শোভা দে
শোভা ৰাজাধ্যাক্সা বা শোভা দে (জন্ম ৭ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷[2] তেওঁক প্ৰধানকৈ তেওঁৰ কাহিনীসমূহত অংকণ কৰা সমাজৰ ৰূপ আৰু যৌনতাৰ বাবে জনা যায়৷[3] সাহিত্যিক কৰ্মৰাজিত প্ৰাধান্য পোৱা এই মূল বিষয়-বস্তুৰ বাবে তেওঁক ’ভাৰতৰ জেকি কলিনছ (Jackie Collins of India) বুলিও অভিহিত কৰা হয়৷[4][5][6] শৈশৱশোভা দেৰ জন্ম হয় ১৯৪৮ চনৰ ৭ জানুৱাৰীত মহাৰাষ্ট্ৰৰ আহমেদনগৰত৷[7] তেওঁ শৈশৱৰ বেছিভাগ সময় মুম্বাইৰ গিৰগাওঁ (Girgaon)-ত অতিবাহিত কৰিছিল৷[8] তেওঁ এগৰাকী মডেল ৰূপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷ [9] কৰ্মজীৱনমডেল ৰূপে সফলতা লাভ কৰাৰ পিছত শোভা দেই ১৯৭০ চনত সাংবাদিকৰূপে আত্মপ্ৰকাশ কৰে৷ এইসময়ত তেওঁ ষ্টাৰদাষ্ট, চ’ছাইটি আৰু চেলিব্ৰিটি নামেৰে তিনিখন জনপ্ৰিয় আলোচনীৰ সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷[10][11] ১৯৮০ ৰ দশকত তেওঁ The Times of India কাকতৰ দেওবৰীয়া আলোচনীতো নিয়মীয়াকৈ অৱদান আগবঢ়ায়৷ বৰ্তমান তেওঁ ভালেসংখ্যক কাকত আৰু আলোচনীত নিয়মীয়া লেখিকা৷[12][13][14][15] গ্ৰন্থ
তথ্যউৎস
External links
|