মায়া ৰাও
মায়া ৰাও (ইংৰাজী: Maya Rao; ২ মে' ১৯২৮ – ১ ছেপ্টেম্বৰ ২০১৪) আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু কথক নৃত্যৰ প্ৰশিক্ষক। কথকৰ নৃত্য-পৰিচালনা বা কৰিঅ'গ্ৰাফীৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অমূল্য বৰঙনিৰ বাবে তেখেত জনাজাত। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে ডেন্স বেলেট।[1] উত্তৰ-ভাৰতীয় নৃত্যশৈলী 'কথক'ক দক্ষিণ ভাৰতলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত মায়া ৰাওৰ অৱদান অগ্ৰগণ্য। এইক্ষেত্ৰত সততে নাম উচ্চাৰিত হয় তেখেতে আৰম্ভ কৰা নৃত্য বিদ্যালয়খন। বিদ্যালয়খনৰ নাম হৈছে "নাট্য ইনষ্টিটিউট অৱ কথক এণ্ড কৰিঅ'গ্ৰাফী"। বাংগালোৰৰ মালেশ্বৰমত থকা এইখনি নৃত্যানুষ্ঠান তেখেতে ১৯৮৭ চনত প্ৰতিষ্ঠা কৰিছিল।[2][3] "নাট্য এণ্ড ষ্টেম ড্যান্স কোম্পানী" নামৰ নৃত্য-কোম্পানীটোৰোত তেখেত হৈছে প্ৰতিষ্ঠাপক অধ্যক্ষ।[4][5] জয়পুৰ ঘৰানাৰ গুৰু সোহনলাল আৰু সুন্দৰ প্ৰসাদৰ অধীনত মায়া ৰাওৱে প্ৰাৰম্ভিক নৃত্য শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেতে দিল্লীত থকা নেশ্যনেল ইনষ্টিটিউট অৱ কথক ড্যান্স (লক্ষ্ণৌ ঘৰানা)ৰ গুৰু শম্ভু মহাৰাজৰ অধীনত প্ৰশিক্ষণ লয়। ১৯৮৯ চনত মায়া ৰাওক সংগীত নাটক একাডেমীয়ে সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। ২০১১ চনত একাডেমীয়ে তেখেতেক সংগীত নাটক একাডেমী ঠাকুৰ ৰত্ন সন্মানেৰে বিভূষিত কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মশতবাৰ্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ এশগৰাকী শিল্পী-কুশলীক তেওঁলোকৰ অৱদানৰ স্বীকৃতিস্বৰূপে উক্ত বঁটা প্ৰদান কৰা হৈছিল।[6][7] শিক্ষা আৰু প্ৰাৰম্ভিক জীৱনবাংগালোৰৰ মালেশ্বৰম মায়া ৰাওৱে জন্মগ্ৰহণ কৰে। এটা ৰক্ষণশীল কোংকনী ব্ৰাহ্মণ পৰিয়ালত মায়া ৰাওৱে জন্মলাভ কৰিছিল। পিতৃ আছিল প্ৰতিষ্ঠিত স্থপতিবিদ হাতাংগৰী সঞ্জীৱ ৰাও। মাতৃ আছিল সুভদ্ৰা ৰাও। মায়া ৰাওৰ তিনিজন ভ্ৰাতৃ আৰু তিনিজনী ভগ্নী আছিল। জীৱনৰ প্ৰাৰম্ভিক সময়তেই মায়া ৰাওৱে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকে। ৰামা ৰাওৰ পৰা তেখেতে ডিলৰুবা নামৰ বাদ্যটোও বজাবলৈ শিকে। ৰক্ষণশীল পৰিয়ালৰ এজনী কন্যা সন্তানৰ বাবে সেইধৰণৰ কলা-শিক্ষা লোৱাটো সেইসময়ত প্ৰায় নিষিদ্ধৰ দৰেই আছিল। ১২ বছৰ বয়সত মায়া ৰাওৱে তেখেতৰ পিতৃৰ লগত উদয় শংকৰৰ দলটোৱে বাংগালোৰৰ বিআৰভি প্ৰেক্ষাগৃহত পৰিৱেশন কৰা এটা নৃত্যানুষ্ঠান উপভোগ কৰে। এইটো অনুষ্ঠান চাই উঠি পিতৃ অতিশয় অভিভূত হৈ পৰে আৰু নিজৰ জীয়েকহঁতকো নৃত্য শিকাবলৈ মন বান্ধে।[8][9] তেখেতৰ গুৰু পণ্ডিত ৰামাৰাও নাইক আছিল উস্তাদ ফৈয়জ খানৰ শিষ্য আৰু আগ্ৰা ঘাড়ানাৰ কণ্ঠশিল্পী।[10] বাংগালোৰৰ বেনছন টাউনত তেখেতৰ এখন সংগীত আৰু নৃত্যৰ বিদ্যালয় আছিল, য'ত বিভিন্ন সংগীত আৰু নৃত্যশৈলীৰ প্ৰশিক্ষণ দিয়া হৈছিল। জয়পুৰ ঘৰানাৰ সোহন লাল আছিল কথক বিভাগৰ তত্ত্বাৱধায়ক।[11] এখেতৰ অধীনতেই মায়াৰ ছয়বছৰীয়া আৰু চাৰিবছৰীয়া ভগ্নীসকলে কথক শিকিবলৈ আৰম্ভ কৰে। কিন্তু জ্যেষ্ঠা ভগ্নী মায়াৰ বয়স বেছি হোৱাৰ বাবে (১২ বছৰ) তেেখেতক কথকৰ প্ৰশিক্ষণ দিয়া নহ'ল। অৱশেষত ১৯৪২ চনত পিতৃয়ে মায়াক কথক প্ৰশিক্ষণৰ বাবে সন্মতি দিয়ে। কিন্তু জীয়েকৰ পৰা মঞ্চত নৃত্য পৰিৱেশনৰ নকৰাৰ প্ৰতিশ্ৰুতিটোও গ্ৰহণ কৰে। অৱশ্যে দুবছৰৰ পিছত যেতিয়া মায়াই বাংগালোৰ টাউন হলত সাৰস্বত সমাজৰ বাবে এটি নৃত্যানুষ্ঠান পৰিৱেশন কৰিলে, তেতিয়া পিতৃয়ে কোনোধৰণৰ প্ৰতিবাদ নকৰিলে।[8][9][11] পঢ়াশলীয়া শিক্ষাৰ সমাপ্তিৰ পিছত তেখেতে কলা শাখাত নামভৰ্তি কৰে। ১৯৪৫ চত বাংগালোৰত থকা চেণ্ট্ৰেল কলেজৰ পৰা তেখেতে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।[9] তাৰ পিছত মায়া ৰাওৱে বাংগালোৰৰে মহাৰাণী কলেজত নামভৰ্তি কৰে। ইয়াত তেখেতে নৃত্য আৰু নৃত্যনাটিকাৰ এটি বিশেষ ক্লাৱ আৰম্ভ কৰে।[12] ইয়াৰ যোগেদিয়েই মায়া ৰাওৱে তেখেতৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ নৃত্যানুষ্ঠান সীতা হৰণ (১৯৪৭) পৰিৱেশন কৰে। মহাৰাণী কলেজৰ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে এইটো অনুষ্ঠান পৰিৱেশন কৰা হৈছিল। ১৯৪৬ চনত তেখেতৰ পিতৃৰ মৃত্য হয়। তেওঁলোকৰ পৈতৃক গৃহটো এবছৰৰ ভিতৰতে নিলামত বিক্ৰী হয় আৰু তেওঁলোকৰ একোঠলীয়া ঘৰ এটালৈ স্থানান্তৰিত হয়। ভ্ৰাতৃ মনোহৰৰ সৈতে মায়া ৰাওৱে ঘৰ চম্ভালিবলৈ প্ৰয়াস কৰে। পৰিয়ালটোৰ প্ৰতিপালনৰ বাবে তেখেতে ১৭ বছৰ বয়সত নৃত্য শিকাবলৈ আৰম্ভ কৰে।[8][9][11] তথ্যসংগ্ৰহ
|