ৰতি
ৰতি বা ৰতিদেৱী (সংস্কৃত: रति) হৈছে হিন্দুসকলৰ প্ৰেম, জৈৱিক কামনা-বাসনা আৰু যৌন তৃপ্তিৰ দেৱী।[1][2] ৰতিত প্ৰায়েই হাতত এখন তৰোৱাল লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়।[3][4][5] তেওঁ প্ৰেমৰ অধিষ্ঠাতা দেৱতা কামদেৱৰ সহধৰ্মিণী তথা প্ৰজাপতি দক্ষৰ জীয়ৰী। কামদেৱৰ চিৰসংগী হিচাপে আখ্যানসমূহৰ লগতে মন্দিৰৰ ভাস্কৰ্যসমূহতো ৰতিৰ চিত্ৰন স্ততে পোৱা যায়। তেওঁলোক দুয়োকে একেলগে উপাসনাও কৰা হয়। হিন্দু ধৰ্মৰ পুথি বা লিপিসমূহত ৰতিৰ সৌন্দৰ্য তথা কমনীয়তাৰ কথা বিশেষভাৱে উল্লিখিত। তেওঁক স্বয়ং প্ৰেমৰ দেৱতাকো মোহাচ্ছন্ন কৰিব পৰা এক কুমাৰী হিচাপে চিত্ৰায়িত কৰা হয়। মহাদেৱে তৃতীয় নয়নেৰে কামদেৱক ভস্মীভূত কৰাৰ পিছত ৰতিৰ কাকূতি-মিনতি বা বিলাপৰ ফলতেই কামদেৱে পুনৰ্জীৱন প্ৰতিশ্ৰুতি লাভ কৰে। পিছলৈ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ ৰূপত কামদেৱৰ পুনৰ্জন্ম হয়। ৰতিয়ে মায়াৱতী নাম লৈ জন্মতেই পিতৃ-মাতৃৰ সৈতে বিচ্ছেদ হোৱা প্ৰদ্যুম্নক তুলি-তালি ডাঙৰ-দীঘল কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে। মায়াৱতী ওৰফে ৰতিয়ে প্ৰদ্যুম্নৰূপী কামদেৱৰ ধাত্ৰীৰ লগতে প্ৰেমিকাৰো ভূমিকা পালন কৰি প্ৰদ্যুম্নৰ হাতত বধ হ'ব লগা ৰাক্ষসৰাজক কিদৰে বধ কৰি পিতৃ-মাতৃৰ কাষলৈ ঘূৰি যাব পাৰি তাৰেই দিকনিৰ্দেশ কৰে। পৰৱৰ্তী সময়ত প্ৰদ্যুম্নৰূপী কামদেৱে মায়াৱতীৰূপী ৰতিক পত্নী হিচাপে গ্ৰহণ কৰে। নামৰ উৎপত্তিৰতি নামটো মূল সংস্কৃত শব্দ 'ৰম'ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে উপভোগ কৰা বা প্ৰফুল্ল হোৱা। তদুপৰি এই ধাতুৱে যিকোনো প্ৰকাৰৰ উপভোগ কৰাৰ কথাকেই বুজোৱাৰ লগতে সাধাৰণতে শাৰীৰিক সুখ-ভোগৰ কথা নিৰ্দেশ কৰে। ব্যুৎপত্তিগতভাৱে 'ৰতি' শব্দৰ অৰ্থ হৈছে 'যাক ভোগ কৰিব পাৰি'। ই প্ৰায় সদায়েই যৌনতা সম্পৰ্কীয় প্ৰেমৰ কথাকে সূচায়।[6] জন্ম আৰু বিবাহকালিকা পুৰাণত ৰতিৰ জন্ম বৃতান্ত বহলাই পোৱা যায়। এই আখ্যান অনুসৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই দহগৰাকী প্ৰজাপতিৰ সৃষ্টিৰ পিছত নিজৰ মানসপুত্ৰ প্ৰেমৰ দেৱতা কামদেৱৰ জন্ম দিয়ে। পুষ্পবাণেৰে গোটেই জগতত প্ৰেম বিলাই দিবলৈ কামদেৱক ব্ৰহ্মাই নিৰ্দেশ দিয়ে। প্ৰজাপতি দক্ষই কামদেৱক এগৰাকী পত্নী প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কামদেৱে প্ৰথমেই নিজৰ শৰ ব্ৰহ্মা আৰু প্ৰজাপতিসকলৰ ওপৰত নিক্ষেপ কৰে যাৰ ফলত তেওঁলোক আটায়ে ব্ৰহ্মাৰ জীয়ৰী সন্ধ্যাৰ প্ৰতি বাসনামত্ত হয়। সেই সময়তে সেই ঠাইৰে পাৰ হৈ যোৱা শিৱই তেওঁলোকৰ এই অৱস্থা দেখি হাঁহে। এই কথাত লজ্জিত হৈ ব্ৰহ্মা আৰু প্ৰজাপতিসকল উত্তেজিত হয় আৰু তেওঁলোকৰ দেহৰ পৰা ঘাম নিৰ্গত হয়। দক্ষৰ দেহৰ ঘামৰপৰাই অপূৰ্ব সুন্দৰী ৰতিৰ জন্ম হয় আৰু তেওঁ ৰতিক কামদেৱৰ হাতত অৰ্পণ কৰে। ব্ৰহ্মাই কামদেৱৰ ওপৰত ক্ৰুদ্ধ হৈ ভৱিষ্যতে শিৱৰ দ্বাৰা ভস্মীভূত হ'বলৈ অভিশাপ দিয়ে। কামদেৱে কাবৌ-কোকালি কৰাত দয়া ওপজি ব্ৰহ্মাই কামদেৱৰ পুনৰ্জন্ম সুনিশ্চিত কৰে।[7] ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে ব্ৰহ্মাৰ কামদৃষ্টিৰ পিছত সন্ধ্যাই দেহত্যাগ কৰে আৰু পৰৱৰ্তী সময়ত বিষ্ণুৱে সন্ধ্যাক ৰতি নামেৰে পুনৰ্জনম প্ৰদান কৰি কামদেৱৰ সৈতে বিবাহ সম্পন্ন কৰে। শিৱপুৰাণত উল্লেখ আছে যে দেহত্যাগৰ পিছত ৰতিয়ে দক্ষৰ ঘামৰ পৰা জন্ম লয়।[5]
তথ্য সংগ্ৰহ
|