আনন্দ বক্সী
প্ৰাথমিক জীৱনআনন্দ বক্সী (আনন্দ প্ৰকাশ বৈদ)ৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডিত (বৰ্তমান পাকিস্তানৰ পঞ্জাৱত), ১৯৩০ চনৰ ২১ জুলাইত বৈদ বংশৰ মহিয়াল ব্ৰাহ্মণ পৰিয়ালত।[4][5] এই পৰিয়ালটো দিল্লীত উপস্থিত হয়, ভাৰত বিভাজনৰ পিছত আৰু তাৰ পিছত পুনেলৈ প্ৰব্ৰজন কৰে, তাৰ পিছত মীৰুটলৈ আৰু অৱশেষত দিল্লীত বসতি স্থাপন কৰে।[4][5] বক্সীয়ে সৰুৰে পৰা কবিতা লিখাৰ প্ৰতি আকৰ্ষিত আছিল যদিও এই কামটো তেওঁ বেছিভাগেই ব্যক্তিগত চখ হিচাপে কৰিছিল। ১৯৮৩ চনত দূৰদৰ্শনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাক্ষীয়ে কয় যে প্ৰাৰম্ভিক পঢ়া-শুনাৰ পিছত তেওঁ ভাৰতীয় নৌসেনাত যোগদান কৰে, য'ত সময়ৰ অভাৱৰ বাবে তেওঁ মাজে মাজেহে লিখিব পাৰিছিল। সময়ৰ অনুমতি সাপেক্ষে তেওঁ কবিতা লিখি থাকিল, আৰু তেওঁৰ সৈন্যৰ সৈতে জড়িত স্থানীয় অনুষ্ঠানত তেওঁৰ গীত আৰু গীতৰ কথা ব্যৱহাৰ কৰিছিল। বহু বছৰ নৌসেনাত কাম কৰাৰ লগতে সমান্তৰালভাৱে মুম্বাইৰ চলচ্চিত্ৰ জগতত নিজৰ গীতৰ বজাৰ কৰিবলৈ চেষ্টা কৰিছিল।[4][5] কেৰিয়াৰ১৯৫৮ চনত হিন্দী ছবি ভলা আদমিৰ চাৰিটা গীত লিখি তেওঁ প্ৰথম ১৫০ টকাৰ ৰাশি লাভ কৰিছিল।[6][5] এই ছবিখনত তেওঁ সংগীত পৰিচালক নিচাৰ বাজমীৰ বাবে চাৰিটা গীত লিখিছিল।[2] এই ছবিখনৰ তেওঁৰ প্ৰথম গীত আছিল "ধৰ্তি কে লাল না কৰ ইতনা মালাল" যিটো ১৯৫৬ চনৰ ৯ নৱেম্বৰত (অল ইণ্ডিয়া ৰেডিঅ'ৰ সাক্ষাৎকাৰত তেওঁৰ নিজৰ কণ্ঠত) ৰেকৰ্ডিং কৰা হৈছিল।[7] ১৯৫৮ চনৰ পৰা কেইখনমান চিনেমাৰ বাবে গীত লিখাৰ পিছত ১৯৬২ চনত প্ৰথমবাৰৰ বাবে ৰাজ কাপুৰক প্ৰযোজক হিচাপে লৈ কল্যাণজী-আনন্দজীৰ সংগীত মেহেন্দী লাগী মেৰে হাথ (১৯৬২) ছবিখনৰ জৰিয়তে সফলতা লাভ কৰে। তেওঁ গীত গোৱা উল্লেখযোগ্য ছবিসমূহ হ'ল:
লক্ষ্মীকান্ত–প্যাৰেলাল, আৰ ডি বৰ্মন, কল্যাণজী আনন্দজী, এছ ডি বৰ্মন, অনু মালিক, ৰাজেশ ৰোশন আৰু আনন্দ–মিলিন্দ আদি সংগীত সুৰকাৰৰ সৈতে বক্সীৰ বহুল সম্পৰ্ক আছিল আৰু তেওঁৰ গীতসমূহ সকলো শীৰ্ষ গায়কৰ লগতে আন আন গায়ক যেনে... শ্বামছাদ বেগম, ইলা অৰুণ, খুৰশ্বীদ বাৱৰা, আমিৰবাই কৰ্ণাটকী, সুধা মালহোত্ৰা আদিয়ে গাইছিল। তেওঁ এটাতকৈ অধিক প্ৰজন্মৰ সংগীত সুৰকাৰৰ সৈতে কাম কৰা বুলি জনা যায়।.[3] 'হৰে ৰাম হৰে কৃষ্ণ (১৯৭১) চলচ্চিত্ৰৰ বাবে লিখা "দম মাৰো দম" গীতটোৰে তেওঁ নিজকে বহুমুখী গীতিকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।[3][2] ইয়াৰ পিছত ববী, অমৰ প্ৰেম (১৯৭১), আৰাধনা (১৯৬৯), জীনে কি ৰাহ, মেৰা গাওঁ মেৰা দেশ, আয়ে দিন বাহাৰ কে, আয়া সৱন ঝুম কে, সীতা ঔৰ গীতা, শোলে (১৯৭৫), ধৰম বীৰ, নগিনা, লামহে, হম (১৯৯১), মোহৰা (১৯৯৪), দিলৱালে দুলহনিয়া লে জায়েংগে (১৯৯৫), পৰদেশ (১৯৯৭), হীৰ ৰণঝা, দুছমান (১৯৯৮), তাল (১৯৯৮), মহব্বতে (২০০০), গদৰ: এক প্ৰেম কথা (২০০১), আৰু য়াদে (২০০১) আদি বহু চলচ্চিত্ৰত স্মৰণীয় গীতৰ কথা ৰচনা কৰে। ব্যক্তিগত জীৱনবক্সীৰ বিবাহ কমলা মোহন বাক্সীৰ সৈতে হৈছিল। দম্পতীহালৰ দুগৰাকী কন্যা সুমন দত্ত আৰু কবিতা বালি আৰু দুজন পুত্ৰ ৰাজেশ বক্সী আৰু ৰাকেশ বক্সী।[8] মৃত্যুজীৱনৰ শেষৰ ফালে তেওঁ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈছিল। ২০০২ চনৰ মাৰ্চ মাহত তেওঁ নানাৱতী চিকিৎসালয়ত হৃদযন্ত্ৰৰ সৰু অস্ত্ৰোপচাৰৰ সময়ত বেক্টেৰিয়াৰ সংক্ৰমণত আক্ৰান্ত হয়। ২০০২ চনৰ ৩০ মাৰ্চত একাধিক অংগ বিকল হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।[5][9][6] তথ্য সংগ্ৰহ
|