মালবিকা বৰা
প্ৰাৰম্ভিক জীৱনমালবিকা বৰাৰ শৈশৱকাল গোলাঘাট চহৰত পাৰ হয়। তেওঁৰ পিতৃ আছিল আইনজীৱি আৰু পৌৰসভাৰ চেয়াৰমেন। তেওঁ নাটকত অভিনয় কৰাৰ বাবেও জনাজাত আছিল। স্কুলীয়া দিনৰ পৰা বৰাই গীত গাইছিল আৰু মইনা পাৰিজাতৰ পৰা গীত গাই পুৰস্কাৰো লাভ কৰিছিল। তেওঁ সত্ৰীয়া নৃত্য আৰু ভাৰত নাট্যমৰ শিক্ষাও গ্ৰহণ কৰিছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়ব্ৰত বৰাও আছিল এগৰাকী সংগীত শিল্পী।[1] সংগীতৰ কেৰিয়াৰ১৯৭১ চনত মালবিকা বৰা দশম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰণবিৰাম বৰুৱাই তেওঁৰ কণ্ঠ শুনি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ এক ৰেকৰ্ডত গীত গাবলৈ প্ৰস্তাৱ দিয়ে। এই ৰেকৰ্ডখনত তেওঁ 'শাৰদী সন্ধিয়াৰ জোনাকী মেল' শীৰ্ষক গীত গায়।[1] ১৮ বছৰ বয়সত তেওঁ অনাতাঁৰ শিল্পী হ'বৰ বাবে অ'ডিছন দিয়ে আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে নিৰ্বাচিত হয়। পিছলৈ তেওঁ সুৰেন ৰয়ৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। বিয়াৰ পিছত গুৱাহাটীলৈ আহি তেওঁ হীৰেণ শৰ্মাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰে। ১৯৭৮ চনত 'ফাগুনী' বোলছবিত তেওঁ কণ্ঠদান কৰে। এইখন তেওঁ কণ্ঠদান কৰা প্ৰথম কথাছবি। ইয়াত তেওঁ 'মইনা চৰাইটি', 'বিচাৰিলোঁ সোণৰ খনি' আৰু 'পিতাইটি ঐ' শীৰ্ষক গীতত কণ্ঠদান কৰে। ইয়াৰ পিছত তেওঁ 'বোৱাৰী', 'মা', 'প্ৰতিশোধ', 'অহিৰ ভৈৰৱ', 'হিয়া দিয়া নিয়া' আদি চলচ্চিত্ৰৰ কেইবাটাও গীতত কণ্ঠ নিগৰায়। ব্যক্তিগত জীৱনমালবিকা বৰাৰ বিবাহ প্ৰবীণ কুমাৰ বৰাৰ সৈতে সম্পন্ন হয়। তথ্য সংগ্ৰহ
|