স্বাভাৱিক সংখ্যা
স্বাভাৱিক সংখ্যাবোৰ বস্তু গণনাৰ বাবে ব্যৱহাৰ কৰা হয়, যেনে "টেবুলত ছটা কলম আছে", তেনে ক্ষেত্ৰত ইয়াক গণনাকাৰী সংখ্যা বুলি কোৱা হয়। "এইখন দেশৰ তৃতীয় বৃহত্তম চহৰ"ৰ দৰে, যিবোৰক ক্ৰমিক সংখ্যা বোলা হয়। স্বাভাৱিক সংখ্যাক নাম হিচাপেও ব্যৱহাৰ কৰা হয়, যেনে ক্ৰীড়া দলৰ জাৰ্চি নম্বৰ, য'ত ই নামমাত্ৰ সংখ্যা হিচাপে কাম কৰে আৰু ইয়াৰ গাণিতিক ধৰ্ম নাথাকে। [3] ■ স্বাভাৱিক সংখ্যাৰ সংহতি (seats) অসীম। ইয়াক ইংৰাজী N আখৰেৰে প্ৰকাশ কৰা হয়। [4] ■ স্বাভাৱিক সংখ্যাৰ সংহতি হ'ল- {১,২,৩,৪,৫,৬,৭,৮,৯,১০,...} গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল ১ [বিঃদ্ৰ] স্বাভাৱিক সংখ্যাৰ সংহতিত শূন্যক অন্তভুৰ্ক্ত কৰাক লৈ মতভেদ আছে। কোনোবাই মাথোঁ ধনাত্মক পূৰ্ণসংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয়; {১,২,৩, ...}। আকৌ কোনোবাই অঋণাত্মক সংখ্যাৰ সংহতি {০,১,২,৩, ...} দি সংজ্ঞা প্ৰদান কৰে। প্ৰথম সংজ্ঞাটো প্ৰাচীনকালৰ পৰাই চলি আহিছে, দ্বিতীয়টো উনিশ শতকত জনপ্ৰিয় হয়। আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিত প্ৰথমটোক প্ৰাধান্য দিয়া হৈছে। গণিত শিক্ষাৰ আৰম্ভণি হয় নিম্নোক্ত পূৰ্ণ সংখ্যাবোৰৰ পৰা:
পৰৱৰ্তীকালত শূন্যৰ অন্তৰ্ভুক্তিৰ দ্বাৰা গণিতৰ জ্ঞান আৰু এধাপ ওপৰলৈ আগবাঢ়িল।
গণিত স্বাভাৱিক সংখ্যৰ দুটা অৰ্থ প্ৰচলিত হৈ আছে। স্বাভাবিক সংখ্যাৰ প্ৰথম গাণিতিক সংজ্ঞা দিছিল গটলব ফ্ৰেগে (ঊনবিংশ শতাব্দীতে) আৰু ইয়াৰ পিছৰজন আছিল বাৰ্ট্ৰাণ্ড ৰাচেল। গণিতৰ প্ৰায়বোৰ প্ৰক্ৰিয়াতে যেনে যোগ, বিয়োগ, পূৰণ, হৰণ আদিত স্বাভাৱিক সংখ্যা ব্য়ৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
|