আশাৰীকান্দি ৰূপসী বিমানবন্দৰৰ পৰা ১৪ কিঃমিঃ নিলগত অৱস্থিত। ধুবৰী চহৰৰ পৰা গৌৰীপুৰ চহৰলৈ নিয়মীয়া বাছ চলাচল কৰে। নামৰ উৎপত্তিজনশ্ৰুতি মতে আশাৰীকান্দি নামটো 'আশাৰ' আৰু 'কান্দি' শব্দ দুটাৰ সংমিশ্ৰণৰ পৰা সৃষ্টি হৈছে। অসমীয়া দিনপঞ্জী অনুসৰি আহাৰ বছৰৰ তৃতীয় মাহ। আহাৰ মাহক স্থানীয় ভাবে প্ৰচলিত গোৱালপৰীয়া উপভাষাত 'আশাৰ' বা 'আশ্বাৰ' বোলা হয়। আনহাতে 'কান্দি' মানে কান্দোন। আহাৰ মাহত অসমত প্ৰবল বৃষ্টিপাতৰ ফলত বানপানী হয়। ইয়াৰ ফলত এই স্থানীয় লোকসকলৰ বিপদৰ পৰা অশ্ৰু ওলাই যায়। বিশেষকৈ মৃৎ শিল্পৰ লগত জড়িত শিল্পী সকলে যথেষ্ট কষ্ট ভোগ কৰে। কাৰণ তেওঁলোকে তেওঁলোকৰ সামগ্ৰী বোৰ বনাব, শুকুৱাব, পুৰিব নোৱাৰে আৰু বাৰিষাকালত তেওঁলোকৰ আগৰ উৎপাদন কৰা সামগ্ৰীবোৰ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিব নোৱাৰে। ভূগোলইয়াৰ গড় উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ২৬ মিটাৰ (৮৫ ফুট)। গধাধৰ নদী গাঁওখনৰ কাষৰে বৈ গৈছে।[3] গধাধৰ নদী গৈ ব্ৰহ্মপুত্ৰ নদত পৰাৰ বাবে আশাৰীকান্দিৰ শিল্পী সকলক জল পৰিবহণত বিশেষ সুবিধা। ইয়াৰ আশে-পাশে মৃৎ শিল্পৰ বাবে প্ৰয়োজনীয় হীৰামাটি পোৱা যায়। জন-গাঁথনি২০০১ চনৰ ভাৰত জনগণনা অনুসৰি আশাৰীকান্দি গাঁৱত ৩০৫টা পৰিয়ালত মুঠ ১,৮৭২ গৰাকী ব্যক্তি বাস কৰে। ইয়াৰে পুৰুষৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৫১% আৰু মহিলা ৪৯%।[1] গাঁৱৰ ৮০%-ৰ বেছি পৰিয়াল এই জাতি ভিত্তিক শিল্পৰে জড়িত আৰু জাতীয় তথা আন্তৰ্জাতিক বজাৰত মৃৎশিল্পৰ এই বস্তুবোৰ বিক্ৰী কৰি তেওঁলোকৰ জীৱন অতিবাহিত কৰে। পৰম্পৰাগতভাৱে এই পৰিয়ালবোৰৰ বেছিভাগ 'পাল' সম্প্ৰদায়ৰ। মৃৎ শিল্পঊনৈছ শতিকাৰ আৰম্ভণিতে মৃৎ শিল্পৰ লগত জড়িত কেইটামান পৰিয়ালে পূৱ বংগৰ (এতিয়া বাংলাদেশ) পৰা আশাৰীকান্দিলৈ প্ৰব্ৰজন কৰিছিল আৰু নতুনত্বৰ সৈতে তেওঁলোকৰ জীৱিকা বজাই ৰাখিছিল। কেঁচা মালৰ উপলব্ধতা, সস্তীয়া পৰিবহণ সুবিধা, গুৰুত্বপূৰ্ণ কৌশলগত অৱস্থান আদি কিছুমান আৰ্থিকভাৱে ব্যৱহাৰযোগ্য কাৰকৰ বাবে তেওঁলোকে এই স্থান বাছনি কৰিছিল। তেওঁলোকে সুকীয়া বৈশিষ্ট্যযুক্ত অসমীয়া মৃৎ শিল্পৰ জন্ম দিলে। বৰ্তমান এই গাঁৱৰ ৮০%ৰো অধিক পৰিয়াল এই জাতিগত কলাৰ লগত জড়িত হৈ আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত টেৰাকোটাৰ সামগ্ৰী বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে।[4] উল্লেখযোগ্য শিল্পীআশাৰীকান্দি গাঁৱৰ অজস্ৰ কলাকুশলী সকলৰ ভিতৰত প্ৰয়াত সৰলা বালা দেৱী বিশেষভাবে বিখ্যাত। তেওঁৰ অভিনৱ কৃতিৰ বাবে ১৯৮২ চনত মৃৎ শিল্পৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। তেওঁ নিৰ্মাণ কৰা কোলাত শিশু থকা এগৰাকী সুন্দৰী মহিলাৰ পুতলায়ে গাঁওখনলৈ খ্যাতি কঢ়িয়াই আনিছিল। সৰলা বালা দেৱীৰ সন্তান ধিৰেন্দ্ৰ নাথ পাল মৃৎ শিল্পীৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰশংসিত ওজা শিল্পী। মহাদেৱ পালে উৎকৃষ্ট কৃতি গণেশৰ মূৰ্তিৰ বাবে মৃৎ শিল্পৰ ৰাজ্যিক বঁটা লাভ কৰিছিল। গোকুল পাল আৰু অশ্বিনী পাল এই গাঁৱৰ প্ৰতিভাবান যুৱ দিল্পী।[5] চৰকাৰী পদক্ষেপঅসম চৰকাৰে আশাৰীকান্দি গাঁওখনক মডেল গাঁও হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰ গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ অধীনলৈ আনিছে। উত্তৰ পূব শিল্প আৰু গ্ৰাম্য উন্নয়ন সংস্থা নামৰ এক বেচৰকাৰী সংস্থায়ে ইয়াৰ কলাকুশলীসকলৰ শিল্প আৰু আৰ্থ-সামাজিক বিকাশৰ বাবে কাম কৰি আছে। ই ২০০৬ চনৰ পৰা টেৰাকোটা কলা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে এক ৰাষ্ট্ৰসংঘ উন্নয়ন প্ৰকল্প (ইউএনডিপি) ৰূপায়ণ কৰি আছে।[2] ২০২০ চনত 'মন কি বাত'ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ভকেল ফৰ লকেল' আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ প্ৰতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোতে আশাৰীকান্দিৰ মৃৎ শিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল। চিত্ৰপেৰাতথ্য উৎস
|