মুকেশ খান্না
মুকেশ খান্না (ইংৰাজী: Mukesh Khanna; জন্ম: ২৩ জুন, ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা যিয়ে জনপ্ৰিয় দূৰদৰ্শনৰ টেলিভিচন ধাৰাবাহিক শক্তিমানৰ চৰিত্ৰত আৰু বি.আৰ.চোপ্ৰাৰ মহাভাৰতত ভীষ্ম পিতামহৰ চৰিত্ৰৰ বাবে পৰিচিত। তেওঁ চিলড্ৰেনচ্ ফিল্ম চচাইটি ইণ্ডিয়াৰ চেয়াৰমেন আছিল যিয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰীত পদত্যাগ কৰে।[2][3][4][5] তেওঁ এমকে ফিল্মচ্ (MK Films) ৰ পৰিচালক আৰু প্ৰতিষ্ঠাতা।[6] জন্ম পৰিচয়১৯৫৮ চনৰ ২৩ জুন তাৰিখে[1] মুকেশ খান্নাৰ জন্ম হয় মহাৰাষ্ট্ৰৰ মুম্বাইত। তেওঁৰ ভাতৃ বেদ খান্না আছিল এগৰাকী অভিনেতা আৰু প্ৰযোজক যাৰ ২০১৮ চনত মৃত্যু হয়। কেৰিয়াৰমুকেশ খান্নাই ভাৰতৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত থাকি স্নাতক হৈ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। তেওঁ সহকৰ্মী ভাৰতীয় অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু শক্তি কাপুৰৰ সৈতে বিদ্যালয়ত যোগ দিছিল।[7] তেওঁ খ্যাতি অৰ্জন তথা বেচি পৰিচিত হৈছে মূলতঃ বি.আৰ. চোপ্ৰাৰ মহাকাব্য টেলিভিচনৰ ধাৰাবাহিক মহাভাৰতত ভীষ্ম পিতামাহৰ অভিনয় কৰি। ১৯৯৭ চনৰ পৰা ২০০৫ চন পৰ্যন্ত খান্নাই তেওঁৰ নিজৰ প্ৰডাকচন হাউচ 'ভীষ্ম ইণ্টাৰনেচনেল' প্ৰযোজিত চুপাৰহিৰ’ ধাৰাবাহিক 'শক্তিমান' ধাৰাবাহিকত নায়ক চৰিত্ৰত অভিনয় কৰিছিল। শ্ব’টো ডেকা- বৃদ্ধ সকলোৰে প্ৰিয় আছিল।[8] খান্নাই টেলিভিচন ধাৰাবাহিক আৰ্যমানত কাম কৰিছিল- 'ব্ৰহ্মাণ্ড কা যোদ্ধা' একেই নামৰ চৰিত্ৰত। হেৰা ফেৰি ছবিত পুলিশ পৰিদৰ্শক হিচাপে চিত্ৰিত কৰাৰ দৰে খান্নাই বহু টেলিভিচনত প্ৰযোজনা আৰু চলচ্চিত্ৰৰ কাম কৰিছিল। তেওঁ টেলিভিচন ধাৰাবাহিক ৱাক্ত বাতায়েগাতো কাম কৰিছিল। তাহলকা আৰু 'ইণ্টাৰনেচনেল খেলাড়ী'ৰ দৰে ছবিতো তেওঁ অভিনয় কৰিছিল। তেওঁ 'বাৰচাত' চলচ্চিত্ৰত ববি দেউলৰ চৰিত্ৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। এক্তা কাপুৰৰ কাহিনী 'হামাৰে মহাভাৰত কী'ত খান্নাক শান্তনুৰ ভূমিকাত অফাৰ কৰিছিল যদিও তাক তেওঁ প্ৰত্যাখ্যান কৰিছিল। তেওঁ সংবাদ মাধ্যমত জনাইছিল যে, এক্তাৰ মহাভাৰত এখন ফ্লপ হোৱাৰ ব্যাপক নিশ্চিত, কাৰণ তেওঁ বিআৰ চোপ্ৰাৰ মহাভাৰতত অভিনয় কৰিছিল; এওঁৰ মহাভাৰতত “মডেল” আছে।[9] তেওঁ অভিনিত জীৱনত বহুতো টেলিভিচন ধাৰাবাহিকত অভিনয় কৰিছিল যেনে- 'বাহাদুৰ শাহ জাফৰ' (১৯৮৬), 'মহাভাৰত' (১৯৮৮ টিভি চিৰিজ), 'যুগ' (টিভি চিৰিজ), 'চন্দ্ৰকান্ত' (টিভি চিৰিজ), 'মহাযুদ্ধ', 'বিৰাট', 'শক্তিমান' (১৯৯৭), 'আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা' (২০০২) আদিৰ লগতে তেওঁ বহুতো বাণিজ্যিকভাৱে সফল ছবিটো অভিনয় কৰিছে যেনে- 'সদাগৰ' (১৯৯১), 'য়ালগাৰ' (১৯৯২), 'সৌগন্ধ, তাহলকা' (১৯৯২), 'শক্তিমান' (১৯৯৩), 'মে খিলাড়ী তু আনাৰী' (১৯৯৪), 'বাৰষাত' (১৯৯৫), 'ৰাজা' (১৯৯৫), 'পুলিচৱালা গুণ্ডা' (১৯৯৫), 'বীৰ' (১৯৯৫), 'হিম্মত' (১৯৯৬), 'মৈদান-ই-জং' (১৯৯৫), 'জাজ মুজৰিম' (১৯৯৭), 'হেৰা ফেৰী' (২০০০) আৰু প্লান (২০০৪)। অন্যান্য কৰ্মৰাজি২০০৭ চনত, খান্না সৰকাৰ দ্বাৰা অনুদানপ্ৰাপ্ত এটি শিশু বিকাশ প্ৰকল্পত অংশ অংশগ্ৰহণ কৰিছিল, শক্তিমান, যি অপুষ্টি প্ৰতিৰোধ, শিশু-মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস, ছোৱালী সন্তানৰ এনিমিয়া আৰু স্বাস্থ্য সচেতনতাৰ প্ৰতি লক্ষ্য কৰিছিল।[10] খান্নাই জয়পুৰ, আগ্ৰা আৰু বিহাৰত অভিনয় বিদ্যালয়ৰ পৰিচালনা কৰে,[7] লগতে তেওঁ তেনে বিদ্যালয় আৰু খোলাৰ কথা কয়। তেওঁ তিনি মাহৰ অভিনয় কোৰ্চৰ বাবে তেওঁৰ প্ৰাক্তন অভিনয় স্কুল, ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ সৈতে যুটীয়া কৰে।[11] মুকেশ খান্নাই তেওঁৰ কোম্পানী ভীষ্ম ইণ্টাৰনেশ্যনেল নামেৰে এটি ইউটিউব চিনেলো পৰিচালনা কৰে।[12] চলচ্চিত্ৰপুঞ্জীটেলিভিচন
চলচ্চিত্ৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|