হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহজে কে ৰাউলিঙৰ হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহৰ তালিকাখন বিচিত্ৰ আৰু বাৰেভচহু অলেখ জীৱ-জন্তুৰে ভৰপূৰ। সাতখন গ্ৰন্থৰ এই শৃংখলাটিত হেৰী পটাৰ আৰু তাৰ বন্ধুসকলে বিভিন্ন অভিযানতেই হওক বা যাদু প্ৰাণীৰ তত্ত্বাৱধান শ্ৰেণীতেই হওক নানান জীৱ-জন্তুৰ সন্মুখীন হ'বলগীয়া হয়। এই জীৱজন্তুসমূহক বুজি পাবলৈ ৰাউলিঙে ফেণ্টাষ্টিক বীষ্টছ এণ্ড হোৱেৰ টু ফাইণ্ড ডেম শীৰ্ষক এক সহায়ক গ্ৰন্থও ৰচনা কৰিছে। ইয়াৰে অধিকাংশই গ্ৰীক আখ্যান আৰুইংৰাজী তথা স্কাণ্ডিনেভিয়ান সাধুকথাৰ মাজৰ পৰা আহৰণ কৰা হৈছে। এই জন্তুসমূহক লৈ প্ৰচলিত লোককথা সমূহো ৰাউলিঙে সাঙুৰি লৈছে। বিবিচি ৰেডিঅ' ফোৰৰ এক সাক্ষাত্কাৰত ৰাউলিঙে ষ্টিফেন ফ্ৰাইক কয় "যেতিয়া মই এটা জন্তুৰ কথা উল্লেখ কৰোঁ,মই জানো যে ই এটা কিংবদন্তিৰ এক অংশ,আৰু মই ইয়াৰ বিষয়ে যিমান পাৰোঁ তথ্য আহৰণৰ চেষ্টাত লাগোঁ। মই তাৰ গোটেইখিনি ব্যৱহাৰ নকৰোঁ কিন্তু ইয়ে মোক জন্তুটো কাহিনীত ব্যৱহাৰ কৰাত বহুলাংশে সহায় কৰে।" অৱশ্যে শৃংখলাটিত আমাৰ সমাজত বিচাৰি পোৱা বহুতো জীৱ-জন্তুৰ কথাও আছে। উদাহৰণস্বৰূপে যাদু বিশ্বত চিঠি-পত্ৰ অনা নিয়া কৰিবলৈ সকলোৱে ফেঁচাৰ ব্যৱহাৰ কৰে। যাদুপ্ৰাণীবিজ্ঞাননিয়ন্ত্ৰণ আৰু শ্ৰেণীবিভাজনযাদু মন্ত্ৰালয়ৰ যাদুপ্ৰাণীৰ নিয়ন্ত্ৰণ আৰু দমন বিভাগ এই প্ৰাণীসমূহৰ চোৱা-চিতা আৰু নিয়ন্ত্ৰণৰ বাবে দায়িত্বশীল। ইয়াৰ তিনিটা শাখা আছে দানৱ শাখা,জীৱ শাখা আৰু আত্মা শাখা। ফেণ্টাষ্টিক বীষ্টৰ মতে যিবোৰ প্ৰাণীয়ে যাদু সমাজৰ নীতি-নিয়ম আৰু সেই নীতিসমূহ সাকাৰ কৰাত নিজৰ দায়িত্বৰ কথা বুজি যায়,তেওঁলোক হ'ল জীৱ। মানুহ,গব্লিন,হেগ,ভেম্পায়াৰ আদি এই শাখাৰ অন্তৰ্গত। এই সূত্ৰ মতে পিক্সি,পৰী,জিনোম,অশ্বনৰ,লেপ্ৰচন,মাৰপিপল আদি অধিকাংশ প্ৰাণী দানৱ বিভাগৰ অন্তৰ্গত। আকৌ এনিমেগী তথা কুকুৰনেছীয়া মানুহৰ কথাটি অলপ জটিল কাৰণ য'ত কুকুৰনেছীয়া মানুহবোৰে পূৰ্ণচন্দ্ৰৰ দিনা কুকুৰনেছীয়া বাঘ হ'বলৈ বাধ্য,এনিমেগীবোৰে নিজ ইচ্ছামতে জন্তুৰ ৰূপ ল'ব পাৰে। সেয়েহে কুকুৰনেছীয়া মানুহ দানৱ আৰু জীৱ উভয় শাখাৰে অধীন। তদুপৰি ঘৰুৱা ভূত,দৈত্য,বেনশ্বী,ভিলা,বাওনা,ডিমেনটৰ আদিৰো শ্ৰেণী বিভাজন অস্পষ্ট। ভূত সম্বন্ধীয় ওজৰ বোৰ আত্মা শাখাৰ অস্পিচেছৰ অধীনত বিবেচনা কৰা হয়। যাদুপ্ৰাণীসমূহৰ তালিকাজীৱ
দানৱ
আত্মা
অজান প্ৰাণীলুনা লাভগুডৰ জন্তুসমূহবিখ্যাত জন্তুসমূহবাচিলিস্কহেৰী পটাৰ বিশ্বত বাচিলিস্ক হৈছে এক দৈত্যকায় সৰীসৃপ। ইয়াৰ মূল ইউৰোপিয়ান কিংবদন্তিৰ কাল্পনিক ৰূপটোতকৈ ই ডাঙৰ আৰু ই ৫০ ফুটলৈকে দীঘল হোৱাৰ লগতে শত বছৰ জীয়াই থাকিব পাৰে। সৰ্পমুখীয়া লোকৰ বাদে বাচিলিস্কক আনে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আৰু প্ৰথমটো বাচিলিস্ক হাৰ্প' দ্য ফাউল নামৰ এজন ক'লা যাদুকৰে সৃষ্টি কৰা বুলি বিশ্বাস কৰা হয়। হাৰ্প'ৱে কুকুৰাৰ কণী এটা ভেকুলীক উমনি দি সফলতাৰে এই কাৰ্য সম্পন্ন কৰিছিল। মতা বাচিলিস্কৰ মূৰত এটা উজ্জ্বল ৰঙা বৰণৰ জঁ থাকে। বাচিলিস্কে নিজৰ বিষ আৰু চকু দুইটাৰেই হত্যা কৰিব পাৰে কিয়নো ইয়াৰ চকুলৈ পোনপটীয়াকৈ চালেই চাওঁতা প্ৰাণীটোৰ মৃত্যু ঘটে। পৰোক্ষভাৱে, যেনে কেমেৰাৰ লেন্স, আইনা বা পানীত প্ৰতিবিম্ব আদিৰ যোগে যিয়ে ইয়াৰ চকুলৈ যিয়ে চাই তেওঁ মেডুছাৰ দৃষ্টিত হোৱাৰ দৰে জঠৰ হৈ পৰে। ভূতসমূহে পোনপটীয়াকৈ চালেও সিহঁত জঠৰহে হয় কাৰণ ইহঁত দ্বিতীয়বাৰৰ বাবে মৰিব নোৱাৰে। ফিনিক্সৰ চকুপানী বাচিলিক্সৰ বিষক্ৰিয়াৰ একমাত্ৰ জনাজাত ঔষধ। মকৰাবোৰ বাচিলিস্কৰ পৰা আঁতৰি থাকে কিয়নো ইহঁত মাৰাত্মক শত্ৰু। বাচিলিস্কে কেৱলমাত্ৰ মতা কুকুৰাৰ ডাকলৈহে ভয় কৰে, কিয়নো এয়া শুনা পালে তাৰ মৃত্যু হয়। হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ ছিক্ৰেটছত বাচিলিস্ক হৈছে গোপন কোঠাত বাস কৰা এটা দৈত্য। যেতিয়া ছাত্ৰ অৱস্থাৰ টম ৰিডল অৰ্থা লৰ্ড ভ'লডেমৰ্টে গোপন কোঠাটো খোলে, তেতিয়া বাচিলিস্কটোৱে কান্দুৰী মিৰটলক হত্যা কৰে আৰু ডায়েৰী এখনত সোমাই থকা ৰিডলৰ স্মৃতি আৰু আত্মাই জিনি ৱিজলীক অধিগ্ৰহণ কৰি তাইৰদ্বাৰা গোপন কোঠাটো খোলালৈকে প্ৰাণীটো তাত পঞ্চাশ বছৰ ধৰি লুকাই থাকে। এই গ্ৰন্থখনত ভ'লডেমৰ্টৰ এটা হ'ৰক্ৰাক্সে ইয়াক পুনৰ মুকলি কৰি দিয়ে, আৰু ই মাগোলৰ ঘৰত জন্মা বিভিন্নজনক হত্যাৰ চেষ্টা কৰে যদিও সৌভাগ্যক্ৰমে তেওঁলোক অস্থায়ীভাৱে জঠৰহে হয়। হ'ৰক্ৰাক্সটোৱে জিনিক ৰুবিয়াছ হেগৰিডে পালন কৰা কুকুৰাবোৰ মাৰিবলৈ নিৰ্দেশ দিয়ে। যেতিয়া হেৰীয়ে গোপন কোঠাটোৰ অৱস্থিতি আৱিষ্কাৰ কৰে তেতিয়া ৰিডলে নিজৰ পৰিচয় উদঙাই দি বাচিলিস্কটোক হেৰীক মাৰিবৰ বাবে এৰি দিয়ে। আনফালে হ'ৰক্ৰাক্সটোৱে জিনিৰ জীৱনীশক্তি ক্ৰমান্বয়ে শুহি নিবলৈ ধৰে। তেনেতে ফ'কছ আহি বাচিলিস্কটোৰ চকু ফুটুৱাই হেৰীক সহায় কৰে আৰু বাছনি টুপীটো আনি হেৰীক দিয়ে। টুপীটোৰ পৰা গডৰিক গ্ৰীফিন্দৰৰ তৰোৱালখন উলিয়াই লয় আৰু বাচিলিস্কটোৰ মুখত সুমুৱাই দি তাক বধ কৰে। বাচিলিস্কৰ দাঁতবোৰ আৰু তৰোৱাখনে ইয়াৰ বিষবোৰ শুহি লয় আৰু এই তৰোৱালখনে ভ'লডেমৰ্টৰ হ’ৰক্ৰাক্সবোৰ ধ্বংস কৰিব পৰা ক্ষমতা লাভ কৰে। বাচিলিস্কটো মৰাৰ পিছতেই হেৰীয়ে বিষদাঁত এটাৰে ফুটাই টম ৰিডলৰ ডায়েৰীৰূপী এটা হ'ৰক্ৰাক্স বিনষ্ট কৰে। হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জত, গ্ৰিপহুকৰ হাতত তৰোৱালখন হেৰুওৱাৰ পিছত ৰণ ৱিজলী আৰু হাৰমাইনি গ্ৰেইঞ্জাৰ গোপন কোঠাটোলৈ যায় আৰু বিষদাঁত এটাৰে হেল্গা হাফল্পাফৰ পিয়লাৰূপী আন এটা হ'ৰক্ৰাক্স ধ্বংস কৰে। ৰণ ৱিজলী, নেভাইল লংবটম আৰু এলবাছ ডাম্বলডোৰে বাচিলিস্কৰ বিষযুক্ত গ্ৰীফিন্দৰৰ তৰোৱালখন ক্ৰমে লকেটটো, নাগিনী আৰু গ'ণ্টৰ আঙুঠিটো ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰে। বগাৰ্টব'গাৰ্ট হৈছে ৰূপ সলনি কৰিব পৰা এক জীৱ যি চিকাৰে আটাইতকৈ ভয় কৰা বস্তুটোৰ ৰূপ লয়। ব্ৰিটিছ আখ্যানসমূহত ব'গাৰ্টক অশান্তিৰ সৃষ্টি কৰা হাউচ এল্ফ নাইবা পিটনিত থকা এবিধ অপকাৰী জীৱ হিচাপে বৰ্ণোৱা হৈছে। ৰাউলিঙৰ ব'গাৰ্টসমূহ স্কটলেণ্ড দেশীয় যাদুকৰী প্ৰাণী ব্ৰ'লেচান সদৃশ। ব'গাৰ্টসমূহে আন্ধাৰ, বন্ধ ঠাই যেনে নিৰ্জন কোঠালী বা আলমাৰীসমূহত লুকাই থাকি ভাল পায়। (হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্সত মেড-আই মুডিয়ে তেওঁৰ যাদুকৰী চকুৰে চাই বহাকোঠাৰ ড্ৰয়াৰত এটা ব'গাৰ্ট থকাৰ কথাটো নিশ্চিত কৰে। ) হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবানত ৰিমাছ লুপিনে ক'লা যাদুৰ বিপক্ষে প্ৰতিৰক্ষাৰ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলক এটা ব'গাৰ্টৰ ওচৰলৈ দুই-তিনিজনকৈ গোট বান্ধি যাবলৈ শিকায়, যাতে ব'গাৰ্টে কাক ভয় খুৱাব তাক লৈ অসুবিধাত পৰে। ব'গাৰ্ট এটাৰ সৈতে যুঁজিবলৈ 'ৰিডিকুলাছ' মন্ত্ৰৰ ব্যৱহাৰ কৰা হয় যাৰ সহায়ত ইয়াক কম ভয়ানক নাইবা এক হাঁহিউঠা ৰূপ দিব পাৰি, যি ব'গাৰ্টটোক দুৰ্বল কৰি তোলে। ব'গাৰ্টে লোৱা ৰূপটোৱে তলৰ চৰিত্ৰসমূহৰ আটাইটকৈ ডাঙৰ ভয়টো সূচায়:
অশ্বনৰহেৰী পটাৰ বিশ্বত অশ্বনৰ বা চেণ্টুৰ হৈছে এক বনৰীয়া জীৱ যাৰ বুদ্ধিমত্তা মানুহতকৈ অধিক। তেওঁলোকৰ মুখমণ্ডল আৰু পেটলৈকে দেহাংশ মানুহৰ সদৃশ, কিন্তু তলছোৱা ঘোঁৰাৰ দৰে। সচেতন হোৱা স্বত্বেও ইহঁতে সচেতন জীৱৰ মান্যতা নিবিচাৰে আৰু নিজকে মানুহৰ কাৰ্য-কলাপৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই ৰখাটো পছন্দ কৰে। মানুহৰ সৈতে সহযোগ কৰিব বিচৰা অশ্বনৰক, যেনে হগৱাৰ্টছত ভৱিষ্য কথন পঢ়াবলৈ সন্মত হোৱা ফিৰেঞ্জ, বিৰোধী হিচাপে গণ্য কৰা হয় আৰু আন অশ্বনৰবিলাকে আক্ৰমণ কৰে। মানুহৰ কাৰ্য-কলাপত ফিৰেঞ্জৰ আগ্ৰহৰ বাবে আন অশ্বনৰসমূহে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে আৰু হেগৰিডে হস্তক্ষেপ নকৰা হ'লে ফিৰেঞ্জক হত্যা কৰাৰো সম্ভাৱনা আছিল। যাদু মন্ত্ৰণায়ৰ এক অশ্বনৰ সংযোগ কাৰ্যালয় আছে, কিন্তু কোনো অশ্বনৰে কেতিয়াও এয়া ব্যৱহাৰ কৰা নাই। অশ্বনৰসমূহ আৰোগ্য বিধান আৰু জ্যোতিৰ্বিদ্যাত সুদক্ষ আৰু অৱশ্যম্ভাৱী ঘটনাৰ বিষয়ে জানিবলৈ নক্ষত্ৰসমূহৰ গতিবিধি লক্ষ্য কৰি বহু সময় কটায়। ইহঁত অৰণ্যত একো একোটা জাক বান্ধি থাকে। ইহঁতে ধনু-কাঁড়তকৈ উন্নত কোনো প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজনবোধ নকৰে। অশ্বনৰসমূহ গৰ্বিত আৰু প্ৰাদেশিক জীৱ, আৰু তেওঁলোকৰ সৈতে কথা হওঁতে উচ্চখাপৰ বুদ্ধিমত্তাৰ প্ৰয়োজন হয়। সন্মান প্ৰদৰ্শনৰ অভাৱৰ ফলত এনে হিংসাত্মক ঘটনাৰ উদ্ভৱ হ'ব পাৰে যিদৰে ডল'ৰিছ আমব্ৰিজে ফল ভোগ কৰিছিল। অন্তিম গ্ৰন্থখনত নিষিদ্ধ অৰণ্যৰ অশ্বনৰৰ জাকটোৱে হগৱাৰ্টছৰ যুদ্ধৰ সময়ত অৰ্ডাৰ অফ দ্য ফিনিক্সৰ ফলীয়া হৈ যুঁজ কৰিছিল। চলচ্চিত্ৰকেইখনত চেণ্টুৰসমূহক জন্তুসদৃশ মুখাৱয়বেৰে চিত্ৰিত কৰা হৈছে। অৱশ্যে ফিৰেঞ্জৰ প্ৰতি হগৱাৰ্টছৰ মহিলা জনসংখ্যাৰ আকৰ্ষণে সূচায় যে গ্ৰন্থকেইখনে অশ্বনৰসমূহক এনে ৰূপত চিত্ৰিত কৰিছে যি অধিক পৰম্পৰাগত। নাম উল্লিখিত অশ্বনৰ চৰিত্ৰসমূহ:
ডিমেণ্টৰডিমেণ্টৰ হৈছে এবিধ আত্মাবিহীন জীৱ। ইহঁত আত্মা শুহনকাৰী জীৱ আৰু দীৰ্ঘ সময় ধৰি ইহঁতৰ সংস্পৰ্শত থাকিলে মানুহে নিজৰ মানসিক ভাৰসাম্য হেৰুৱায়। লৰ্ড ভ'লডেমৰ্টৰ পুনৰুত্থানৰ সময়লৈকে ডিমেণ্টৰসমূহ যাদু জগতৰ কাৰাগাৰ আজকাবানৰ ৰখীয়া আছিল। গ্ৰন্থকেইখনত ডিমেণ্টৰসমূহ সাধাৰণতে মানুহৰ আকৃতিৰ, ৩ মিটাৰ (১০ ফুট) ওখ, কিন্তু ক'লা কাপোৰেৰে আবৃত, যাৰ মাজৰপৰা ধোঁৱাৰঙী হাত দুখনহে দেখা পোৱা যায়। এই প্ৰাণীবোৰৰ চকু নাথাকে, আৰু মুখখনৰ ঠাইত এটা গাঁতহে আছে। লেখিকাৰ মতে, অতি আন্ধাৰ, ঠাইত ডাঠ, শীতল কুঁৱলীৰ সৃষ্টি কৰি কাঠফুলাৰ দৰে ইহঁতৰ বৃদ্ধি হয়। দুৱাৰ খুলিব পৰাৰ দৰে ইহঁতৰ কিছু যাদুকৰী ক্ষমতা আছে (এটাই হাতৰ ঠাঁৰেৰে হেৰীক নিলগাই ৰখা এখন দুৱাৰ খোলে) আছে আৰু লক্ষণীয়ভাৱে আধাৰহীনভাৱে ভাহি ফুৰিব পাৰে (চলচ্চিত্ৰকেইখনত উৰি ফুৰে)। ভাহি ফুৰিব পৰা গুণ আৰু ভূত সদৃশ অৱয়ব থকা স্বত্বেও ডিমেণ্টৰৰ এটা শৰীৰ আছে। যদিও ইহঁত সজ্ঞান থকা যেন প্ৰতীয়মান হয়, এই কথা দ্ব্যৰ্থতাৰ মাজতে আছে।
দৃষ্টিহীন হোৱাৰ বাবে ডিমেণ্টৰে আবেগ-অনুভূতিৰ পম খেদি চিকাৰ কৰে। ইহঁতে মানুহৰ যোগাত্মক আবেগ, আনন্দ আৰু ভাল স্মৃতিসমূহ ভক্ষণ কৰি মানুহজনক তেওঁৰ অতি বেয়া স্মৃতিসমূহৰ মাজলৈ থেলি দিয়ে। ডিমেণ্টৰৰ উপস্থিতিয়ে পৰিৱেশটো শীতল আৰু আন্ধাৰ কৰি তোলে, আৰু এই পৰিৱেশ উপস্থিত ডিমেণ্টৰৰ সংখ্যাৰ সৈতে বাঢ়ি গৈ থাকে। মানৱীয় আবেগৰ সৈতে সংযুক্ত হোৱা স্বত্বেও এই কথা প্ৰতীয়মান হয় যে ডিমেণ্টৰসমূহে এজন মানুহৰপৰা আন এজন মানুহৰ পাৰ্থক্য ধৰিব নোৱাৰে, কিয়নো আজকাবানৰপৰা বাৰ্টি ক্ৰাউচ জুনিয়ৰৰ পলায়নৰ ঘটনাত দেখুওৱা মতে সিহঁতে যুৱ ক্ৰাউচ আৰু তেওঁৰ মাতৃৰ আবেগিক পাৰ্থক্যসমূহ চিনাক্ত কৰিব পৰা নাই। জন্তুৰ উপস্থিতি অনুভৱ কৰাটোও ডিমেণ্টৰৰ বাবে কঠিন কিয়নো ইহঁতৰ আবেগসমূহ মানুহতকৈ আদিমতৰ। এই বিশেষ দুৰ্বলতাই এনিমেগাছ (জন্তুৰ ৰূপ ল'ব পৰা যাদুকৰ) ছিৰিয়াছ ব্লেক এটা কুকুৰৰ ৰূপ লৈ আজকাবানৰ পৰা পলায়ন কৰে। যোগাত্মক আবেগ-অনুভূতিসমূহ ভক্ষণ কৰাৰ উপৰিও ডিমেণ্টৰসমূহে এটা 'চুম্বন'ৰ জৰিয়তে চিকাৰৰ মুখেৰে তেওঁৰ আত্মাটো শুহি পেলাব পাৰে। এই পদ্ধতিৰে তিনিটা ডিমেণ্টৰে হেৰীক প্ৰায় পৰাভূত কৰিবলৈকে লৈছিল; প্ৰথম অপচেষ্টাটো চলিছিল ছিৰিয়াছ ব্লেকৰ সৈতে নিষিদ্ধ অৰণ্যত, দ্বিতীয়টোত হেৰী আৰু ডাডলিক আক্ৰমণ কৰা হৈছিল, আৰু তৃতীয় আক্ৰমণটো সংঘটিত হৈছিল হেৰী আৰু বন্ধুবৰ্গ শ্ৰিকিং শ্বেকলৈ যোৱাৰ চেষ্টা কৰোঁতে। ভয়ানক প্ৰাণীবিধৰ এনে চুম্বনৰ পিছত চিকাৰটো চিন্তাশক্তি লোপ পাই এটা খালী শামুকৰ খোলাসদৃশ হৈ পৰে যাৰ আৰোগ্যৰ কোনো আশা নাথাকে। ডিমেণ্টৰৰ চুম্বনৰ পিছত জীয়াই থকাটো মৃত্যুতকৈও অধম বুলি বিশ্বাস কৰা হয়। মৰণশীল নোহোৱাৰ বাবে ডিমেণ্টৰবোৰক আঁতৰ কৰাৰ পদ্ধতি বৰ কম: কিন্তু হেৰীয়ে নিজক সুৰক্ষা দিয়াৰ লগতে ইহঁতক খেদাই পঠিয়াবলৈ প্ৰাণৰক্ষক যাদুৰ প্ৰয়োগ কৰে। ইহঁতৰ সৈতে সাধাৰণ সংস্পৰ্শৰ প্ৰাথমিক চিকিৎসা হিচাপে চকলেট উপযোগী যি এজন ব্যক্তিৰ এণ্ডৰফিন সীমাৰ ওপৰত যাদুশক্তিবিহীন, মানসিক প্ৰভাৱকে সূচায়। ডিমেণ্টৰসমূহ মাগোলে দেখা নাপায় যদিও ই তেওঁলোকৰ ওপৰতো সমানে প্ৰভাৱ বিস্তাৰ কৰে। ভূতভূতসমূহে পাৰ্শ্ব চৰিত্ৰ হিচাপে থাকি প্ৰধানতঃ মুখ্য চৰিত্ৰসমূহৰ উপদেষ্টাৰ কাম কৰে আৰু এনেকৈয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভূত সম্পৰ্কে পৰম্পৰাগত ধাৰণাৰ বিপৰীতে হেৰী পটাৰ শৃংখলাৰ ভূতসমূহ ভয়লগাবিধৰ নাইবা সাধাৰণতে হোৱাৰ দৰে বিকট দৰ্শনো নহয়। ইয়াৰ ভূতসমূহ ৰূপালী বৰণৰ আৰু ইষৎ স্বচ্ছ। ইহঁত উৰি ফুৰিব পৰাৰ লগতে দেৱাল নাইবা আন কোনো কঠিন বস্তুৰ মাজেৰে পাৰ হ’ব পাৰে, কিন্তু তথাপি ইহঁতৰ জীৱন্ত বস্তুৰ দ্বাৰা কায়িকভাৱে প্ৰভাৱিত হ’ব পৰা অথবা জীৱন্ত বস্তুক প্ৰভাৱিত কৰিব পৰাৰ ক্ষমতা নাই। ভূতৰ আহাৰৰ মেজখন গেলা-পঁচা বস্তুৱেহে শোভা কৰে কিয়নো পঁচিবলৈ ধৰা সামগ্ৰীয়ে ইহঁতৰ সোৱাদ ল’ব পৰাৰ ক্ষমতা বঢ়াই তোলে। ভূত এটাক স্পৰ্শ কৰিলে বা ইয়াৰ মাজেৰে পাৰ হৈ গ’লে বৰফচেঁচা পানীৰে গা ধোৱা যেন অনুভৱ হয়। ভূতৰ ওপৰত যাদু আৰু অভিশাপে কম পৰিমাণে প্ৰভাৱ পেলায়। হেৰী পটাৰ বিশ্বত কেৱল যাদুকৰ আৰু যাদুকৰীসকলহে ভূতলৈ ৰূপান্তৰিত হ’ব পাৰে। প্ৰায় মূৰছিগা নিকে হেৰীক এই বিষয়ে ব্যাখ্যা কৰি কৈছে যে, “যাদুকৰসকলে তেওঁলোকৰ এটা প্ৰতিফলন পৃথিৱীত এৰি যাব পাৰে, সেই ঠাইবোৰত বিচৰণ কৰি ফুৰিবৰ বাবে য’ত এদিন তেওঁ ঘূৰি ফুৰিছিল ... মই মৃত্যুলৈ ভয় কৰিছিলো। মই পৃষ্ঠভাগত থাকি যাবলৈ সিদ্ধান্ত ল’লো। কেতিয়াবা মই আচৰিত হওঁ মোৰ প্ৰয়োজন আছিল নে ... বাৰু, সেয়া ইয়াতো নাই তাতো নাই ... ইয়াত আছে তাত নাই...” মৃত্যুৰ পিছত এনে এটা অস্তিত্ব বাছি লোৱাৰ পিছত বহুতো ভূতে খাদ্য গ্ৰহণ কৰিব নোৱাৰাৰ কথাত দুখী হৈ থাকে। তদুপৰি ইহঁতে বিষণ্ণতা আৰু দুখবোধৰ প্ৰতি এক আকৰ্ষণ পুহি ৰাখে। ভূতবোৰ নিজৰ অৱস্থা সম্পৰ্কে বৰ স্পৰ্শকাতৰ। যেতিয়া মন্ত্ৰণালয়ে ইহঁতক কায়িকভাৱে বোধশক্তিসম্পন্ন জীৱ হিচাপে চিহ্নিত কৰে[1] তেতিয়া ইহঁতে দাবী কৰে যে ইহঁত বোধশক্তিহীন আৰু তেতিয়া ভূতসমূহে ইহঁতৰ কাৰ্যকলাপ আৰু ভৌতিক বিচৰণথলীসমূহৰ নিয়ন্ত্ৰণৰ বাবে এক ভিন্ন "আত্মা শাখা" শাখা লাভ কৰে। উল্লিখিত ভূত চৰিত্ৰসমূহ:
দৈত্যধনগুলৈহাউচ এল্ফহাউচ-এলফহাউচ-এলফ হৈছে একপ্ৰকাৰৰ চুটি-চাপৰ (হিবাৰ্নো-ব্ৰিটিছ লোককথাৰ ব্ৰাউনি বা হ’বগ'ব্লিন ওপৰত কিছু পৰিমাণে আধাৰিত) প্ৰাণী আৰু ইহঁতক যাদুকৰসকলে ভৃত্য হিচাপে ব্যৱহাৰ কৰে। দীঘল, ক্ষীণ আঙুলি আৰু জোখতকৈ ডাঙৰ মূৰ আৰু টেনিছ বলৰ দৰে চকুৰে সৈতে ইহঁতৰ উচ্চতা প্ৰায় ২-৩ ফুট। হাউচ-এলফসমূহৰ কাণ দুখন বাদুলীৰ কাণৰ দৰে জোঙা আৰু ইহঁতৰ কণ্ঠস্বৰ তীক্ষ্ণ তথা টেংটেঙীয়া। ইহঁতৰ নামবোৰ সাধাৰণতে পোহনীয়া জীৱৰ দৰে হয় আৰু কোনো উপাধি নাথাকে। পোনপটীয়াকৈ কথা নাপাতি তৃতীয় পুৰুষত বাৰ্ত্তালাপ কৰাতেই সাধাৰণতে ইহঁত অভ্যস্ত। হাউচ-এলফসমূহ সাধাৰণতে বাধ্য, নমনীয় আৰু আজ্ঞাৱহ; আৰু ভৃত্য হৈ থকা কালত ইহঁতে কিছুমান পেলনীয়া কাপোৰ যেনে পুৰণি গাৰু গিলিপ নাইবা চাহৰ টাৱেল আদি ব্যৱহাৰ কৰে। ইংৰাজ লোককথাৰ হ’বগ’ব্লিনৰ দৰে হাউচ-এলফ এটাৰ গৰাকীয়ে ইয়াক এপদ কাপোৰ দি গোলামিৰ পৰা মুক্তি দিব পাৰে। বাটাৰবিয়েৰ হাউচ-এলফৰ বাবে বিষাক্ত। হাউচ-এলফসমূহৰ যাদুকৰী ক্ষমতা যাদুকৰ-যাদুকৰীসকলতকৈ ভিন্নধৰণৰ, যাক সাধাৰণতে ইহঁতে নিজৰ গৰাকীৰ সেৱাত ব্যৱহাৰ কৰে। এই যাদুকৰী ক্ষমতা এলফবোৰে গৰাকীৰ অনুমতি অবিহনে, বা তেওঁলোকৰ আদেশৰ বিপৰীতেও ব্যৱহাৰ কৰিব পাৰে যদিও এনেধৰণৰ অবাধ্য কাৰ্যকলাপে ইহঁতক যাদুকৰীভাৱে ইহঁতক নিজকে বিভিন্নধৰণে শাস্তি দিবলৈ বাধ্য কৰায়। অলেখ কাম কৰাৰ লগতে এই যাদুকৰী ক্ষমতাৰে এলফবোৰে মানুহে আহ-যাহ কৰিব নোৱাৰা ঠাইলৈয়ো পলকতে যাব পাৰে। আনকি যাদুৰ সহায়েৰে মানুহৰ আহ-যাহ নিষেধ কৰি ৰখা হ’গৱাৰ্টছৰ ভিতৰতো এলফসমূহ অনায়াসে চলা-ফুৰা কৰি ফুৰে আৰু আনকি নিজৰ লগতে মানুহকো কঢ়িয়াই নিব পাৰে। হাউচ-এলফসমূহৰ আটাইবোৰ ক্ষমতা কেতিয়াও বৰ্ণনা কৰা হোৱা নাই যদিও যিকোনো ঠাইতে যিকোনো সময়ত আৱিৰ্ভূত হ’ব পৰা ক্ষমতাৰ পৰা ইয়াৰ অসাধাৰণ পৰিসীমাৰ কথা অনুমান কৰিব পাৰি। যিকোনো ঠাইতে আৱিৰ্ভূত-অন্তৰ্হিত হ’ব পৰা ক্ষমতাৰ উপৰিও ডবি, ৱিংকি, হ’কি আৰু ক্ৰীচাৰ ইহঁত আটাইৰে কাৰ্যকলাপে এই কথা সূচায় যে প্ৰয়োজন হ’লে এলফসমূহে যাদুকৰসকলকো পৰাভূত কৰীব পাৰে: চেম্বাৰ অফ চিক্ৰেটছত ডবিয়ে হেৰী পটাৰক সুৰক্ষা দিয়াৰ স্বাৰ্থত লুচিয়াছ মেলফ’য়ক যাদুৰে আঁতৰ কৰি পঠিয়ায়। আনহাতে গ’ব্লেট অফ ফায়াৰত যেতিয়া কনিষ্ঠ বাৰ্টি ক্ৰাচ্চৰ মুখা খোল খায় তেতিয়া বিশ্ব কুইড্ডিচ্চ চেম্পিয়নশ্বিপৰ ৰাতিটোৰ কথা বৰ্ণনা কৰোঁতে এই কথা স্বীকাৰ কৰে যে “ৱিংকীয়ে নিজা যাদুৰে মোক তাইৰ সৈতে বান্ধ খুৱাই ৰাখিছিল। ”, আৰু ডেথ্লী হেল’জত হেৰীয়ে মুনডুংগাছ ফ্লেটচাৰক ধৰি ১২ গ্ৰীম’লড প্লেচলৈ আনিবলৈ ক্ৰীচাৰক আদেশ দিওঁতে সি মাথোঁ কেইটামান দিনতে সেই কামটো কৰি পেলাইছিল–– যদিওবা ক্ৰীচাৰৰ নিজৰ ভাষাতেই, “তাৰ বহুতো লুকাই থকা আৰু গোপনীয় ঠাই আছে। ” তদুপৰি, যদিও হাউচ-এলফসমূহক যাদুদণ্ড ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহয় তথাপিও ইহঁতৰ যাদুদণ্ডবিহীন যাদুসমূহ যাদুকৰসকলতকৈ অধিক শক্তিশালী। হাউচ-এলফসমূহ নিশ্চিতভাৱে যাদুকৰী প্ৰাণী হ’লেও হ’গৱাৰ্টছৰ যাদুকৰী প্ৰাণীৰ তত্ত্বাৱধানৰ পাঠত ইহঁতৰ যতনৰ উল্লেখ নাই। এই বিষয়ে ক’তো ব্যাখ্যা দিয়া হোৱা নাই, কিন্তু ই এলফসমূহৰ ঊহ্য হৈ থকা ন্যায়িক স্থানকো সূচাব পাৰে। গ’ব্লেট অফ ফায়াৰত এই কথা কোৱা হৈছে যে যিবোৰ হাউচ-এলফক মুকলি কৰি দিয়া হয় সিহঁতক সাধাৰণতে আন এটা নতুন পৰিয়াল বিচাৰি ল’বলৈ কোৱা যায়। যাদু মন্ত্ৰণালয়ৰ যাদুকৰী প্ৰাণীসমূহৰ ন্যায়াধিকৰণ আৰু নিয়ন্ত্ৰণ বিভাগত হাউচ-এলফৰ পুনঃস্থাপনৰ এক কাৰ্যালয় আছে। এলফসমূহ অনন্তকাললৈ গৰাকীৰ প্ৰতি ইমান বাধ্য হৈ থাকে যে উদাহৰণস্বৰূপে মেলফ’য় পৰিয়ালক সেৱা আগবঢ়োৱা ডবিয়ে মুক্ত হোৱাৰ পিছতো পৰিয়ালটোৰ বিষয়ে বেয়া মন্তব্য কৰোঁতে প্ৰতিবাৰে নিজকে আঘাত কৰাৰ চেষ্টা কৰে। ক্ৰীচাৰৰ মতে “এটা হাউচ-এলফৰ বাবে সবাতোকৈ ডাঙৰ আইন হৈছে গৰাকীৰ আদেশ। ” এলফবোৰে গৰাকীৰ কথা বিনা বাক্যব্যয়ে মানিব লাগে যদিও নিজকে নাইবা নিজৰ বন্ধুক ৰক্ষা কৰিবলৈ গৰাকীৰ আদেশৰ মাজতে কোনো সুৰুঙা উলিয়াই কিছুমান আদেশ অমান্য কৰাৰ কথাও জনা যায়। ইহঁতৰ বশ্য, বাধ্য স্বভাৱৰ বাবে কোনো কোনো যাদুকৰ পৰিয়ালে তেওঁলোকৰ হাউচ-এলফবোৰ্ক অত্যাচাৰো কৰে। বিশেষকৈ ক,লা যাদুকৰৰ পৰিয়ালসমূহে বেছিকৈ এনে কাম কৰা দেখা যায়। উদাহৰস্বৰূপে মেলফ’য়ে ডবিক নিজকে আঘাত কৰিবলৈ বাধ্য কৰায়, ব্লেক পৰিয়ালে তেওঁলোকৰ এলফবোৰৰ বয়স বেছি হ’লে শিৰশ্ছেদ কৰে। আনকি সমাজৰ অতিকৈ নিষ্ঠুৰ যাদুকৰসকলৰ বাবে এলফবোৰে বৰ্ত্তমানৰ গৰাকীৰ পৰা মুকলি হ’বলৈকে ভয় কৰে। ডবিয়েই এই ব্যৱস্থাটোৰ প্ৰথম ব্যতিক্ৰম; কিন্তু এয়া মাথোঁ স্বইচ্ছাৰে প্ৰদান কৰা সেৱা, বেতনভোগ্য খাটনি আৰু কৰ্মক্ষেত্ৰ তথা পোছাকৰ ক্ষেত্ৰত নিজা পছন্দলৈকেহে বিস্তৃত। হ’গৱাৰ্টছত থকা কালছোৱাত হাৰমাইনি গ্ৰেইঞ্জাৰে এলফসমূহৰ সৰ্বাত্মক কল্যাণৰ বাবে এক সংস্থা স্থাপন কৰিছিল যদিও নিজৰ সহপাঠী আৰু হ’গৱাৰ্টছৰ হাউচ-এলফবোৰৰ নিৰাশাজনক সঁহাৰিহে লাভ কৰিছিল। প্ৰকাৰান্তৰে হাউচ-এলফবোৰক মুক্ত কৰাবলৈ বুলি হাৰমাইনিয়ে এলফৰ জোখৰ কাপোৰ কিছুমান গ্ৰীফিন্দৰ হাউচৰ ক’মনৰূমত এৰি আহোঁতে ডবিয়ে পিছত আহি হেৰীক কৈছিল যে আন এলফবোৰে এই কথাটো ইমানেই অপমানজনক বুলি ল’লে যে গ্ৰীফিন্দৰ টাৱাৰটো চাফ-চিকুণ কৰিবলৈ স্বইচ্ছাৰে ডবিহে থাকিলগৈ। ৰাউলিঙৰ মতে হাৰমাইনিয়ে পিছত যাদু মন্ত্ৰণালয়ৰ যাদুকৰী প্ৰাণীসমূহৰ ন্যায়াধিকৰণ আৰু নিয়ন্ত্ৰণ বিভাগত কৰ্মৰত হয় আৰু তেনেদৰেই হাউচ-এলফবোৰৰ অধিকাৰৰ হকে কাম কৰি যায়। গ্ৰন্থকেইখনত শেষবাৰৰ বাবে হাউচ-এলফবোৰৰ আৱিৰ্ভাব ঘটিছিল হ’গৱাৰ্টছৰ যুদ্ধত য’ত ক্ৰীচাৰৰ নেতৃত্বত এলফবোৰে খলনায়ক বাহিনীৰ বিপক্ষে যুঁজ কৰিছিল। ডেথ্লী হেল’জত ডাম্বলডোৰে হেৰীক কৈছে, “হাউচ-এলফৰ বিষয়ে ভ’লডেম’ৰ্টে একোৱেই নাজানে আৰু নুবুজে। একোৱেই। যে সিহঁতৰ তেওঁতকৈয়ো বেছি শক্তি আছে, এনে এক শক্তি যি সকলোধৰণৰ যাদুৰ সীমাৰ বাহিৰত, এয়া এক সত্য যিটো তেওঁ কাহিনীও বুজি নাপালে। ” থ্ৰেষ্ট্ৰেলকুকুৰনেছীয়া মানুহচৰিত্ৰক্ৰুকশ্বেংকছতৃতীয় গ্ৰন্থখনৰ পৰা ষষ্ঠ গ্ৰন্থলৈ ক্ৰুকশ্বেংকছক হাৰমাইনি গ্ৰেইঞ্জাৰৰ পোহনীয়া মেকুৰী(আধা মেকুৰী আধা নিজল)হিচাপে পোৱা যায় যি দেখিবলৈ পাৰ্চিয়ান মেকুৰীৰ দৰে। ৰাউলিঙৰ মতে[2] নিজল এক মেকুৰী সদৃশ প্ৰাণী যি অতি বুদ্ধিমান আৰু অসাধুতাৰ প্ৰতি সংবেদনশীল যি গুণৰ ফলত ক্ৰুকশ্বেংকছে স্কেবাৰ্জক পিটাৰ পেটিগ্ৰিউ আৰু ক’লা কুকুৰটোক ছিৰিয়াছ ব্লেক বুলি চিনি পায়। ৰাউলিঙে এয়াও স্পষ্ট কৰি দিছে যে ক্ৰুকশ্বেংকছ ইচ্ছাধাৰী প্ৰাণী নহয়।[2] ডবীডবী হ’ল মেলফয় পৰিয়ালৰ ঘৰুৱা ভূত যাক প্ৰথমবাৰ দ্বিতীয়খন গ্ৰন্থত হেৰীক বিদ্যালয়লৈ নাযাবলৈ বাৰে বাৰে অনুৰোধ কৰি থকা দেখা যায়। ডবীয়ে আকৌ হগৱাৰ্টছ এক্সপ্ৰেছৰ গোপন প্লেটফৰ্মৰ পথ ৰূদ্ধ কৰি হেৰীৰ বিদ্যালয় গমনত বাধা জন্মায়। হেৰীক ঘৰলৈ পঠিয়াবলৈ এবাৰ এখন কুইড্ডিছ খেলত ডবীয়ে এটা ব্লাজাৰ বলক যাদু কৰি হেৰীক আঘাত দিয়ে। ডবীয়েই এইকথাটি প্ৰকাশ কৰে যে যদি কোনো মালিকে পোহনীয়া ভূতক কাপোৰ উপহাৰ দিয়ে,তেন্তে সি স্বাধীন হৈ পৰে। দ্বিতীয় গ্ৰন্থৰ শেষত হেৰীয়ে বুদ্ধি কৰি ডবীক মেলফয় পৰিয়ালৰ পৰা মুক্তি দিয়ে আৰু ডবীয়ে ইয়াৰ বাবে আমৃত্যু হেৰীৰ সহায়ক হৈ ৰয়। গবলেট অৱ ফায়াৰত এক স্বাধীন ভূত হিচাপে ডবীয়ে হগৱাৰ্টছত দৰমহা লৈ চাকৰিত যোগ দিয়ে। অৰ্ডাৰ অৱ ফিনিক্সত ডবীয়ে হেৰীক আৱশ্যকীয় কোঠালিটো দেখুৱাই দিয়ে য’ত হেৰীয়ে ডাম্বলড’ৰৰ দলৰ গোপন সভা সমূহৰ আয়োজন কৰে। হাফ ব্লাড প্ৰিন্সত হেৰীয়ে ডবীক আন এক ঘৰুৱা ভূত ক্ৰীছাৰৰ কাম কাজত চকু ৰাখিবলৈ লগাই দিয়ে আৰু শেষত দুয়োকে ড্ৰেকো মেলফয়ক অনুসৰণ কৰা কাম পাছে। ডেডলী হ’ল’জত ডবীক শেষবাৰৰ বাবে দেখা পোৱা যায় য’ত এবেৰফ’ৰ্থ ডাম্বলড’ৰে তাক হেৰীহঁতক মেলফয় মেনৰৰ পৰা ৰক্ষা কৰিবলৈ পঠিয়াই আৰু এই প্ৰক্ৰিয়াত তাৰ মৃত্যু ঘটে। ডবীৰ নামটো ইংৰাজী সাধুকথাৰ এক চৰিত্ৰৰ পৰা অনুপ্ৰাণিত যিয়ে শৃংখলাটিৰ চৰিত্ৰটিৰ দৰেই ঘৰুৱা কাম কাজ কৰে আৰু যি শিশুৰ প্ৰতি দয়াশীল।[3] চলচ্চিত্ৰত টবী জ’নছে ডবীৰ চৰিত্ৰত কণ্ঠদান কৰে।[4] আইজিএনে ডবীক তেওঁলোকৰ প্ৰিয় হেৰী পটাৰ চৰিত্ৰৰ তালিকাত চতুৰ্বিংশতিতম স্থান দিয়ে আৰু তাৰ মৃত্যুক শৃংখলাটিৰ এক হৃদয়স্পৰ্শী ঘটনা আখ্যা দিয়ে।[5] নেক্সটমুভিডটকমৰ এক ভোটদান অনুষ্ঠানত ডবীয়ে শৃংখলাটিৰ আটাইতকৈ প্ৰিয় যাদুকৰী জীৱ আখ্যা পায়।[6] ফ'কছফ'কছ হ’ল এলবাছ ডাম্বলডোৰৰ পোহনীয়া ফিনিক্স চৰাই। ফিনিক্স চৰাইৰ বৈশিষ্ট্য এয়ে যে জীৱনৰ শেষত চৰাইটি জুইত জাহ যাই আৰু সেই ছাইৰ পৰা নতুন পক্ষী এটিৰ জন্ম হয়। ফিনিক্স পক্ষীৰ পাখি যাদুদণ্ড নিৰ্মাণত ব্যৱহৃত হয়(হেৰী আৰু ভ’লডেমৰ্ট দুয়োৰে যাদুদণ্ডত ফ’কছৰ একোটাকৈ পাখি আছে)। সিহঁতৰ চকুপানীত আঘাত নিৰাময়কাৰী শক্তি থাকে। ফ’কছে নিজৰ লগতে আনকো জুই একুৰাৰ জৰিয়তে এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰিব পাৰে। চেম্বাৰ অৱ ছিক্ৰেট্ছত ডাম্বলডোৰৰ প্ৰতি আনুগত্য দেখুওৱাৰ প্ৰতিদান স্বৰূপে ফ’কছে গোপন কক্ষত গৈ উপস্থিত হয়। ফ’কছে বাছিলিস্কৰ চকুদুটা ফুটাই দিয়ে আৰু তাৰ বিষদৃষ্টি ধ্বংস কৰে। শেষত ফ’কছে হেৰীৰ হাতত বাছিলিস্কে কৰা আঘতটি চকুপানীৰে ঠিক কৰে আৰু দৈত্যটিৰ মৃত্যুৰ পিছত হেৰী,ৰণ,হাৰমাইনী আৰু গিল্ডেৰয় লকহাৰ্টক উদ্ধাৰকৰি লৈ যায়। .গবলেট অৱ ফায়াৰত হেৰী আৰু ভ’লডেমৰ্টৰ মাজত যুদ্ধ হওঁতে "ওলোটা মন্ত্ৰ প্ৰভাৱ" ('প্ৰায়ৰি ইনকেণ্টাম') ঘটে কাৰণ দুয়োৰে দণ্ডত ফ’কছৰ পাখি আছিল। অৰ্ডাৰ অৱ ফিনিক্স (কিতাপখন)ত যাদু মন্ত্ৰালয়ত ডাম্বলডোৰ আৰু ভ’লডেমৰ্টৰ মাজত যুদ্ধ হওঁতে ফ’কছে এটা মাৰণ মন্ত্ৰ গ্ৰাস কৰি ডাম্বলডোৰক ৰক্ষা কৰে আৰু জুইত জাহ গৈ আকৌ জন্ম লাভ কৰে। ডাম্বলডোৰৰ মৃত্যুৰ পিছত ফ’কছে এটা দুখভৰা গীত গোৱা শুনা যায় আৰু ইয়াৰ পিছত তাক আৰু দেখা নাযায়। এক সাক্ষাতকাৰত ৰাউলিঙে কয় যে ইয়ে ডাম্বলডোৰৰ অভাৱ সূচায়। ফ’কছ পিছত হেৰীৰ ওচৰলৈ উভতি আহে নে সোধাত ৰাউলিঙে কয় যে নাহে কাৰণ ফ’কছৰ মালিকীস্বত্বৰ পৰিৱৰ্তন নহয়।[7] ফিৰেঞ্জফিৰেঞ্জ হ’ল এক অশ্বনৰ যিয়ে অৰ্ডাৰ অৱ ফিনিক্সৰ পৰা হগৱাৰ্ট্ছত জ্যোতিষবিদ্যাৰ শিক্ষক হিচাপে কাম কৰে। কিতাপত তেওঁক এক অতি নীলা চকুৰ পখৰা চেণ্টুৰ হিচাপে বৰ্ণনা কৰা হৈছে। ফিৰেঞ্জৰ প্ৰথম আৱিৰ্ভাব ঘটে ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ শেষৰ ফালে য’ত তেওঁ নিষিদ্ধ অৰণ্যত হেৰীক ভ’লডেমৰ্টৰ পৰা ৰক্ষা কৰে। ইয়াৰ পিছৰ ফিৰেঞ্জক অৰ্ডাৰঅৱ ফিনিক্সত দেখা যায় য’ত ডাম্বলড’ৰে তেওঁক ছিবিল ট্ৰেল’নীৰ ঠাইত জ্যোতিষবিদ্যাৰ শিক্ষক নিযুক্ত কৰে। ডেডলী হ’ল’জত ফিৰেঞ্জে হগৱাৰ্টছৰ হৈ ভ’লডেমৰ্ট আৰু প্ৰাণভক্ষী বাহিনীৰসৈতে যুঁজে। যুদ্ধত তেওঁ পিঠিত আঘাত পায় যদিও প্ৰাণ ৰক্ষা পৰে। আৰু কিতাপত নাথাকিলেও ৰাউলিঙে কয় যে মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰা বাবে প্ৰথমতে ৰুষ্ট হৈ থাকিলেও পিছলৈ তেওঁৰ দলটিয়ে তেওঁক আদৰি লয়।[8] এই চৰিত্ৰটি ৰাউলিঙৰ ইংৰাজী শিক্ষক ষ্টীভ এড্ডীৰ ভিত্তিত লিখিত যিয়ে ৰাউলিঙক কল্পকাহিনী লিখিবলৈ নিৰুত্সাহিত কৰিছিল।[9] ফিল’ছ’ফাৰ্ছ ষ্ট’নত ৰেই ফেৰণে ফিৰেঞ্জৰ চৰিত্ৰত কণ্ঠদান কৰে। গ্ৰীপহুকগ্ৰীপহুক এজন ধনগুলৈ যিয়ে দ্বিতীয় যাদুবিশ্ব যুদ্ধলৈ গ্ৰিংগটছত কাম কৰিছিল। প্ৰথম গ্ৰন্থখনত গ্ৰীপহুকে হেৰী আৰু হেগৰিডক অভ্যন্তৰীণ সুৰংগেৰে 713 নং বাকচলৈ লৈ যায়। তাৰ পিছত আকৌ ডেডলী হ’ল’জত হেৰী,ৰণ আৰু হাৰমাইনীৰ সৈতে গ্ৰীপহুককো বন্দী হিচাপে দেখা যায়। পিছত ডবীয়ে হেৰী,ৰণ আৰু হাৰমাইনীৰ সৈতে গ্ৰীপহুককো ৰক্ষা কৰে আৰু এক সুৰক্ষিত স্থানলৈ লৈ যায়। হেৰীয়ে গ্ৰিংগটছৰ বেলাট্ৰিস্ক লেষ্ট্ৰেঞ্জৰ বাকচৰ পৰা এটা হ’ৰক্ৰাক্স আনিবলৈ গ্ৰীপহুকৰ সহায় বিচাৰে আৰু গ্ৰীফিন্দৰৰ তৰোৱালৰ বিনিময়ত সহায় কৰিবলৈ মান্তি হয়। কিন্তু শেষত সিহঁতক চকুত ধূলি মাৰি তৰোৱালখন লৈ সি পলাই সাৰে। চলচ্চিত্ৰত শেষত আন ধনগুলৈ বোৰৰ লগত তাকো মৃত অৱস্থাত দেখা যায় আৰু গ্ৰীফিন্দৰ তৰোৱালখন হাতৰ পৰা অদৃশ্য হৈ যায়। গ্ৰীপহুকে এই তৰোৱালখন ধনগুলৈবোৰৰ বুলি দাবী কৰিলেও শেষত নেভাইলে কথা কোৱা টুপীটোৰ পৰা তৰোৱালখন উলিয়াই আনে আৰু নাগিনীক বধ কৰে। ফিল’ছ’ফাৰ্ছ ষ্ট’নত ভাৰ্ণ ট্ৰয়াৰ আৰু ডেডলী হ’ল’জত ৱাৰৱিক ডেভিছে গ্ৰীপহুকৰ চৰিত্ৰ ৰূপায়ণ কৰে। হেডৱিগহেডৱিগ হ’ল হেৰী পটাৰৰ পোহনীয়া ফেঁচা যাক ৰুবিয়াছ হেগ্ৰিডে হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্ট’নত হেৰীক এঘাৰ বছৰীয়া জন্মদিনৰ উপহাৰ হিচাপে দিয়ে। হিষ্ট্ৰি অৱ মেজিক কিতাপত এই নামটো পায় হেৰীয়ে ফেঁচাজনীক হেডৱিগ নামটি দিয়ে। গোটেই শৃংখলাটিত হেডৱিগে চিঠি অনা-নিয়া কৰা কাম কৰে আৰু গৰমৰ বন্ধত যেতিয়া হেৰী লগ-বন্ধুবিহীন হৈ ডাৰ্চলীহঁতৰ ঘৰত বন্দী হৈ থকা সময়খিনিত হেৰীক সংগ দিয়ে। সেই সময়ত হেডৱিগেই যাদু বিশ্বৰ লগত হেৰীৰ সংযোগৰ একমাত্ৰ পথ। কিতাপকেইখনত থকা মতে হেডৱিগে হেৰীক পূৰামাত্ৰাই বুজি পায় আৰু হেৰীয়েও হেডৱিগক। পঞ্চম গ্ৰন্থখনত হেডৱিগক ডলৰ্ছ আম্ব্ৰিজে বাধা প্ৰদান কৰোঁতে আঘাতপ্ৰাপ্ত হয় যদিও প্ৰফেছৰ গ্ৰাবলী-প্লাংকে তাইক ঠিক কৰে। সপ্তম গ্ৰন্থখনত এক ডেথ ইটাৰে কৰা আক্ৰমণৰ পৰা হেৰীক বচাবলৈ যাওঁতে হেডৱিগৰ মৃত্যু হয়। ৰাউলিঙৰ মতে হেডৱিগে হেৰীৰ সৰলতাক প্ৰতিনিধিত্বকৰে।[10] যদিও হেডৱিগ এটা মাইকী ফেঁচা, চিনেমাসমূহত এটা মতা ফেঁচাহে দেখুওৱা হয়। জন ৱিলিয়ামছৰ দ্বাৰা নিৰ্দেশিত ‘‘হেডৱিগছ থীম’’ নামৰ সংগীত গোটেই চিত্ৰ শৃংখলাৰ শীৰ্ষ সংগীত হিচাপে ব্যৱহাৰ হয়। হ'কিক্ৰীচাৰনাগিনীপীভছৱিংকিৱিজলী পৰিয়ালৰ পোহনীয়া জীৱহেগৰিডৰ পোহনীয়া জীৱলগত চাওকতথ্য সংগ্ৰহ
|