আয়তক্ষেত্ৰ
![]() আয়তক্ষেত্ৰ (ইংৰাজী: Rectangle) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ।[1][2] এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক। বৰ্গক্ষেত্ৰ এটি বিশেষ ধৰণৰ আয়তক্ষেত্ৰ যাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান; ইয়াৰ অৰ্থ বৰ্গ একে সময়তে এক আয়তক্ষেত্ৰ আৰু ৰম্বাছ। দুটি বিপৰীত সমান্তৰাল যোৰা মাজত যিটো বেছি দীঘল তাৰ দৈৰ্ঘ্যক আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু সৰু যোৰা বাহুক আয়তক্ষেত্ৰৰ প্ৰস্থ বোলা হয়। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ গুণফল। সংকেতত প্ৰকাশ কৰিলে । উদাহৰণস্বৰূপে ৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্ৰস্থৰ আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল ২০ বৰ্গ একক: । আয়তক্ষেত্ৰৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে । সেই অনুসৰি 5 cm দৈঘ্য আৰু 4cm প্ৰস্থৰ আয়তটোৰ পৰিসীমা হ'ব বৈশিষ্ট্য
সংশ্লিষ্ট বহুভুজ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia