অপৰ্ণা হিগিনছ্ |
---|
ক্ষেত্ৰ |
গণিত |
---|
কৰ্মস্থান |
ডেইটন বিশ্ববিদ্যালয় |
---|
শিক্ষানুষ্ঠান |
মুম্বাই বিশ্ববিদ্যালয় নট্ৰে ডেম বিশ্ববিদ্যালয় |
---|
জনা যায় |
লেখ তত্ত্ব, সৰ্বজনীন বীজগণিত |
---|
দাম্পত্যসঙ্গী |
বিল হিগিনছ্ |
অপৰ্ণা ডব্লিউ হিগিনছ্ (ইংৰাজী: Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। [1] তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে। [2] তেখেতে ডেইটন বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনা কৰে। [3]
শিক্ষা আৰু কৰ্মজীৱন
হিগিনছৰ জন্ম হৈছিল ভাৰতৰ মুম্বাইত। তেখেতে প্ৰাক্-স্নাতক শিক্ষা সমাপ্ত কৰে মুম্বাই বিশ্ববিদ্যালয়ত। ১৯৭৮ চনত তেখেতে সেইখন শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। [2] ১৯৮৩ চনত তেখেতে নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাপত্ৰৰ শীৰ্ষক হৈছে-Heterogeneous Algebras Associated with Non-Indexed Algebras.(। ) এইটো হৈছে সাধাৰণ বীজগণিতৰ "Weak Automorphism" সম্বন্ধীয় এক উপস্থাপন-সূত্ৰ। তেখেতৰ গৱেষণাৰ তত্ত্বাৱধায়ক আছিল আব্ৰাহাম গোৱেটজ্। [4]
২০০৯ চনত তেখেত প্ৰজেক্ট নেক্সটৰ সঞ্চালকৰূপে নিযুক্তি পায়। তাৰপূৰ্বে এইটো অনুষ্ঠানৰ সঞ্চালক আছিল টি. ক্ৰীষ্টিন ষ্টিভেনছ্। এইটো হৈছে গাণিতিক সংগঠন,আমেৰিকাৰ এক অভিনৱ প্ৰচেষ্টা, য'ত গণিতৰ নতুন ডক্তৰেটসকলক কেৰিয়াৰ সম্বন্ধে দিহা-পৰামৰ্শ প্ৰদান কৰা হয়। [5]
বিল হিগিনছৰ লগত অপৰ্ণাই বৈবাহিক জীৱনৰ পাতনি মেলে। বিল হিগিনছ হৈছে উইটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। [6]
স্বীকৃতি
- ১৯৯৫ চনত হিগিনছে "আমেৰিকাৰ গাণিতিক সংগঠন"ৰ পৰা শৈক্ষিক দিশত এক বিশিষ্ট বঁটা লাভ কৰে। প্ৰাক-স্নাতক গৱেষণাৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতলৈ এই বঁটা আগবঢ়োৱা হয়। [1]
- ২০০৫ চনত প্ৰদান কৰা "ডেবোৰা আৰু ফ্ৰেংকলিন হাইমো" বঁটাৰ তিনিগৰাকী বঁটাপ্ৰাপকৰ ভিতৰত হিগিনছো অন্তৰ্ভুক্ত হৈছিল। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত গণিতৰ শিক্ষাদান কাৰ্যলৈ বিশিষ্টতা অনাৰ বাবে তেওঁলোকক এই বঁটাটো দিয়া হৈছিল। [7]
তথ্যসূত্ৰ
- ↑ 1.0 1.1 Aparna Higgins, Ohio Section of the Mathematical Association of America, http://sections.maa.org/ohio/Award/aparna.html, আহৰণ কৰা হৈছে: 2018-02-17
- ↑ 2.0 2.1 Morning speaker, Pacific Coast Undergraduate Mathematics Conference, March 14, 2009, http://acrans.lmu.build/PCUMC2009/invited_speakers.html, আহৰণ কৰা হৈছে: 2018-02-17
- ↑ "Aparna Higgins", College of Arts and Sciences Directory (University of Dayton), https://udayton.edu/directory/artssciences/mathematics/higgins_aparna.php, আহৰণ কৰা হৈছে: 2018-02-17
- ↑ অপৰ্ণা হিগিনছ্ সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- ↑ "Aparna Higgins to Become Director of Project NExT", MAA Focus (Mathematical Association of America): 15, February–March 2009, archived from the original on 2020-02-18, https://web.archive.org/web/20200218131754/https://www.maa.org/sites/default/files/pdf/pubs/febmar09pg15.pdf, আহৰণ কৰা হৈছে: 2020-02-18
- ↑ "Married math professors join the CLU community for one year", The Echo (California Lutheran University), February 24, 2016, https://www.cluecho.com/2016/02/married-math-professors-join-clu-community-one-year/, আহৰণ কৰা হৈছে: 2018-02-17
- ↑ "MAA Prizes Presented in Atlanta", Notices of the American Mathematical Society খণ্ড 52 (5): 543–544, May 2005, http://www.ams.org/notices/200505/comm-maa.pdf