শিগমো
শিগমো বা শিশিৰোৎসৱ (ইংৰাজী: Shigmo) গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান বসন্তোৎসৱ। এই উৎসৱ কোংকণীসকলেও উদযাপন কৰে আৰু হোলী উৎসৱৰ অংশবিশেষ।[1] শিগমো এটা কোংকণী শব্দ। ই প্ৰাকৃত ভাষাৰ ‘সুগিমাহো’ আৰু সংস্কৃত ভাষাৰ ‘সুগ্ৰীস্মক’ শব্দৰ পৰা উদ্ভৱ হৈছে।[2] অতীতত দশেৰাৰ শেষত শক্ৰুৰ সৈতে যুঁজি ঘৰলৈ উভতি অহা যুঁজাৰুসলকৰ সন্মানাৰ্থে উৎসৱ উদযাপন কৰা হৈছিল। অন্যাৰ্থত যুঁজাৰুসকলক আদৰিবলৈ ৰাইজে বিভিন্ন ধৰণৰ লোকনৃত্য, পৌৰাণিক কাহিনীৰ আধাৰত দৃশ্যৰাজি ৰূপায়ণ কৰিছিল।[3] প্ৰকাৰএই উৎসৱ দুটা প্ৰকাৰৰ- ‘ঢাকটো শিগমো’ (Dhakto Shigmo -ক্ষুদ্ৰ শিগমো) আৰু ‘ভাদলো শিগমো’ (Vhadlo Shigmo -বৃহৎ শিগমো)। ঢাকটো শিগম সাধাৰণতে কৃষক, শ্ৰমিক আৰু গাঁওলীয়া লোক সকলে উদযাপন কৰাৰ বিপৰীতে ভাদলো শিগমো বহল পৰিসৰত সকলোৱে একেলগে উদযাপন কৰে।[1] Dhakto Shigmo is generally celebrated by farmers, the labour class and the rural population, while Vhadlo Shigmo is of greater consequence and is celebrated by everyone together.[1] সময়সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে পৰম্পৰাগত গীত-নৃত্য, পৌৰাণিক দৃশ্যৰাজি আদি পৰিবেশন কৰা শিগমো শোভাযাত্ৰাক প্ৰোৎসাহন যোগাইছে। ইফালে গোৱাৰ গ্ৰাম্যাঞ্চলতো ভিন্ন অঞ্চলত ভিন্ন দিনত, পষেক জুৰি শিগমো উদযাপন কৰা হয়। হিন্দু কেলেণ্ডাৰ অনুসৰি ই ফাগুন মাহত অনুষ্ঠিত হয়, যিটো সাধাৰণতে গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি সাধাৰণতে মাৰ্চ মাহত পৰে। ঢাকটো শিগমো গোৱাৰ ‘পুৰণি বিজিত অঞ্চল’ত (অৰ্থাৎ যিটো অঞ্চল ষোল শতিকাতে পৰ্টুগীজসকলৰ উপনিবেশ শাসনৰ অধীন হৈছিল) ফাগুন মাহৰ পূৰ্ণিমাৰ পাঁচদিন পূৰ্বে আৰম্ভ হয় আৰু পূৰ্ণিমাৰ দিনা শেষ হয়। আনহাতে ভাদলো শিগমো বেছিকৈ ‘নতুন বিজিত অঞ্চল’ত (New Conquests areas) ফাগুনৰ পূৰ্ণিমাৰ দিনাৰ পৰা পাঁচদিন ধৰি চলে।[3] উদযাপনশিগমো উৎসৱত মানুহবোৰে ৰংচঙীয়া পোচাক পিন্ধি কৰে। বহুতে মহাৰজা বা সৈনিকৰ পোচাক পিন্ধি হাতত ৰঙচঙীয়া পতাকা বা নকল অস্ত্ৰ-শস্ত্ৰ আদি লৈ শোভাযাত্ৰাত অংশ লয়। বিভিন্ন পৰম্পৰাগত বাদ্য যেনে ঢোল, বাঁহী আদি বজায়। ‘ঘোড়ে মৰ্ণি’, ‘ফুগড়ি’, ‘ৰোম্মাতামেল’ আদি বিভিন্ন পৰম্পৰাগত নৃত্য শিগমোৰ এক অঙ্গ। আধুনিক বা পৌৰাণিক বিষয় আধাৰিত বিশাল প্ৰতিমূৰ্তি তৈয়াৰ কৰে। প্ৰতিযোগিতা পাতি শ্ৰেষ্ঠ পৰিবেশকসকলক পুৰষ্কৃত কৰা হয়। গোৱাৰ এই উৎসৱ তথা শোভাযাত্ৰাই বহু সংখ্যক পৰ্যটকক আকৰ্ষণ কৰে।[3] তথ্য উৎস
|