অমিতা
অমিতা (বৈজ্ঞানিক নাম: Carica papaya) হৈছে এবিধ ফল। অমিতা Caricaceae পৰিয়ালৰ সদস্য।[2]এই ফলটো মানুহে কেঁচা তথা সেউজীয়া অৱস্থাত পাচলি হিচাপে আৰু পকা অৱস্থাত ফল হিচাপে খায়। ইয়াৰ বহুতো ভেষজ গুণ আছে। ইয়াৰ ইউনানী নাম পাপিতা, আৰানড খৰবূযা। আৰু আয়ুৰ্বেদিক নাম অমৃততুম্বী। পৰিচিতিএইটো এটা সৰু আকৃতিৰ শাখাহীন বৃক্ষবিশেষ। ওখ বৃন্তযুক্ত ছত্ৰাকাৰ পাত ডাঙৰ হয় আৰু সৰ্পিল আকাৰত কাণ্ডৰ ওপৰৰ অংশত সজ্জিত থাকে। প্ৰায় গোটেই বছৰেই ফুল আৰু ফল হয়। কেঁচা ফল সেউজীয়া, পকা ফল হালধীয়া আৰু কমলা বৰ্ণৰ। এইটো পথ্য হিচাপেও ব্যৱহাৰ হয়। কেঁচা আৰু পকা দুয়োভাবেই খাব পাৰি; অৱশ্যে কেঁচা অৱস্থাত পাচলি আৰু পকিলে ফল হিচাপে খোৱা হয়। কেঁচা ফল বাহিৰৰ ফালে গাঢ় সেউজীয়া আৰু পকিলে বাকলিসহ হালধীয়া আৰু কমলা ৰঙৰ হয়। বিস্তৃতিঅমিতা ভাৰত, বাংলাদেশ, আমেৰিকা, ব্ৰাজিল ইত্যাদি দেশত হয়। খাদ্যপ্ৰাণ১০০ গ্ৰাম পাকা অমিতাৰ পুষ্টিগুণ:
ৰাসায়নিক উপাদানপাত আৰু কেঁচা ফল তৰুক্ষীৰ সমৃদ্ধ। এই তৰুক্ষীৰত প্ৰচুৰ পৰিমাণে হজমকাৰী এনজাইম প্যাপাইন বিদ্যমান। পাতত অ্যালকালয়েড, গ্লুকোচাইড আৰু ফলত প্ৰচুৰ পৰিমাণ ভিটামিন আছে। গুণাগুণকাহৰ লগত তেজ ওলোৱা, কেঁচুমুৰীয়া, মূত্ৰনালীৰ ক্ষতত, দাদ আৰু সোৰিয়াসিস-ত, কোষ্ঠকাঠিণ্যত আৰু কৃমিত হিতকৰ। পকা অমিতা কেঁচুমুৰীয়া ৰোগ আৰু কোষ্ঠকাঠিন্য ৰোগত হিতকৰ। অমিতাত প্ৰচুৰ পেপেন এনজাইম আছে যি মানুহৰ পাকস্থলীত আমিষ হজমত সাহায্য কৰে। চিত্ৰ বীথিকা
তথ্যসূত্ৰ
|