অৰ্চনা ভট্টাচাৰ্য
অৰ্চনা ভট্টাচাৰ্য (জন্ম-১৯৪৮) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।[1][2] শিক্ষাঅৰ্চনা ভট্টাচাৰ্যই ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৯ চনত একেখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৬৪ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে "ভাৰতীয় বিজ্ঞান প্ৰতিভা"ৰ জলপানি লাভ কৰে। ১৯৭৫ চনত তেখেতে নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী আহৰণ কৰে। তেখেতে পদাৰ্থ বিজ্ঞানৰ তাত্ত্বিক ঘনীভূত পদাৰ্থৰ ক্ষেত্ৰখনত কাম কৰিছিল।[2] কৰ্মজীৱন১৯৭৮ চনত অৰ্চনা ভট্টাচাৰ্যই 'ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান'ত যোগদান কৰে।[3] তেখেতে আৰ্বানা-চেম্পেইনৰ ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ কেচি য়েহ গ্ৰুপৰ লগত কাম কৰিছিল। ১৯৮৬ চনৰ পৰা ১৯৮৭ চনলৈকে তেখেতে সেই প্ৰতিষ্ঠানত কাম কৰে। ১৯৯৮-২০০০ চনত তেখেত আমেৰিকৰ মাচাছুছেটছস্থিত "বায়ু সেনা গৱেষণা প্ৰয়োগশালা"ত এগৰাকী জ্যেষ্ঠ এনআৰচি আৱাসিক গৱেষণা সহযোগী হিচাপে কাম কৰে। ২০০৫ চনৰ পৰা ২০১০ চনলৈকে তেখেত "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক হয়। তেখেত ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠানৰ এগৰাকী এমিৰেটাছ বিজ্ঞানী।[2] বঁটা আৰু সন্মান
গৱেষণাৰ ক্ষেত্ৰ
তথ্যসংগ্ৰহ
|
Portal di Ensiklopedia Dunia