মালৱী ভাষা
মালৱী (माळवी भाषा) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ মালৱা অঞ্চলত ব্যৱহাৰ কৰা হয়। ই নিমাড়ীৰ সৈতে সামঞ্জস্য ৰাখে, যি মধ্য প্ৰদেশৰ নিমাড় অঞ্চলত ব্যৱহাৰ কৰা হয়। উপভাষামালৱীৰ উপভাষা হ'ল: উজ্জৈনী (যি উজ্জৈন, ধৰ, ইন্দৌৰ, দেৱস, শজপুৰ আৰু চেহোৰ জিলাত কোৱা হয়), ৰজৱাড়ী (যি ৰতলাম, মন্দসৌৰ আৰু নীমুচ জিলাত কোৱা হয়), উপঠৱাড়ী (যি ৰাজগঢ় জিলাত কোৱা হয়) আৰু সোন্ধৱাড়ী (যি ঝলাৱৰ জিলাত কোৱা হয়)।[2] উজ্জৈনী উপভাষা সন্মানৰ উপভাষা, আৰু মালৱীক কোনো কোনোৱে উজ্জৈনী নামেৰেও অভিহিত কৰে। বেতুল আৰু ছিন্দৱালা জিলাত মালৱী আৰু ভোয়াৰীৰ মিশ্ৰ ভাষা কোৱা হয়।[3] পৰিসংখ্যা৫৪ লাখ লোকে মালৱী ভাষা কয়।[4] তাৰেই ৭৫% মালৱী ভাষী লোকে সহজে হিন্দী ভাষাত কথা ক'ব পাৰে, যি মধ্য প্ৰদেশৰ আনুষ্ঠানিক ভাষা। মালৱী ভাষী লোকৰ মাজত হিন্দী বা অন্য দ্বিতীয় ভাষাৰ সাক্ষৰতাৰ হাত প্ৰায় ৪০%। মালৱীত অনেক অপ্ৰকাশিত সাহিত্য কৰ্ম আছে। তথ্য সংগ্ৰহ
|