মৌখিক সাহিত্যমৌখিক সাহিত্য বা লোক-সাহিত্য, প্ৰবাদ বা লোক-উক্তি লিখাৰ পৰিৱৰ্তে কথিত বা মুখে মুখে প্ৰচলিত সাহিত্যৰ এটা ধাৰা, যদিও বহু মৌখিক সাহিত্য লিপিবদ্ধ কৰা হৈছে।[1] ইয়াৰ কোনো মানক সংজ্ঞা নাই, কিয়নো নৃতত্ত্ববিদসকলে মৌখিক সাহিত্য বা লোক-সাহিত্যৰ বাবে বিভিন্ন সময়ত বিভিন্ন বৰ্ণনা ব্যৱহাৰ কৰিছে। বহল ধাৰণাটোৱে ইয়াক মৌখিকভাৱে প্ৰচলিত আৰু কোনো নিৰ্দিষ্ট ৰূপৰ অনুপস্থিতিৰ বৈশিষ্ট্যপূৰ্ণ সাহিত্য বুলি কয়। ইয়াত প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে কথিত ৰূপত পাৰ হৈ যোৱা কাহিনী, কিংবদন্তি আৰু ইতিহাস অন্তৰ্ভুক্ত কৰা হৈছে।[2] অসমীয়া ভাষাতো তেনে ধৰণৰ লোক গীত, সাধুকথা, প্ৰবচন আদিৰ প্ৰচলন আছে। এইবোৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে জন-সমাজত মুখে মুখে গীত,পদ আদিৰ ৰূপত প্ৰচলিত হৈ আছিল আৰু কালক্ৰমত ইয়েই লোক-সাহিত্যৰ ৰূপ লয়।[3] পৃষ্ঠভূমিসংজ্ঞা অনুসৰি, চহা অশিক্ষিত সমাজত কোনো লিখিত সাহিত্য নাই, কিন্তু ইয়াৰ চহকী আৰু বৈচিত্ৰ্যময় মৌখিক পৰম্পৰা—যেনে লোক-মহাকাব্য, লোক-আখ্যান (সাধুকথা আৰু উপকথাকে ধৰি), লোকনাট, প্ৰবাদ আৰু লোকগীত আদিয়ে এক বৃহৎ মৌখিক সাহিত্য গঠন কৰে। আনকি যেতিয়া এইবোৰ লোক-কথাবিদ আৰু পেৰেমিঅ'গ্ৰাফাৰৰ দৰে পণ্ডিতে সংগ্ৰহ কৰি প্ৰকাশ কৰে, তেতিয়াও ইয়াৰ লিখিত ৰূপক সাধাৰণতে "মৌখিক সাহিত্য" বুলিয়ে কোৱা হয়। আধুনিক ডিজিটেল যুগত সাংস্কৃতিক গতিশীলতাৰ বাবে মৌখিক সাহিত্যৰ বিভিন্ন ধাৰাসমূহে পণ্ডিতসকলৰ বাবে শ্ৰেণীবিভাজনৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।[4] শিক্ষিত সমাজে মৌখিক পৰম্পৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰে — বিশেষকৈ পৰিয়ালৰ ভিতৰত (উদাহৰণস্বৰূপে শোৱাৰ সময়ত কোৱা সাধুকথা) বা অনানুষ্ঠানিক সামাজিক আড্ডাত। নগৰীয়া কিংবদন্তিকো মৌখিক সাহিত্যৰ উদাহৰণ বুলি ধৰিব পাৰি, লগতে কৌতুক আৰু মৌখিক কবিতাকে ধৰি স্লেম কবিতা যিটো টেলিভিছনত ৰাছেল ছিমনছৰ ডেফ পয়েট্ৰিত প্ৰচাৰিত হৈ আহিছে; পৰিৱেশন কবিতা হৈছে লিখিত ৰূপক সচেতনভাৱে পৰিহাৰ কৰা কবিতাৰ এটা ধাৰা।[5] মৌখিক সাহিত্যই সাধাৰণতে একোটা সংস্কৃতিৰ অধিক মৌলিক উপাদান গঠনত সহায় কৰে, কিন্তু সাহিত্যত বিচৰাধৰণে বহু প্ৰকাৰে কাম কৰে। উগাণ্ডাৰ পণ্ডিত পিঅ' জিৰিমুৱে অক্সিম'ৰন এৰাই চলাৰ প্ৰয়াসত orature শব্দটোৰ প্ৰৱৰ্তন কৰিছিল যদিও মৌখিক সাহিত্যই শৈক্ষিক আৰু জনপ্ৰিয় লেখা, দুয়োটাতে অধিক ব্যৱহৃত হৈয়ে আছে।[6] ছাইমন গিকাণ্ডিৰ সম্পাদনাত ‘এনচাইক্লোপেডিয়া অৱ আফ্ৰিকান লিটাৰেচাৰ’ (Routledge, 2003) এই সংজ্ঞা দিছে: "orature মানে কথিত শব্দৰ যোগেদি প্ৰেৰণ কৰা কিবা এটা আৰু যিহেতু ই কথিত ভাষাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, সেয়েহে ই কেৱল এটা জীৱন্ত সম্প্ৰদায়তহে জীৱন্ত হৈ উঠে। য'ত সামূহিক জীৱন ম্লান হৈ যায়, তাত মৌখিকতাই নিজৰ কাৰ্য হেৰুৱাই পেলায় আৰু ইয়াক জীৱন্ত সামাজিক পৰিৱেশত মানুহৰ প্ৰয়োজন: ইয়াক নিজৰ জীৱনৰ প্ৰয়োজন।" কিমানি ঞ্জোগু আৰু হাৰ্ভে মাউপেউ (২০০৭)ৰ সম্পাদনাত ছংছ এণ্ড পলিটিক্স ইন ইষ্টাৰ্ন আফ্ৰিকা(২০৪ পৃষ্ঠা)ত উল্লেখ কৰা হৈছে যে এই শব্দটোৰ উদ্ভাৱন কৰা জিৰিমুৱে লোক-সাহিত্যক "উচ্চাৰণক নান্দনিক প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ" বুলি সংজ্ঞায়িত কৰিছে। একহাৰ্ড ব্ৰেইটিংগাৰৰ সম্পাদনাত ডিফাইনিং নিউ ইডিয়মছ এণ্ড অলটাৰনেটিভ ফৰ্মছ অৱ এক্সপ্ৰেছন নামৰ গ্ৰন্থখনৰ মতে (ৰ'ড'পি, ১৯৯৬, পৃষ্ঠা ৭৮):"ইয়াৰ অৰ্থ হ'ল যে, যিকোনো মৌখিক সমাজে কথিত শব্দটোক অন্ততঃ কিছু সময়ৰ বাবে স্থায়ী কৰি তুলিবলৈ উপায় গঢ়ি তুলিব লাগিছিল, আমি লোক-সাহিত্যৰ সকলো ধাৰাকে লোককথাৰ সমজাতীয় জটিলতাৰ অন্তৰ্গত বুলি গণ্য কৰাৰ প্ৰৱণতা ৰাখোঁ।" (This means that any 'oral society' had to develop means to make the spoken word last, at least for a while. We tend to regard all the genres of orature as belonging to the homogeneous complex of folklore.) জিৰিমুৰ লোক-সাহিত্যৰ ধাৰণাটোৰ ওপৰত নিৰ্ভৰ কৰি ম্বুবে ন্ৱি-আকিৰীয়ে ব্যাখ্যা কৰিছিল যে, পশ্চিমীয়া তত্ত্বসমূহে মৌখিক সাহিত্য বিশেষকৈ আফ্ৰিকাৰ দৰে অঞ্চলৰ থলুৱা সাহিত্যক ফলপ্ৰসূভাৱে ধৰি ৰাখিব নোৱাৰে আৰু ব্যাখ্যা কৰিব নোৱাৰে। কাৰণ এই ঠাইবোৰত মৌখিক পৰম্পৰাৰ এনে কিছুমান উপাদান আছে, যিবোৰ কেৱল শব্দই ধৰিব নোৱাৰে, যেনে ইংগিতৰ অস্তিত্ব, নৃত্য আৰু গল্পকাৰ আৰু দৰ্শকৰ মাজৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ।[7] ন্ৱি-আকিৰীৰ মতে মৌখিক সাহিত্য কেৱল আখ্যান নহয়, ই এক পৰিৱেশন কলাও। মৌখিক সাহিত্যৰ ইতিহাসমৌখিক পৰম্পৰাক জোৰদাৰ মৌখিক পৰিবহণ পদ্ধতি থকা সমাজত মৌখিক সাহিত্য আৰু অত্যাধুনিক লেখাকে ধৰি যিকোনো লিখিত সাহিত্য দুয়োটাকে সামৰি লোৱা এটা সাধাৰণ শব্দ হিচাপে দেখা যায়; লগতে সম্ভাৱনাপূৰ্ণভাৱে এই ৰূপসমূহৰ সৈতে ক্ৰিয়া কৰিব পৰা দৃশ্য আৰু পৰিৱেশন কলা হিচাপে ইয়াৰ প্ৰকাশ বৃদ্ধি কৰে, বা অতিৰিক্ত প্ৰকাশভংগী মাধ্যম আগবঢ়ায়। এইদৰে আনকি য'ত স্থানীয় ভাষাৰ কোনো বাক্যাংশ ব্যৱহাৰ কৰা হোৱা নাই, যিয়ে "মৌখিক সাহিত্য"ৰ সঠিক অনুবাদ কৰে, আজিৰ তাৰিখত বুজাৰ দৰে "মৌখিক সাহিত্য"ক যিয়ে গঠন কৰে, সেইটোৱেই ইতিমধ্যে বুজা যায় যে ই সেই লোক মাধ্যমৰ অংশ বা সকলো, যাৰ সহায়ত এখন সমাজৰ সদস্যসকলৰ মাজত মৌখিকভাৱে সমাজৰ গভীৰ আৰু সাধাৰণ সাংস্কৃতিক কাম-কাজ চলায়। এই অৰ্থত মৌখিক জ্ঞান হৈছে ভাষাভিত্তিক মানৱ সমাজৰ আৰম্ভণিৰ পৰাই মৌখিক ৰূপৰ জ্ঞান আৰু সংস্কৃতিৰ বুকুত প্ৰাচীন কাহিনীযুক্ত যোগাযোগ আৰু এজনৰ পৰা আনজনলৈ যোৱাৰ বাবে স্বাভাৱিক এক প্ৰাচীন প্ৰথা আৰু ধাৰণা, আৰু এইদৰে বুজা ‘মৌখিক সাহিত্য’ক অনুমাণিকভাৱে স্বীকৃতি দিয়া হৈছিল চিত্ৰকলা আৰু লিখাকে ধৰি অ-মৌখিক মাধ্যমত ইতিহাস লিপিৱদ্ধ কৰাৰ আগতে। ১৯ শতিকাৰ পূৰ্বসূৰীৰ পিছত হেক্টৰ মুনৰো চেডউইক আৰু নোৰা কেৰশ্ব' চেডউইকে "সাহিত্যৰ বৃদ্ধি" (১৯৩২–৪০)ৰ ওপৰত কৰা তুলনামূলক কামত মৌখিক সাহিত্যক ধাৰণা হিচাপে অধিক ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। ১৯৬০ চনত এলবাৰ্ট বি লৰ্ডে দ্য চিংগাৰ অৱ টেলছ প্ৰকাশ কৰে, যিয়ে প্ৰাচীন আৰু পিছৰ উভয় গ্ৰন্থৰ তৰলতা আৰু ৰচনা-অনুষ্ঠানৰ সময়ত ব্যৱহৃত "মৌখিক-সূত্ৰ" নীতিসমূহ প্ৰভাৱশালীভাৱে পৰীক্ষা কৰে, বিশেষকৈ সমসাময়িক পূব ইউৰোপীয় বাৰ্ডসকলে দীঘলীয়া পৰম্পৰাগত আখ্যানসমূহ সম্পৰ্কিত কৰে। ১৯৭০ চনৰ পৰা "মৌখিক সাহিত্য" শব্দটো সাহিত্য পণ্ডিত আৰু নৃতত্ত্ববিদ উভয়ৰে ৰচনাত প্ৰকাশ পায়: ফিনেগান (১৯৭০, ১৯৭৭), গ'ৰ'গ-কাৰাডি (১৯৭৬),[8] বাউমান (১৯৮৬), বিশ্ব মৌখিক সাহিত্য প্ৰকল্পত আৰু Cahiers de Litterature Orale আলোচনীৰ প্ৰবন্ধত।[9] মৌখিক সাহিত্যৰ ভাগলগতে চাওক; তথ্যসূত্ৰ
|