অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ
অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷[1] এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন গ্ৰন্থত ক্ৰম অনুসাৰে কৰা হৈছে৷ সমান্তৰালভাৱে গ্ৰন্থখনত অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাস সম্পৰ্কে এটি ‘আগকথা’ সন্নিৱিষ্ট কৰা হৈছে৷ আগকথাৰ শিৰোনামটো-‘অসমীয়া কবিতাৰ বিৱৰ্তন’৷ [2] লেখকৰ পৰিচয়ৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। তদুপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেখেতৰ উল্লেখযোগ্য কৃতি। [3] গ্ৰন্থ বিৱৰণগ্ৰন্থখন অসমীয়া কবিতাৰ সম্পূৰ্ণ ইতিহাস বিষয়ক গ্ৰন্থ৷ [4] এই গ্ৰন্থখনত প্ৰত্ন বা আদি যুগ (৯৫০-১৩০০ শতিকা), প্ৰাক্-শঙ্কৰী যুগ (১৩০১-১৪৯০ খ্ৰীঃ), শঙ্কৰী যুগ (১৪৯১-১৭০০ শতিকা), পাঁচালী সাহিত্য (১৪-১৬শ শতিকা), শঙ্কৰোত্তৰ যুগ (১৭০০-১৮২৬ খ্ৰীঃ), প্ৰাক্ ৰোমাণ্টিক যুগ (১৮২৬-১৮৮৮), আধুনিক যুগ (১৯৪১-১৯৮৫)ৰ পৰা আৰম্ভ কৰি ১৯৯৯ চনলৈকে অসমীয়া কবিতাৰ সুদীৰ্ঘ পৰিক্ৰমা সামৰি নিৰ্বাচিত কবিতা সন্নিৱিষ্ট কৰা হৈছে৷ তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia