মহাসু পাহাড়ীমহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষাক মহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়। এই দুই জিলা পূৰ্বৰ মহাসু জিলাৰ অংগ আছিল। ১৯৭২ চনতহে এই জিলা ভংগ কৰি দুই নতুন জিলা স্বীকৃত হৈছিল।
লিপিএই ভাষাৰ নিজা লিপি টাকৰী। পিচে যদিও টাকৰী আৰু নাস্তালিক লিপিত এই ভাষা লিখাৰ কিছু কিছু নথি আছে, বৰ্তমানে প্ৰায় এই ভাষা দেৱনাগৰী লিপিত লিখা হয়। স্থিতিএই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক সাধাৰণতে হিন্দী ভাষাৰ উপ-ভাষা হিচাপেহে নথিভুক্ত কৰা হয়।[4] ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে বিপুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, কাৰণ মহাসূঈ শিশুৱে এই ভাষা মাতৃভাষা হিচাপে প্ৰায় নিশিকা হৈছে।[5] পূৰ্বতে মহাসূঈক ৰাজ্যিক সাহায্য প্ৰদান কৰা হৈছিল। কিন্তু ভাৰতৰ স্বাধীনতাৰ পাছত চৰকাৰে হিন্দী ভাষাকহে প্ৰাধান্য দি আহিছে। ২০১০ চনত ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী হিমাচল প্ৰদেশৰ বিধান সভাত তুলা হৈছিল, যিয়ে কেইবাটাও হিমাচলী পাহাড়ী ভাষাক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য আগত ৰখা হৈছিল।[6] কিন্তু তাৰ পাছত এই বিষয়ত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষিত কৰিবলৈ যত্ন কৰি আহিছে।[7] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|