ৰাম মনোহৰ লোহিয়া
ৰাম মনোহৰ লোহিয়া (ইংৰাজী: Ram Manohar Lohia; ২৩ মাৰ্চ ১৯১০ – ১২ অক্টোবৰ ১৯৬৭) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন কৰ্মী আৰু এজন সমাজবাদী ৰাজনৈতিক নেতা আছিল।[1] ভাৰতত ব্ৰিটিছ শাসনৰ শেষ পৰ্যায়ত তেওঁ কংগ্ৰেছ ৰেডিঅ'ত কাম কৰিছিল, যি ১৯৪২ চনলৈকে বম্বেৰ বিভিন্ন ঠাইৰ পৰা গোপনে সম্প্ৰচাৰিত হৈছিল।[2] প্ৰাৰম্ভিক জীৱন১৯১০ চনৰ ২৩ মাৰ্চত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ আকবৰপুৰত[3][4] এটা মাৰোৱাৰী বনিয়া পৰিয়ালত ৰাম মনোহৰ লোহিয়াৰ জন্ম হৈছিল [5][6][7] ১৯১২ চনত তেওঁৰ মাত্ৰ দুবছৰ বয়সতে মাকৰ মৃত্যু হয় আৰু তেওঁক দেউতাক হীৰালালে ডাঙৰ-দীঘল কৰে আৰু তেওঁ কেতিয়াও পুনৰ বিবাহ নকৰিলে। পৰিয়ালটোৰ ঘৰুৱা সহায়ক নাপিত সম্প্ৰদায়ৰ এগৰাকী মহিলাই তেওঁক শৈশৱৰ কালচোৱাত ডাঙৰ-দীঘল কৰিছিল। ১৯১৮ চনত তেওঁ পিতৃৰ সৈতে বম্বেলৈ যায় আৰু তাতেই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯২৭ চনত স্কুলৰ মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েটত ভৰ্তি হয়। তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ বিদ্যাসাগৰ মহাবিদ্যালয়ত যোগদান কৰে আৰু ১৯২৯ চনত বি.এ. ডিগ্ৰী লয়।[8] ব্ৰিটিছ দৰ্শনৰ প্ৰতি তেওঁৰ নিম্ন দৃষ্টিভংগী প্ৰকাশ কৰি তেওঁ ব্ৰিটেইনৰ শিক্ষানুষ্ঠানৰ সলনি জাৰ্মানীৰ ফ্ৰেডেৰিক উইলিয়াম বিশ্ববিদ্যালয়ত (বৰ্তমানৰ হামবল্ড ইউনিভাৰ্চিটি অফ বাৰ্লিন) পঢ়িবলৈ সিদ্ধান্ত লয়। অতি সোনকালেই তেওঁ জাৰ্মান ভাষা শিকে আৰু তেওঁৰ অসাধাৰণ শৈক্ষিক প্ৰদৰ্শনৰ ভিত্তিত আৰ্থিক সাহায্য লাভ কৰে। ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈকে ডক্টৰেট ডিগ্ৰীৰ ছাত্ৰ হিচাপে ৰাষ্ট্ৰীয় অৰ্থনীতিক প্ৰধান বিষয় হিচাপে অধ্যয়ন কৰে।[9] লোহিয়াই গান্ধীৰ আৰ্থ-সামাজিক তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতত নিমখ কৰ বিষয়ত গৱেষণা পত্ৰ লিখিছিল।[9] জাতীয় আন্দোলনলোহিয়া কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক আৰু ইয়াৰ মুখপত্ৰ “কংগ্ৰেছ ছ’চিয়েলিষ্ট”ৰ সম্পাদক আছিল। ১৯৩৬ চনত জৱাহৰলাল নেহৰুৱে তেওঁক কংগ্ৰেছ দলৰ সৰ্বোচ্চ সংস্থা অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ (A.I.C.C) বৈদেশিক বিভাগৰ সম্পাদক হিচাপে বাচনি কৰে। ১৯৩৮ চনত তেওঁ সেই দায়িত্ব এৰি দিয়াৰ সময়লৈকে লোহিয়াই কংগ্ৰেছৰ গান্ধীবাদী নেতৃত্ব [10] আৰু কংগ্ৰেছ ছোচিয়েলিষ্ট পাৰ্টিত চামিল হোৱা কমিউনিষ্টসকলৰ পদসমূহ সমালোচনাত্মকভাৱে পৰীক্ষা কৰি নিজৰ ৰাজনৈতিক দৃষ্টিভংগী গঢ়ি তুলিবলৈ আৰম্ভ কৰে। [11] ১৯৪০ চনৰ জুন মাহত যুদ্ধ বিৰোধী ভাষণ দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি দুবছৰৰ কাৰাদণ্ড বিহা হয়। [12] ১৯৪১ চনৰ শেষৰ ফালে ইতিমধ্যে মুকলি কৰি দিয়া লোহিয়া কেন্দ্ৰীয় নিৰ্দেশালয়ৰ অন্যতম আগশাৰীৰ ব্যক্তি ৰূপে পৰিগণিত হয়, যিয়ে ১৯৪২ চনৰ আগষ্ট মাহত গান্ধীজীৰ দ্বাৰা আৰম্ভ কৰা ভাৰত ত্যাগ বিদ্ৰোহক গোপনে সংগঠিত কৰিবলৈ প্ৰচেষ্টা চলায়। ১৯৪৪ চনৰ মে’ মাহত তেওঁ ধৰা পৰে। লাহোৰ দুৰ্গত বন্দী কৰি তেওঁক নিৰ্যাতন চলোৱা হয়। শেষত উচ্চ সুৰক্ষাৰ অন্যতম বন্দী হিচাপে লোহিয়াক জয়প্ৰকাশ নাৰায়ণৰ সৈতে ১৯৪৬ চনৰ ১১ এপ্ৰিলত মুকলি কৰি দিয়ে। [13] লোহিয়াই সেইজন ব্যক্তি, যিয়ে সপ্ত ক্ৰান্তিৰ ধাৰণা দিছিল। পৰৱৰ্তী ৰাজনৈতিক জীৱন১৯৫২ চনত কিষাণ মজদুৰ প্ৰজা পাৰ্টিৰ সৈতে মিলি প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি গঠন কৰাৰ সময়ত তেওঁ সমাজবাদী পাৰ্টিৰ সদস্য হৈয়েই থাকে। নতুন দলটোক লৈ অসন্তুষ্ট লোহিয়াই ১৯৫৬ চনত সমাজবাদী দলৰ সংস্কাৰৰ বাবে ইয়াৰ পৰা বিভাজন ঘটায়। ১৯৬২ চনত ফুলপুৰৰ সাধাৰণ নিৰ্বাচনত নেহৰুৰ হাতত পৰাস্ত হয়। ১৯৬৩ চনত ফাৰুখাবাদ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত জিকি তেওঁ লোকসভাৰ সদস্য হয় আৰু ১৯৬৫ চনত লোহিয়াপন্থী সমাজবাদী পাৰ্টি সংযুক্ত সমাজবাদী পাৰ্টিৰ সৈতে একত্ৰিত হয়। সমাজবাদী ফৈদ দুটা কেইবাবাৰো একত্ৰিত, বিভাজিত আৰু পুনৰ একত্ৰিত হয়। ১৯৬৭ চনত উত্তৰ প্ৰদেশত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গঠনত লোহিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লোহিয়া আৰু ভাৰতীয় জনসংঘৰ নেতা নানাজী দেশমুখৰ উদ্যোগত এই মিত্ৰতা গঢ়ি উঠিছিল[14] ১৯৬৭ চনৰ লোকসভাৰ নিৰ্বাচনত কণৌজ লোকসভা সমষ্টিৰ পৰা তেওঁ জয়ী হৈছিল যদিও তাৰ কেইমাহমানৰ পিছতে তেওঁৰ মৃত্যু হয়। তথ্যউৎস
অধিক পঠন
বাহ্যিক সংযোগ
|